ফোন আঁতৰাই ৰাখক, জীৱন উপভোগ কৰক- মোবাইলৰ সৃষ্টিকৰ্তা মাৰ্টিন কুপাৰ

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ জুলাই : প্ৰথমটো ‘ৱায়াৰলেছ ফোন’ আৱিষ্কাৰ কৰি তেওঁ সমগ্ৰ বিশ্বতে হৈ চৈৰ সৃষ্টি কৰিছিল। যোৱা শতিকাৰ সত্তৰৰ দশকত মটৰ’লা ডাইনেটেক ৬০০০এক্সৰ পৰা আৰম্ভ হোৱা যাত্ৰাই আজিৰ পৃথিৱীখন সলনি কৰি পেলাইছে। সেই মোবাইল ফোনৰ অন্যতম সৃষ্টিকৰ্তা স্বয়ং মাৰ্টিন কুপাৰে দিনটোৰ ৫ শতাংশতকৈও কম সময় স্মাৰ্টফোন ব্যৱহাৰ কৰে। জীৱন উপভোগ কৰিবলৈ হ’লে মোবাইলৰ ব্যৱহাৰ কমাই দিব লাগিব বুলিও তেওঁ কয়। শেহতীয়াকৈ বিবিচিক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়— “মই দিনটোৰ পাঁচ শতাংশতকৈও কম মোবাইল ফোন ব্যৱহাৰ কৰোঁ। মোবাইলৰ ব্যৱহাৰ হ্ৰাস কৰক।” মাৰ্টিনে ১৯৮৩ চনৰ ৩ এপ্ৰিলত মোবাইল ফোন আৱিষ্কাৰ কৰে। সেই দিনটোৰ কথা স্মৰণ কৰি তেওঁ কয়— “ফোনটোৰ ওজন আছিল ডেৰ-দুই পাউণ্ড আৰু ১০ ইঞ্চি দীঘল। এবাৰ চাৰ্জ কৰিলে ২৫ মিনিট কথা পাতিব পাৰিছিল। চাৰ্জ কৰিবলৈ ১০ ঘণ্টা সময় লাগিছিল।”

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More