ফাটবিহুৰ অবাঞ্চিত কাণ্ডক লৈ অৱশেষত ক্ষমা প্ৰাৰ্থনা ফাটবিহু সমিতিৰ

বিহু দলৰ অভব্য আচৰণৰ ভিডিঅ প্ৰদৰ্শন

0 164

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৭ মে :WhatsApp Image 2023 05 17 at 9.32.03 PM ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুত সংঘটিত অবাঞ্চিত ঘটনাৰ বাবে চাৰিদিনৰ পিছত নিঃচৰ্ত ক্ষমা বিচাৰিলে ফাটবিহু সমিতিয়ে। ফাটবিহুৰ মঞ্চত সংঘটিত অনাকাংক্ষিত, অবাঞ্চিত, অপ্ৰীতিকৰ আৰু মাৰপিট কাৰ্যই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত অৱশেষত সংস্কৃতিপ্ৰেমী ৰাইজৰ লগতে ভুক্তভোগী বৰদৈচিলা বিহু দলৰ ওচৰত নিঃচৰ্ত ক্ষমা প্ৰাৰ্থনা বিচাৰিবলৈ বাধ্য হল ফাটবিহু সমিতি। ফাটবিহু সমিতি আৰু ফাটবিহু উদযাপন সমিতিৰ যৌথ উদ্যোগত বুধবাৰে বিয়লি ফাটবিহুতলীত অনুষ্ঠিত এক সংবাদমেলত এই চৰ্তহীন ক্ষমা বিচাৰে ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই। সংবাদমেলত উপস্থিত থাকে ফাটবিহু সমিতিৰ সম্পাদক ভাস্কৰ দাস, উদযাপন সমিতিৰ সভাপতি নিতুল (ৰাজা) বৰুৱা, সম্পাদক বনশ্যাম গগৈকে ধৰি ভালেমান বিষয়ববীয়া আৰু সদস্য। সংবাদমেলত ফাটবিহু সমিতিয়ে যোৱা ১৩ মে’ৰ নিশা বৰদৈচিলা বিহু দলৰ সৈতে সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ বাবে সংশ্লিষ্ট বিহু দলটোৰ লগতে সকলোৰে ওচৰত হাতযোৰ কৰি দুয়োখন সমিতিৰ হৈ ক্ষমা বিচাৰে সভাপতি বসন্ত শইকীয়াই।WhatsApp Image 2023 05 17 at 9.32.04 PM উক্ত নিশা সংঘটিত ঘটনাৰ সন্দৰ্ভত সমিতিৰ  বক্তব্য দাঙি ধৰি সভাপতি শইকীয়াই কয় উক্ত দিনা নিশা নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ বিহু দলটো বিহু বাকৰিত উপস্থিত হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰিছিল। প্ৰথমাৱস্থাত বিহু দলটোক অনুমতি দিয়া হোৱা নাছিল যদিও দলটোৰ অনুৰোধৰ বাবে ১৫ মিনিট সময়ৰ বাবে বিহু পৰিবেশন কৰাৰ অনুমতি দিয়া হয়। নিৰ্ধাৰিত সময় শেষ হোৱাত সমিতিৰ ফালৰ পৰা শৰাই আগবঢ়াই সামৰণি মৰাৰ সংকেত দিয়াৰ পাছতো গুৰুত্ব নিদি দলটোৱে  অতিৰিক্ত সময়তো তেওঁলোকৰ অনুষ্ঠান পৰিবেশন কৰি থাকে। ইয়াৰ পাছত ঘোষকৰ দায়িত্বত থকা ফাটবিহুৰ সম্পাদক গৰাকীয়ে পুনৰবাৰ ঘোষণা দিয়াৰ পাছত বিহুৰ সামৰণি মাৰে আৰু বিহু দলটোৱে শৰাই লৈ আশীৰ্বাদো দিছিল বুলি জনায়। সংবাদমেলত সভাপতিগৰাকীয়ে জনোৱা মতে ইয়াৰ পাছতে বিহুৱাসকলে ‘কিয় বাৰে বাৰে ঘোষণা কৰ’ বুলি মঞ্চত অশ্লীল গালি গালাজ কৰাৰ উপৰিও ভাবুকি দিয়া বুলিও ব্যক্ত কৰি এনে সময়তে জোৰ কৰি মঞ্চৰ পৰা দলটোক নমাই অনাৰ সময়তে এজন বিহুৱাই সামান্য আঘাত পাই বুলি ব্যক্ত কৰে। মঞ্চৰ তলত বিহুদলটোৰ লগত পুনৰ আলোচনা কৰি সভাপতিগৰাকীয়ে তেতিয়া হাতযোৰ কৰি ক্ষমা বিচাৰে আৰু দলটোৱেও ভালভাবে সেইস্থান ত্যাগ কৰে বুলি আদি সভাপতি বসন্ত শইকীয়াই স্পষ্টভাবে উল্লেখ কৰে। এই বিষয়ক লৈ ফাটবিহু সমিতিৰ সভাপতিগৰাকীয়ে দলটোৱে অবাঞ্চিত পৰিবেশ সৃষ্টি কৰাৰ বাবেই এনে অনাকাংক্ষিত ঘটনা সংঘটিত হোৱা বুলি কৈ ফাটবিহু উদযাপনৰ ক্ষেত্ৰত ৰৈ যোৱা ক্ৰুটি বিচ্যুতিৰ বাবে সকলোৱে নিজৰ অনুষ্ঠান বুলি ভাবি মাৰ্জনা কৰি দিবলৈ বিহু দলটোৰ ওচৰত ক্ষমা বিচাৰে। সংবাদমেলত উক্ত সময়ত বিহু দলটোৱে বিষয়ববীয়াৰ প্ৰতি কৰা অভব্য আচৰণৰ এটা ‘ভিডিঅ ক্লিপ’ প্রদর্শন কৰি তাত থকা এটা উচতনিমূলক কণ্ঠ বিহু দলটোৰ লগত অহা ব্যক্তিৰ বুলি দাবী কৰি প্ৰকাশ্যে বিহু দলটোৰ দ্বাৰা সৃষ্ট পৰিস্থিতিৰ বাবেই এনে ঘটনা অনাকাংক্ষিতভাবে সংঘটিত হোৱা বুলি দলটোক দোষাৰোপ কৰে।WhatsApp Image 2023 05 17 at 9.32.04 PM 1 সভাপতি শইকীয়াই কয়- বিহু মঞ্চত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে হে বিহুৱাগৰাকীয়ে সামান্য আঘাত পাইছিল। এনে পৰিস্থিতিৰ বাবে আমি ক্ষমা প্ৰাৰ্থী বুলি কৈ সংস্কৃতিপ্ৰেমী ৰাইজৰ ওচৰত ক্ষমা বিচাৰি ফাটবিহুক সমগ্ৰ অসমৰ অনুষ্ঠান হিচাপে বিবেচনা কৰি ভবিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে সকলোকে সচেতন হবলৈ আহ্বান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More