পৰিকল্পিত ষড়যন্ত্ৰৰ বলি নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষঃ লখিমপুৰত ৬ আহোম সংগঠনৰ সংবাদমেলত দাবী

একাংশ জাতীয় সংগঠনে আক্ৰোশমূলক ভাৱে প্ৰতিবাদত নমাৰ অভিযোগ 

0 26

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ আগষ্টঃ নৰ্থ লখিমপুৰ মহাবিদ্যালয় [স্বায়ত্তশাসিত]ৰ সদ্য নিলম্বিত অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াৰ সামাজিক মাধ্যমত ভাইৰেল হোৱা অশ্লীল বাৰ্তালাপ, ফটোৰ প্ৰসংগক লৈ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত ৬টাকৈ আহোম সংগঠনে সংবাদমেলৰ জৰিয়তে অধ্যক্ষজন ষড়যন্ত্ৰৰ বলি হোৱা বুলি সদৰি কৰে৷ আহোম সভা, টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ফুৰালুং সংঘ আৰু টাই আহোম মহিলা পৰিষদে আজি প্ৰেছ ক্লাবত দুপৰীয়া এক সংবাদমেল সম্বোধন কৰি অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়া প্ৰকৃততে পৰিকল্পিত ষড়যন্ত্ৰৰ বলি হোৱা বুলিহে কয় ৷ অধ্যক্ষগৰাকী আহোম সম্প্ৰদায়ৰ হোৱাৰ বাবে তেওঁক জনমানসত হেয় কৰাৰ পৰিকল্পনাৰে তথা বৌদ্ধিক ক্ষেত্ৰখনত থকা তেওঁৰ সুনাম বিনষ্ট কৰাৰ ঠিকা লৈয়ে তেওঁৰ বিৰুদ্ধে একাংশ জাতীয় সংগঠনে আক্ৰোশমূলকভাৱে প্ৰতিবাদমুখৰ হৈ পৰিছে বুলিও আহোম সংগঠনকেইটাই গুৰুতৰ অভিযোগ কৰে ৷ যদিহে আইনৰ দৃষ্টিত অধ্যক্ষগৰাকী দোষী সাব্যস্ত হয় তেন্তে অধ্যক্ষ চেতিয়াই শাস্তি পোৱাতো আমিও বিচাৰো বুলি সংগঠন কেইটাই মন্তব্য কৰে ৷ যদি অধ্যক্ষ চেতিয়া নিৰ্দোষী হয় তেন্তে বৰ্তমান একপক্ষীয়ভাৱে অধ্যক্ষগৰাকীক সমাজত হেয় প্ৰতিপন্ন কৰা সংগঠনকেইটাৰ সকলো নেতা-কৰ্মী শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি আহোম সংগঠনকেইটাৰ নেতাসকলে মন্তব্য় কৰে ৷ উল্লেখ্য যে, কালি প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি আছু নেতৃত্বই অধ্যক্ষ বিমান চেতিয়াক তৎকালেই গ্ৰেপ্তাৰৰ দাবী তুলিছিল ৷ ক’বলৈ গ’লে আজিৰ সংবাদমেলত পৰোক্ষভাৱে আহোম সংগঠনকেইটাই জাতীয় সংগঠনক সকীয়নি দিয়ে ৷ আহোম সংগঠনকেইটাই অধ্যক্ষ বিমান চেতিয়াৰ বিপক্ষে থকা একাংশ লোক, দল-সংগঠনে মিলি কোনো প্ৰমাণ অবিহনেই প্ৰতিবাদৰ নামত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ পৰিবেশ বিনষ্ট কৰাৰ অভিযোগ তোলে ৷ আইনৰ দৃষ্টিত যদি অধ্যক্ষ দোষী প্ৰমাণিত হয় তেনেহ’লে তেওঁক শাস্তি দিয়ক কিন্তু ইয়াৰ অন্যথা তেওঁ নিৰ্দোষী হ’লে আহোম সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিব ৷ আহোম সংগঠন সমূহৰ অভিযোগ– প্ৰতিটো মুহূৰ্ততে আহোম সকলক ৰাজনৈতিক ভাৱে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলাই আহিছে৷ বিগত সময়ত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জন কুমাৰ গগৈ, প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞি আদিক বিভিন্ন ষড়যন্ত্ৰৰে অপবাদ দিয়াৰ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হৈছে৷ আজিৰ সংবাদমেলখনিত আহোম সভাৰ সভাপতি কণকেশ্বৰ ডেকা ৰাজকোঁৱৰ, টাইপাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কোঁৱৰ, মুখ্য উপদেষ্টা অজিত বুঢ়াগোহাঁই, সহ-সম্পাদক লক্ষ্য কোঁৱৰ, আটাছুৰ সভাপতি প্ৰদীপ গগৈ, টাই আহোম মহিলা সংগঠনৰ আহ্বায়ক ভাৰতী ফুকন, মন্দিৰা চাংমাই, আটাছুৰ উপদেষ্টা ড॰ অমৰেন্দ্ৰ গগৈ আদি উপস্থিত থাকি একপক্ষীয় ভাৱে অধ্যক্ষ গৰাকীক অপমান কৰা কাৰ্যক ধিক্কাৰ দি চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা যুৱতীগৰাকী প্ৰকৃততে কোন বুলি প্ৰশ্ন উত্থাপন কৰে৷IMG 20220824 WA0001

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More