পৰিচালনা সমিতিৰ প্ৰতি অনাস্থা প্ৰকাশ বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ

অধ্যক্ষক সকলো ক্ষেত্ৰতে ৰক্ষণাবেক্ষণৰ অভিযোগঃ আন্দোলন অব্যাহত

0 10

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ মেঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটে মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে চলাই অহা ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে কৰি অহা প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত বৰ্তমানলৈকে কোনো ধৰণৰ সমাধানসূত্ৰ নোলোৱাৰ পৰিপ্ৰেক্ষিতত আন্দোলন বৰ্তমানেও অব্যাহত আছে ৷ যোৱা ১৫মেত মহাবিদ্যালয়ৰ পৰিচালনা সমিতি আৰু শিক্ষকগোটৰ যুটীয়া বৈঠকত মহাবিদ্যালয়ৰ সমস্যাসমূহত উচ্চ শিক্ষাধিকৰ্তাৰ হস্তক্ষেপ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যদিও অৱশেষত পৰিচালনা সমিতিয়ে উক্ত সিদ্ধান্ত অগ্ৰাহ্য কৰে আৰু যোৱা ১৮মেত পুনৰ পৰিচালনা সমিতিৰ সভাত সিদ্ধান্ত কৰাৰ কথা জনায় যদিও উক্ত দিনা বিধায়কৰ অনুপস্থিতিৰ দোহাই দি সভা স্থগিত ৰাখে ৷ যোৱা ২৩মেত তাৰিখে বিধায়কৰ উপস্থিতিত পুনৰ পৰিচালনা সমিতিৰ সভা আহ্বান কৰে যদিও চৰকাৰী নিয়ম ভংগ কৰি সভাখন মহাবিদ্যালয়ত অনুষ্ঠিত কৰাৰ পৰিবৰ্তে পৰিদৰ্শন বঙলালৈ স্থানান্তৰ কৰে ৷ উক্ত বৈঠকতো বিধায়কৰ নেতৃত্বত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিখনে সমস্যাসমূহৰ আইনী সমাধানৰ পৰিৱৰ্তে অধ্যক্ষক ৰক্ষণাবেক্ষণ দিবলৈ যত্ন কৰাহে পৰিলক্ষিত হয় ৷ শিক্ষকগোটৰ কেইগৰাকীমান প্ৰতিনিধিক সভাৰ পৰা মাতি পঠায় যদিও শিক্ষকগোটে মহাবিদ্যালয়ৰ সমস্যা সম্পৰ্কে যিকোনো আলোচনা মহাবিদ্যালয়ৰ চৌহদতে কৰাৰ মত সভালৈ প্ৰেৰণ কৰে ৷ সেইদিনাই শিক্ষকগোটৰ এখন জৰুৰী সভা অনুষ্ঠিত কৰি শিক্ষকগোটৰ উত্থাপিত সমস্যা সমূহৰ আশু সমাধানৰ বাবে ভূমিকা লোৱাৰ পৰিৱৰ্তে অধ্যক্ষৰ কু-কাৰ্যসমূহ, বিত্তীয় অনিয়ম, নাৰীজনিত কেলেংকাৰি, তথ্য চুৰি আদি গুৰুতৰ অভিযোগসমূহৰ ক্ষেত্ৰত অধ্যক্ষক সকলো ক্ষেত্ৰতে ৰক্ষণাবেক্ষণ দি অহাৰ বাবে দুৰ্নীতিক প্ৰশ্ৰয় দি অহা এই পৰিচালনা সমিতিখনৰ প্ৰতি অনাস্থা প্ৰকাশ কৰে আৰু আন্দোলন অব্যাহত ৰখাৰ সিদ্ধান্ত কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More