ফেচবুকত পষ্ট দি চাকৰি হেৰুৱালে আম আদমী পাৰ্টিৰ লখিমপুৰ জিলা সমন্বয়কে

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১ ডিচেম্বৰ : ফেচবুকত পষ্ট দি চাকৰি হেৰুৱালে আম আদমী পার্টিৰ লখিমপুৰ জিলা সমন্বয়ক স্বপ্না বৰুৱাই। নর্থ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰিছে লখিমপুৰ চিনাতলীয়া মুকবধিৰ বিদ্যালয়ৰ সহ শিক্ষয়িত্রী স্বপ্না বৰুৱাই। সংবাদমেলত তেওঁৰ অভিযোগ সামাজিক মাধ্যমত চৰকাৰী প্রশাসন যন্ত্র, বৰ্তমানৰ বিজেপি চৰকাৰ বিৰুদ্ধে ফেচবুক প’ষ্ট দিয়াৰ পিছত তেওঁকলৈ হোৱা সমালোচনা আৰু ৰাজনৈতিক হেঁচাৰ বাবেই এনেদৰে শিক্ষকতা বৃত্তি ত্যাগ কৰিবলৈ বাধা হোৱা বুলি উল্লেখ কৰে। বিশেষকৈ চৰকাৰী পক্ষৰ ফালৰ পৰা মন্ত্ৰী, বিধায়ক আৰু সমাজকল্যান বিভাগে বিদ্যালয় কর্তৃপক্ষক উপর্যুপৰি হেঁচা প্ৰয়োগ কৰা কথা জানিব পাৰি বিদ্যালয়খনৰ ২৭ জন কৰ্মচাৰীৰ ভবিষ্যতৰ কথা চিন্তা কৰিয়েই এনেদৰে শিক্ষকতা বৃত্তিকে ত্যাগ কৰিবলৈ সিদ্ধান্ত লোৱা বুলি সংবাদমেলত তেওঁ সদৰি কৰে। উল্লেখ্য যে ২০১৬ চনৰ পৰা তেওঁ লখিমপুৰ মুকবধিৰ বিদ্যালয়ত শিক্ষকতা বৃত্তিত নিয়োজিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More