ফাটবিহুতলী  সংস্কৃতিৰ ভূস্বৰ্গঃ নিৰঞ্জন গোস্বামী

ফাটবিহুলৈ প্ৰতি বছৰে ২৫ লাখ টকাৰ অনুদান চৰকাৰৰ

0 44

ফাটবিহুতলী  সংস্কৃতিৰ ভূস্বৰ্গ- নিৰঞ্জন গোস্বামীঃ ফাটবিহুলৈ প্ৰতি বছৰে ২৫ লাখ টকাৰ অনুদান চৰকাৰঃ ঢকুৱাখনাবাসীয়ে  স্বাৱলম্বিতা আৰু কৰ্মসংস্কৃতিৰে অণুকৰণীয়  আদৰ্শ দেখুৱাইছে – অভিনেতা প্ৰাঞ্জল শইকীয়া

IMG 20220516 WA0003ঢকুৱাখনা,১৫ মে’: মই এমাহ ছুটী লৈ অসমৰ বিভিন্ন ঠাইৰ বিহু উপভোগ কৰি আহিছোঁ । কিন্তু ঢকুৱাখনাৰ ফাটবিহুৰ দৰে সুশৃংখলিত, পৰিশীলিত আৰু আধুনিকতাৰ অকণো প্ৰভাৱ নপৰা বিহু অসমৰ ক’তো দেখা নাই । যিসকলে বিহু বিকৃত হৈছে বুলি অভিযোগ আনে তেওঁলোকক মই ফাটবিহু চাবলৈ আহ্বান জনাইছোঁ। ফাটবিহুত বিহুৰ প্ৰকৃত ৰূপ দেখা পোৱা যায়। ইয়াক কোনেও বিকৃত হোৱাৰ  প্ৰমাণ কৰিব নোৱাৰে। ইয়াত লাখৰ ওচৰত বিহুপ্ৰেমীৰ সমবেশ হয় , কিন্তু কোনেও ক’তো চকী এখন পেলাই থৈ যোৱা দেখা নাপালোঁ । সেয়ে ঢকুৱাখনাৰ ফাটবিহুতলী সংস্কৃতিৰ ভূস্বৰ্গ ।- এই ভাষ্য জামুগুৰিহাটৰ বৰ বিহুৱা নিৰঞ্জন গোস্বামীৰ। ফাটবিহুৰ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে গোস্বামীয়ে এইদৰে কয়। ” ফাটবিহুৱে  প্ৰমাণ কৰিছে যে বিহু বুলিলে অসমীয়াই ৰ’দ,বৰষুণ,বোকা-পানী ভোক পিয়াহ পাহৰে। ফাটবিহুৱে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সেঁতু গঢ়িছে ।”-এই মন্তব্য অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ। ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ পৌৰোহিত‍্যত আজি দুপৰীয়া অনুষ্ঠিত  মুকলি সভাত  মুখ‍্য অতিথিৰূপে অংশগ্ৰহণ কৰি মুখ্য অতিথিৰূপে উপস্থিতি থাকি মন্ত্ৰী বৰাই আৰু কয় যে-“ফাটবিহু কেৱল ঢকুৱাখনাৰে নহয় ই অসমৰ এটা স্বকীয় লোক উৎসৱলৈ পৰিণত হৈছে। ফাটবিহুৰ সমান্তৰালভাৱে ঢকুৱাখনাৰ মুগা শিল্পকো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ দায়িত্ব প্ৰতিজন ঢকুৱাখনীয়াই ল’ব লাগিব।তেতিয়াহে চহা ৰাইজৰ কৃষ্টি-সংস্কৃতি আৰু অৰ্থনীতিবিকশিত হ’ব।” ইফালে ঢকুৱাখনাৰ সু-সন্তান প্ৰয়াত সাহিত্যক,সাংবাদিক হোমেন বৰগোহাঞিৰ প্ৰসংগ উল্লেখ কৰি ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈ,মহঘূলি চাপৰিৰ প্ৰাকৃতিক পৰিৱেশেও তেওঁক মুগ্ধ কৰা বুলি বক্তব্যত প্ৰকাশ কৰে।” আনহাতে মন্ত্ৰী বৰাই ফাটবিহুলৈ অসম চৰকাৰে প্ৰতিবছৰে ২৫ লাখ টকাৰ অনুদান হিচাবে আগবঢ়াব বুলি উদ‍্যোক্তাসকলক জনায়। ইয়াৰ পূৰ্বে  নেৰানেপেৰাকৈ দিয়া বৰষুণৰ মাজতে বাহিৰ কৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাটি  আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে । ফাটবিহুতলীৰ পৰা ঢকুৱাখনা চাৰিআলি, বালিগাঁও, কচুগাঁও আৰু ঘাঁহিগাঁও হৈ পুনৰ ফাটবিহুতলীত উপস্থিত হোৱা শোভাযাত্ৰাটি  প্ৰায় তিনি কিলোমিটাৰ পথত অৰ্ধ লক্ষাধিক লোকে বৰষুণত তিতি তিতি  শোভাযাত্ৰাটি উপভোগ কৰে । মংগলদৈ, শিৱসাগৰকে আদি কৰি ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা শোভাযাত্ৰাত অংশগ্ৰহণ কৰা ৪৫  টাৰো অধিক সাংস্কৃতিক দলৰ প্ৰদৰ্শন ৰাইজে উপভোগ কৰে । ইয়াৰ পিছতে আৰম্ভ হোৱা ফাটবিহুৰ মূল আকৰ্ষণ মুকলি বিহু উদ্বোধন কৰে  শিল্পী ৰূপা মিলিয়ে ।ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ ৫০ টাৰো অধিক বিহুদলে  অংশগ্ৰহণ কৰে ।

ফাটবিহুৰ জৰিয়তে ঢকুৱাখনাবাসীয়ে  স্বাৱলম্বিতা আৰু কৰ্মসংস্কৃতিৰে অণুকৰণীয়  আদৰ্শ দেখুৱাইছে – অভিনেতা প্ৰাঞ্জল শইকীয়া ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত লোক উৎসৱ ফাটবিহুৱে অসমবাসীৰ বাবে সমন্বয়ৰ পথ দেখুওৱা লগতে কৰ্মসংস্কৃতিৰো উদাহৰণ দাঙি ধৰিছে । ফাটবিহুত সমবেত হোৱা হাজাৰ হাজাৰ লোকে ঘৰতে প্ৰস্তুত কৰা সাজপাৰ পৰিধান কৰি অংশগ্ৰহণ কৰিছে । ঢকুৱাখনাবাসীয়ে পাট , মুগা আৰু এড়ীৰ খেতি কৰি স্বাৱলম্বিতাৰ অনুকৰণীয় কৰ্ম কৰি আহিছে । একেদৰে ঢকুৱাখনাবাসীয়ে ধান, মাহ, সৰিয়হ আদিৰো পৰ্যাপ্ত উৎপাদন কৰি  বজাৰৰ ৰাসায়নিক সাৰৰে সমৃদ্ধ খাদ‍্য সামগ্ৰী কমকৈ ব‍্যৱহাৰ কৰে । জাতি জীয়াই থাকিলেহে সংস্কৃতি জীয়াই থাকিব । জাতি জীয়াই থাকিবলৈ হ’লে প্ৰতিজনলোক সুস্বাস্থ্যৰ অধিকাৰী হ’বই লাগিব । ইয়াৰ বাবে আমি ভেজাল খাদ্য পৰিহাৰ কৰিবই লাগিব । এই বক্তব্য অসমীয়া চলচিত্ৰ জগতৰ  বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াৰ । তেওঁ সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ ‘মোৰ দেশ’ কবিতাটো  আবৃত্তি কৰি নেৰানেপেৰা বৰষুণৰ মাজতো সভাত সমবেত হাজাৰ হাজাৰ ফাটবিহুপ্ৰেমীক আপ্লুত কৰে । আজিৰ সভাত সাংস্কৃতিক কৰ্মী  প্ৰসন্ন গগৈ ,ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি , অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা ,দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী আদি বহুসংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More