ফাটবিহুৰ তিতা-কেহা বিতৰ্ক
শৈলেন বৰুৱা
লেখাটোৰ আৰম্ভণিতে এইকেইটা কথা স্পষ্ট হৈ লোৱাটো ভাল
- ফাটবিহু- অসমীয়া বিহু সংস্কৃতিত ঢকুৱাখনাৰ এক এদনীয়া (Exclusive) সংযোজন। সেয়ে অসমৰ এক অনন্য বিহু উৎসৱ-ফাটবিহু।
- ফাটবিহু সমিতিঃ ফাটবিহু অনুষ্ঠিত কৰিবলৈ বা অন্যান্য কাম কাজ আগবঢ়াই নিবলৈ ৰাইজে গঠন কৰা এখন ‘স্থায়ী’সদৃশ সমিতি যদিও কেইবছৰমানৰ বিৰতিত স্থায়ী সমিতিও সলনি হয়। বুজিবলৈ আমি স্থায়ী সমিতি ব্যৱহাৰ কৰিছো।
- ফাটবিহু উদযাপন সমিতিঃ এইখন সমিতি প্ৰতিবছৰে গঠন কৰে আৰু ফাটবিহু পৰিচালনা কৰে।
২০২৩ বৰ্ষৰ ফাটবিহু ১৪ মে’ত অন্ত পৰিল।ম’হঘূলি চাপৰি নিজম পৰিল। কিন্তু এইবাৰৰ বিহুৱে এৰি থৈ গল এসোপা বিতৰ্ক-তিতা কেঁহা অভিজ্ঞতা।
নাভূত নাশ্ৰুত এক ঘটনা ফাটবিহুত সংঘটিত হল। ঘিলামৰাৰ এটি বিহু দলক মঞ্চৰ ওপৰতে “উদযাপন সমিতি”ৰ কেইজনমান বিষয়ববীয়াই থেলি হেঁচি প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হ’ল। ই একেআষাৰে উদযাপন সমিতিৰ ভুল। এই ভুলৰ বাবে স্থায়ী সমিতিও দায়বদ্ধ। আমি নজৰ ৰাখিম–দুয়োখন সমিতিয়ে সংশ্লিষ্ট বিহুদলটোৰ “ন্যায় প্ৰাপ্তি”ৰ বাবে কেনে ব্যৱস্থা লয়। যদি দুয়োখন সমিতিয়ে ওফাইদাং মাৰি “এটা সামান্য বিহুদলৰ ওচৰত ফাটবিহু সমিতিয়ে আঁঠু লবনে” বুলি ভাবি বিষয়টো এৰাই চলে, তেন্তে ভৱিষ্যতে নিশ্চিতভাবে ফাটবিহুত ঘিলামৰাবাসীৰ সহযোগ হ্ৰাস পাব। এয়া হ’ব তিনিজনমান ঢকুৱাখনীয়াৰ চূড়ান্ত ভুলৰ বাবে লাখ লাখ ঢকুৱাখনীয়াই চিৰদিনলৈ “বদনাম” বহন কৰিব লগা এক দুৰ্ভাগ্যজনক-লজ্জাজনক ঘটনা। এনে হোৱাটো “ভদ্ৰলোকৰ বাসস্থান”খ্যাত ঢকুৱাখনাৰ কোনো লোকৰে কাম্য নহয়।
বিহুৱান বিতৰ্কঃ
ফাটবিহুৰ মুখপত্ৰ ‘বিহুৱান’ত মুখ্যমন্ত্ৰীৰ এটা “শুভেচ্ছা বাণী” আৰম্ভণিতে প্ৰকাশ হৈছে। শুভেচ্ছা বাণীত স্পষ্টকৈ লিখা এটা বাক্য হ’ল- “মিচিং জনগোষ্ঠীৰ বৰ্ণাঢ্য লোক সংস্কৃতিৰ অপূৰ্ব প্ৰকাশ ফাটবিহু।” হয়নে প্ৰকৃততে? নহয়। যদি নহয়েই তেন্তে এনে এটা ভুল বাক্য বা ভুল কথা কিয় ছপা হ’ল? মুখ্যমন্ত্ৰীৰ শুভেচ্ছাবাণী প্ৰস্তুত কৰাজনে ফাটবিহুৰ কথা নাজানিব পাৰে, ফাটবিহুৰ ক্ষেত্ৰত তেঁওৰ মুৰ্খতা গম পোৱা গ’ল। কিন্তু বিহুৱানৰ সম্পাদকে কি কৰি আছিলে?তেঁওৰ চকুত ভুলটো নপৰিলে নে পৰাৰ পিছতো ইচ্ছাকৃতভাবে ভুলটো ৰাখি থলে?
যদি মুখ্যমন্ত্ৰীৰ ভুল শুভেচ্ছা বাণীত সম্পাদনাৰ কেচি চলাবলৈ সম্পাদকে পিছহোঁহকা মাৰিলে, তেন্তে বুজিব লাগিব-তেওঁ দক্ষ সম্পাদক নহয়। আমি আশা কৰিম-ভৱিষ্যতে ফাটবিহুৰ মুখপত্ৰখন বৌদ্ধিকভাবে দক্ষ আৰু নিৰপেক্ষ ব্যক্তিৰ হাতত পৰক।
এই দুয়োটা বিতৰ্কই এইবাৰৰ ফাটবিহুত কালিমা সানিলে। কিন্তু এই দুই সাময়িক বিতৰ্ক “মেৰামতি” কৰিব পৰা পৰ্যায়ৰ। যদিও ই ফাটবিহুৰ লগত জৰিত, তাৰো উৰ্ধত গৈ কব পাৰি যে ইয়াত ব্যক্তি বিশেষৰ অসহিষ্ণুতা, অদক্ষতা প্ৰকট হৈছে। গতিকে ফাটবিহু সমিতি, উদযাপন সমিতিয়ে গুৰুত্ব দিলে ফাটবিহুৰ এই বিতৰ্ক ওৰ পৰিব।
ফাটবিহু জন সমুদ্ৰত পৰিণত হলেই ফাটবিহু মহীয়ান হৈ নপৰে। ফাটবিহুৰ ঐতিহ্য আছে, আছে ঢকুৱাখনাবাসীৰ সমন্বয়ৰ উদাহৰণ। জাতি জনগোষ্ঠীৰ সমন্বয় অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা অব্যাহত আছে আৰু ই বহু পৰিমাণে সফলো। কিন্তু বৰ্তমানৰ সমিতি দুখনে ফাটবিহুৰ লগত পূৰ্বে ওতপ্ৰোতভাবে জড়িতসকলৰ সৈতে সু সমন্বয়ৰ ৰাখিছেনে? আজিৰ ফাটবিহুলৈ কিয় নাহে পূৰ্বৰ একাংশ শীৰ্ষ বিষয়ববীয়া? কিয় জড়িত নহয় বা কৰা নহয় ঢকুৱাখনাৰ বৌদ্ধিক বা সাংস্কৃতিক জগতৰ ভোটাতৰা সদৃশ ব্যক্তিক। ফাটবিহু ঐতিহ্য বুজি পোৱা বা অনুভৱ নকৰা ব্যক্তিকো কিয় বহুওৱা হয় বিচাৰকৰ দৰে সন্মানীয় আসনত। ব্যক্তি মানেই একোটা ৰাজনৈতিক মতাদৰ্শত বিশ্বাসী লোক থাকে। তাৰো উৰ্ধত থাকে- “অৰাজনৈতিক” ব্যক্তি। অৰাজনৈতিক ব্যক্তিক কিয় ফাটবিহুৰ মূল সমিতিলৈ আনিব পৰা নাই বা নাহে। অৰাজনৈতিক ব্যক্তিৰ নিৰপেক্ষ সমলোচনা গ্ৰহণ কৰিব পৰাকৈ ফাটবিহুৰ কৰ্মকৰ্তা কিয় সহিষ্ণু হব নোৱাৰে। সমস্যা ক’ত?
কৌটিকলীয়া ফাটবিহুত আঁচোৰ লগাতো ঢকুৱাখনাবাসীৰ কাম্য নহয়। ফাটবিহু অনুষ্ঠিতকৰণৰ দৰে এটা বিৰাট কৰ্মযজ্ঞত দুই এটা সৰু সুৰা খুটি নাতি থাকিবই। কিন্তু সেইবুলি সকলো দোষ লঘু নহয়। নাভূত নাশ্ৰুত কাণ্ডক সৰু সুৰা ভুল বুলি নাভাবি ফাটবিহুৰে জড়িত প্ৰতিজনেই বিষয়বোৰ গুৰুত্ব সহকাৰে লোৱাৰ সময় উকলি যোৱা নাই।