পৰিৱেশ মন্ত্ৰালয়ৰ দায়িত্বত পৰিৱেশ কৰ্মী!

0 60

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ অক্টোবৰ : ছুইডেনৰ নতুন চৰকাৰে এগৰাকী জলবায়ু কৰ্মী বা পৰিৱেশবিদক জলবায়ু মন্ত্ৰী হিচাপে নিযুক্তি দিছে। ছুইডেনৰ এইগৰাকী মন্ত্ৰীৰ নাম ৰোমিনা পৌৰমাখতাৰী। কনিষ্ঠ মন্ত্ৰী হিচাপেও তেওঁ অভিলেখ গঢ়িছে। তেওঁৰ বৰ্তমান বয়স ২৬ বছৰ। ইয়াৰ পূৰ্বে আটাইতকৈ কম বয়সীয়া মন্ত্ৰী হোৱাৰ অভিলেখ আছিল ২৭ বছৰীয়া এগৰাকীৰ দখলত। সেই দেশৰ লিবাৰেল পাৰ্টিৰ যুৱ ফ্ৰণ্টৰ মুখ ৰোমিনা পৌৰমাখতাৰী। গ্ৰেটা থুনবাৰ্গ নিজৰ গৃহ দেশৰ এগৰাকী কিশোৰী জলবায়ু কৰ্মী হিচাপে বেছিকৈ পৰিচিত। এতিয়া গ্ৰেটাৰ পিছত প্ৰচাৰ হ’ব ৰোমিনা পৌৰমাখতাৰীৰ নাম। ৰোমিনা পৌৰমাখতাৰী পৰিয়ালৰ ফালৰ পৰা ইৰাণী আৰু তেওঁৰ জন্ম ষ্টকহোমত। উল্লেখ্য যে উলফ ক্ৰীষ্টাৰছন বৰ্তমান ছুইডেনৰ প্ৰধানমন্ত্ৰী। ৰোমিনা পৌৰমাখতাৰীয়ে তেওঁৰ মন্ত্ৰীসভাত স্থান পাইছে। ২০২২ চনত তেওঁ মন্ত্ৰী হয়; কিন্তু তেওঁৰ অতীতৰ আন্দোলন আছিল দেশ প্ৰশাসনৰ বিৰোধী। ২০২০ চনত তেওঁ এটা পোষ্টত লিখিছিল— Wolf Kristerson Without SD— absolutely. SD— No Thanks! উল্লেখ্য যে SD হৈছে ছুইডেন ডেম’ক্ৰেট। ছুইডেনৰ পৰিৱেশ আন্দোলনৰ অন্যতম মুখ গ্ৰেটা থুনবাৰ্গ। তেওঁ বিশ্বৰ যুৱক-যুৱতীসকলক পৰিৱেশ আন্দোলনত যোগদান কৰিবলৈ সংগঠিত কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More