পৰিৱেশ অনুকূল উন্নয়নৰ পোষকতা কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ

১০০ গৰাকী ব্যক্তিয়ে ৰোপণ কৰিলৰ ১০০টা ঔষধি গছপুলি

0 59
শতাব্দ প্ৰতিনিধি,গুৱাহাটী,৫ জুনঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাণ্ডুত ব্ৰহ্মপুত্ৰৰ পাৰত বৈজ্ঞানিকভাৱে গাৰ্চিনিয়া আছামিকা নামেৰে জনাজাত কুজি থেকেৰাৰ এটা পুলি ৰোপণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীজনৰ লগত চিকিৎসক, অভিযন্তা আৰু চৰকাৰী বিষয়াসহ মুঠ ১০০ গৰাকী ব্যক্তিয়ে ঔষধি গুণযুক্ত ১০০টা গছপুলি ৰোপণ কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই বছৰ বিশ্বৰ মানৱ সমাজে ‘কেৱল এখনেই পৃথিৱী’ বিষয়বস্তুক লৈ বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছে। এই বিশেষ উপলক্ষত আমি আমাৰ প্ৰকৃতিৰ বিশালতা, উদাৰতা আৰু মহানতাক অনুধাৱন কৰিব লাগিব আৰু আমাৰ পৰিৱেশ তথা জৈৱ-বৈচিত্ৰতাৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে পদক্ষেপ ল’ব লাগিব। তেওঁ লগতে কয় যে আমাৰ আপোন অসমখন বিভিন্ন প্রাকৃতিক সম্পদ, অপৰূপ সৌন্দৰ্য আৰু চহকী জৈৱ-বৈচিত্ৰতাৰে আশীৰ্বাদপ্ৰাপ্ত। আমি প্ৰগতিও কৰিব লাগিব, কিন্তু সমান্তৰালভাৱে প্ৰকৃতিৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবেও দায়বদ্ধ হ’ব লাগিব। এক অৰ্থত পৰিৱেশ অনুকূল উন্নয়নৰ হকে আমি সকলোৱে ঐক্যবদ্ধ হ’ব লাগিব বুলি তেওঁ কয়। ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ পাণ্ডুস্থিত আঞ্চলিক কার্যালয়ত আয়োজিত আজিৰ অনুষ্ঠানটিত সোণোৱালে লগতে কয় যে আমি যাত্ৰী আৰু মাল পৰিবহণ দুয়োৰে বাবেই আমাৰ ৰাষ্ট্ৰীয় জলপথসমূহৰ পুনৰুজ্জীৱিতকৰণ বাবে পদক্ষেপ গ্ৰহণ কৰিছোঁ। অধিক ঔষধি উদ্ভিদৰ ৰোপণত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে অসমতIMG 20220605 WA0009 বিভিন্ন প্ৰকাৰৰ ঔষধি গুণসম্পন্ন উদ্ভিদ আছে, যি আমাৰ জীৱনৰ মান সমৃদ্ধ কৰিব পাৰে। তেওঁ লগতে কয় যে প্ৰকৃতিৰ এই মহান উপহাৰক উদযাপন কৰিব লাগিব আৰু এনে ঔষধি গছপুলিৰ অধিক ৰোপণত উদগনি দিব লাগিব যিয়ে আমাৰ চৌপাশ সেউজীয়া কৰি ৰখাই নহয় বৰঞ্চ বহু ৰোগৰ পৰা আৰোগ্য হোৱাত আমাক সহায় কৰে। অনুষ্ঠানত ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ উত্তৰ-পূব প্ৰান্তৰ সঞ্চালক এ ছেলভাকুমাৰ, গুৱাহাটীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ সহকাৰী সঞ্চালক ড° দীনেশ বৰুৱা, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমাকান্ত শৰ্মা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, অসম গাঁওৰক্ষী বাহিনীৰ উপদেষ্টা ৰঞ্জিত মজুমদাৰ প্ৰমুখ্যে জলপথ প্ৰাধিকৰণ আৰু আয়ুষ মন্ত্ৰালয়ৰ আন বহুকেইগৰাকী বিষয়া আৰু ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত আছিল। আনহাতে আজি দিনৰ ভাগত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে নতুন দিল্লীত আয়োজিত ছেভ ছইল (Save Soil) বিষয়ক এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। য’ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লগতে উপস্থিত থাকে ঈশা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক সদগুৰু।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More