পৰচর্চাঃ সমাজৰ পৰা সামাজিক মাধ্যমলৈ…

0 130

বিমল বৰগোহাঁই

আমাৰ অসমীয়া অভিধানত “পৰচর্চা” বা পৰনিন্দাৰ বিষয়ে উল্লেখ আছে যে আনৰ দোষ-দুৰ্বলতাবোৰৰ বিষয়ে তেওঁৰ অনুপস্থিত আলোচনা কৰা। এই পৰচর্চাত পুৰুষ-মহিলা উভয়ে লিপ্ত হোৱা দেখা যায়। কিন্তু মোৰ মতে, পৰচর্চা মানেই যে অকল কাৰোবাৰ বিষয়ে বেয়াকৈ চর্চা কৰা অথবা কাৰোবাৰ বেয়া দোষ, গুণবোৰ খুচুৰি আনৰ দৃষ্টিত সেই মানুহজন বা মানুহগৰাকীক হেয় প্ৰতিপন্ন কৰিবলৈ বিচৰা নুবুজায়। কেতিয়াবা কেতিয়াবা ভাল বিষয় বস্তুৰ ওপৰতও চৰ্চা হোৱা দেখা যায় বা কাৰোবাৰ বিষয়ে প্ৰশংসা কৰা দেখা যায়। কিন্তু, যদিয়ে চৰ্চাৰ বিষয়টো এটা ইতিবাচক বিষয় হয়, তেন্তে সেয়া সকলোৰে বাবে গ্ৰহণযোগ্যতা থাকে। গতিকে, তাৰ ওপৰত চৰ্চা হোৱাটো খুব ভাল কথা বা প্ৰয়োজনীয়। যিহেতু এনে চৰ্চাই আন দহ জন মানুহক কিছুমান ভাল কামৰ প্ৰতি অনুপ্ৰাণিত কৰিবলৈ প্ৰেৰণা যোগায়। কিন্তু, পৰচর্চাই যদিহে আনৰ অপকাৰ বা অহিত বা অমংগলৰ কথাই স্থান পায়, তেন্তে তেনে চৰ্চাৰ পৰা আঁতৰি থকাই জ্ঞানী লোকৰ কাম অথবা তেনে আলোচনাত মৌন হৈ থকা শ্ৰেয় বুলি মই বিবেচনা কৰোঁ। আমাৰ সমাজত নিজকে জ্ঞানী আৰু সকলো জনা বুলি ভবা এনে এচাম মানুহ আছে যি সকলে সদায় নিজকে মানুহৰ আগত ভালৰি বোলাবলৈ চেষ্টা কৰি আনৰ দোষ-গুণবোৰ কুকুৰাই খুচুৰাৰ দৰে খুচৰি ফুৰি এক আসুৰিক আনন্দ লাভ কৰে। তেওঁলোকৰ মতে, তেওঁলোকে কোৱা প্ৰতিটো কথাই শুদ্ধ বা সঁচা, আনৰ বোৰহে মিছা। এনে লোকে কেতিয়াও আত্মবিশ্লেষণ কৰিব নিবিচাৰে নিজকে সংশোধন কৰিব নিবিচাৰে। কেতিয়াবা কেতিয়াবা এইসকল লোকে পৃথিৱীখনকে সলনি কৰিব বিচাৰে, কিন্তু নিজে কেতিয়াও সলনি হবলৈ চেষ্টা নকৰে। এই ক্ষেত্ৰত Leo Tolstoy য়ে কৰা এটা উক্তিটোৱে ওপৰোক্ত কথাখিনিৰ বিশেষ তাৎপৰ্যপূৰ্ণ বহন কৰিছে। তেখেতে কৈছিল,”Everyone thinks of changing the world, but no one thinks of changing himself” মই যেতিয়া মাধ্যমিক শ্ৰেণীত পঢ়ি আছিলো, তেতিয়া প্ৰায়েই আমাৰ গাঁৱৰ বৰমাহঁতৰ (আমাৰ ঘৰখনো একেটা সীমাতেই আছিল) ঘৰলৈ গাঁৱৰ দুগৰাকীমান জ্যেষ্ঠ মহিলা সময়ে-অসময়ে প্ৰায়েই আহিছিল। বৰমাহঁতৰ ঘৰত ঘন্টা ঘন্টা বহি চাহ-তামোল খাই গোটেই গাঁওখনৰ মানুহৰ চৰ্চা আৰম্ভ কৰিছিল। মিছা আৰু ৰহন লগাই কোৱা কথাবোৰৰ শুনি শুনি এনে লাগিছিল যেন আনৰ বেয়াটো চর্চা কৰাৰ বাহিৰে তেওঁলোকৰ আন কোনো কাম নাছিল। অকল ইঘৰ-সিঘৰত চাহ-তামোল খাই মানুহৰ বদনাম কৰি ফুৰিছিল। মই সেইসময়ত যদিও সৰু আছিলো, তথাপি তেওঁলোকক তেনে চর্চা নকৰিবলৈ সকীয়াই দিছিলোঁ। এনেবোৰ চৰ্চাৰ ফলত গাঁৱৰ মানুহৰ মাজত ভুল বুজাবুজিৰ হৈ অনাহকতে কাজিয়াৰ সৃষ্টি হৈছিল। এক কথাত কবলৈ গলে সেই মহিলা কেইগৰাকীমানৰ বাবেই আমাৰ গাওঁখনৰ পৰিৱেশ বিনষ্ট হৈছিল। উল্লেখযোগ্য যে এইচাম লোকে কেতিয়াও নিজৰ ভুলটো স্বীকাৰ কৰিবলৈ নিবিচাৰে। এইখিনিতে উল্লেখ কৰিব বিচাৰিছো যে মই নিজেও বহু নিন্দা আৰু পৰচর্চা শুনি শুনি জীৱনৰ ৫৩ টা বছৰ ইতিমধ্যেই পাৰ কৰিছোঁ। যত তেনেবোৰ কথাৰ কোনো সত্যতাই নাই। কিন্ত, সেইবোৰ শুনি মই কেতিয়াও দুৰ্বল হৈ পৰা নাই। এইক্ষেত্ৰত মই নোবেল বঁটা প্ৰাপ্ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা মহামন্ত্ৰক খুব বিশ্বাস কৰোঁ। তেওঁৰ মহামন্ত্ৰটো হল, “নিন্দাই কেৱল দুৰ্বলকহে ধ্বংস কৰিব পাৰে; কিন্তু সি সবলক কৰি তোলে বেছি শক্তিশালী।” আমাৰ শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰেও “চিন্তা-তৰঙ্গ” গ্ৰন্থখনত এই বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰিছে। এতিয়া অৱশ্যে সময় পৰিৱৰ্তন হল। প্ৰযুক্তিৰ উন্নতি হৈ আজিকালি কি মহিলা, কি পুৰুষ, সকলোৰে হাতে হাতে দামী দামী এন্দ্ৰইড/স্মাৰ্ট ফোন হল, ঘৰে ঘৰে ডিছ টিভি হল। কি চহৰ, কি গাওঁ, আজিকালি সকলো ঠাইতেই facebook, whatsapp, twiter আদি উপলব্ধ হল। ভাবিছিলো, এই নতুন নতুন সামাজিক যোগাযোগ মাধ্যমবোৰ আর্ৱিভাবৰ ফলত আমাৰ সমাজৰ মানুহবোৰে ন ন কথাৰে নিজৰ জ্ঞান বৃদ্ধি কৰিব পাৰিব, বহু নজনা কথা শিকি আমাৰ সমাজখনলৈ সংস্কাৰ আনিব। সাহিত্য-সংস্কৃতিৰ ন ন সৃষ্টিত অৰিহণা যোগাব। কু-সংস্কাৰ, অন্ধবিশ্বাস আদিৰ বিৰুদ্ধে একত্ৰিত হৈ এখন সুস্থ আৰু সবল সমাজ গঠনত আগ ভাগ লবলৈ ওলাই আহিব। কিন্তু, কেতিয়াবা কেতিয়াবা আমাৰ এই চিন্তাধাৰা বোৰ ভুল বুলি প্ৰমাণিত হয়, যেতিয়া বর্তমান সময়তো তথাকথিত এচাম মানুহে আমাৰ সমাজত পৰচর্চা, পৰনিন্দা, কু-সংস্কাৰ আদিৰ আশ্ৰয় লৈ আমাৰ সমাজখনক দ্বিখণ্ডিত কৰিব বিচাৰে। এটা কথা ভাবিলে ভাল লাগে যে প্ৰযুক্তিৰ উন্নয়নে পৃথিৱীখনক একেবাৰে ওচৰ চপাই আনিলে। কিন্তু, ঠিক একেসময়তে দুখ লাগে যে আমাৰ ঠেক মানসিকতাৰ বাবেই আমাৰ ঘৰৰ জেওৰাৰ সিপাৰে থকা মানুহৰ মাজত এক দূৰত্ব বাঢ়ি গৈ আছে। ইয়াৰ মূলতে হল কিছুমান অলাগতিয়াল চর্চাই আমাৰ ইজন-সিজনৰ প্ৰতি থকা বিশ্বাস আৰু সম্পৰ্কত আউল লগাইছে। গতিকে, আমি একেমুখে স্বীকাৰ কৰিবই লাগিব যে “নীতিবাচক পৰচর্চা” হৈছে এটা সামাজিক ব্যাধি। যাক আমি এটা সামাজিক অপৰাধ বুলি কলেও বঢ়াই কোৱা নহয়। যিহেতুকে, এনে পৰচর্চাই আমাৰ সমাজৰ বান্ধোনডালৰ বাবে এটা ভাবুকি সৃষ্টি কৰিব পাৰে। যদি আমি এই ব্যাধিক উচিত সময়ত ৰোধ কৰিব নোৱাৰো, তেন্তে আমাৰ সমাজখনত সদায় এক বিশৃংখল পৰিৱেশ সৃষ্টি হৈ থাকিব। ইয়াৰ ফলত আমি কেতিয়াও এখন সুস্থ সমাজ আশা কৰিব নোৱাৰো। গতিকে, আমি সকলোৱে পৰচর্চাৰ পৰা নিজক আঁতৰাই ৰাখি এগৰাকী সমাজ সচেতন ব্যক্তি হিচাবে কিছুমান ইতিবাচক চিন্তা বা কৰ্মৰ যোগেদিহে সমাজৰ হিত সাধন কৰিবলৈ প্ৰচেষ্টা চলোৱা উচিত। তেতিয়াহে আমাৰ সমাজখনত এক সুস্থ বাতাবৰণে বিৰাজ কৰিব। এটা উক্তিৰে আজিৰ এই লেখা সামৰণি মাৰিছোঁ। “Value those who give you constructive criticism, because without them doing so, you will never reach the peak of what you are do.”

বৰবিল নং:২ ডিগবৈ, তিনিচুকীয়া ফোন:৯৪৩৫০৩৫১৭৭

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More