পৰাগ দাৰ সান্নিধ্য
অৰিন্দম তালুকদাৰ
আত্মা নামৰ পৰিৱেশ সংৰক্ষণ বিষয়ক কামত জড়িত অনা চৰকাৰী সংস্থাৰ সম্পাদক অভিযন্তা প্ৰয়াত পৰিমল দাসৰ সহযোগত বুধবাৰ কাকতৰ উদ্যোগত অসমৰ সীমামূৰীয়া ধুবুৰী জিলাৰ আৰ্থ- সামাজিক বিষয়ক এক সমীক্ষা চলাবৰ বাবে পৰাগ কুমাৰ দাস, পৰিমল দাস আৰু আমি ধুবুৰী জিলাৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমণ কৰিছিলো। পৰিমল দাই কৰবাৰ পৰা এখন জীপ গাড়ী যোগাৰ কৰিছিল আৰু সেই খনতে আমি আজি প্ৰায় তিনি দশক আগৰ ধুবুৰী জিলাৰ জৰাজীৰ্ণ, ধূলিময় বাট পথেৰে জাৰ কালি বিভিন্ন ঠাই ঘূৰি অনুমান কৰিছিলো কিমান অনগ্ৰসৰ আছিল ধুবুৰী জিলা। দিনৰ দিনটো জীপ গাড়ীত ঠেকেচা খাই, ধূলিত পোত গৈ গা- পা ধুই ভাত কেইটামান খাই আমি শুবলৈ যোজা কৰিলোঁ, তেওঁৰ কাৰণে বেলেগ এটা কোঠা ৰখা হৈছিল যদিও পৰাগ দাই কিন্তু মোৰ লগতে একেখন বিচনাৰ কিনাৰত এড়ি চাদৰ এখন গাত মেৰিয়াই কুচিমুচি হৈ শুই থাকিল। মই তেতিয়া স্নাতক মহলাৰ ছাত্ৰ ,পৰাগ দাই চাগৈ ভাবিছিল মই কৰবাত অচিন ঠাইত অকলে শুবলৈ ভয় খাম।
আন এবাৰ মানব অধিকাৰ সংগ্ৰাম সমিতিৰ মিটিং কৰিবলৈ আমি গোলাঘাটৰ একেবাৰে ভিতৰুৱা গাওঁ অঞ্চললৈ যাব লগা হৈছিল। পৰাগ দা আৰু আমি কেইজনমান গুৱাহাটীৰ পৰা নৈশ বাছত গৈছিলো। সেই সময়ৰে আন জনপ্ৰিয় কাকতৰ সম্পাদক এগৰাকীয়ে কিন্তু ব্যৱসায়ী গোৱেংকাৰ পৰা এখন এম্বেছাদৰ গাড়ীৰ ব্যৱস্থা কৰাই লৈ গৈছিল। পৰাগ দাই পিছত আমাৰ আগত তেওঁৰ আদৰ্শৰ কথাকৈ মোচৰ তলেৰে হাহিঁ মাৰিছিল।
হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনত সাংবাদিকৰ স্বাধীনতা খৰ্ব কৰাৰ প্ৰতিবাদত গুৱাহাটীত সাংবাদিক সকলৰ এবাৰ এখন ডাঙৰ সভা হৈছিল। সেই সভাত দুপৰীয়াৰ আহাৰ যোগান ধৰিছিল অসমৰ এটি ডাঙৰ সংবাদ প্ৰতিষ্ঠানৰ মালিকে। মই সভাৰ শেষত ভাত -পানী খাই পৰাগ দাৰ ওচৰ পালোগৈ। পৰাগ দাই মোক চকু পকাই সুধিলে,” আমিতো প্ৰতিবাদ কৰিবহে আহিছো, ইয়াত আকৌ কিহৰ খানা? তুমি ইয়াত ভাত কিয় খালা?” মই যে ইমান লাজ পাইছিলো।
পৰাগ দাই মোক ১৯৯০ৰ দশকতে বাৰে বাৰে কৈছিল “তুমি অসমৰ বাহিৰত Mass Communication অৰ্থাৎ গণ সংযোগ বিষয়ত এম এ কৰা।” মোৰ কিন্তু বিষয়টো পঢ়াৰ বাবে আত্ম বিশ্বাস নহ’ল। তেওঁৰ কথা শুনা হ’লে আজি মোৰো কৰ্মজীৱন অন্য দিশত গ’লহেঁতেন।
পৰাগ দা, আপুনি যতেই আছে কুশলে থাকক । চকুপানীৰ বাহিৰে আপোনাক একোৱেই দিব নোৱাৰিলো । আমাক ক্ষমা কৰিব । অতি মেধাসম্পন্ন, নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৭তম মৃত্যু তিথিত তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ।