ফ্ল’ৰিডাত ধৰা পৰিল বিশ্ববৃহৎ মাইকী অজগৰঃ ওজন ৯৮ কিলোগ্ৰাম

0 15

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জুন : শেহতীয়াকৈ গৱেষকৰ এটা দলে এটা মতা সাপ বিচাৰি যোৱাৰ সময়ত ফ্ল’ৰিডাত আটাইতকৈ ডাঙৰ বাৰ্মিজ অজগৰ বা বাৰ্মিজ পাইথন আৱিষ্কাৰ কৰিছে। গৱেষকসকলৰ মতে, সাপটোৰ শেষ আহাৰ আছিল এটা সম্পূৰ্ণ বগা ঠেংযুক্ত হৰিণ। ২১৫ পাউণ্ড (৯৮ কিলোগ্ৰাম) ওজন আৰু ১৮ ফুট (৫ মিটাৰ)তকৈ অধিক দীঘল মাইকী বাৰ্মিজ পাইথনটোৰ স্থান নিৰ্ণয় কৰিবলৈ গৱেষকসকলে মতা ‘স্কাউট’ নিয়োগ কৰাৰ পিছতে ধৰা পৰে। কনজাৰ্ভেন্সী অৱ চাউথৱেষ্ট ফ্ল’ৰিডাৰ এক প্ৰেছ বিজ্ঞপ্তিত জনোৱা মতে, ধৰা পৰাৰ সময়ত সাপটোৰ ১২২টা কণী আছিল। ২২ জুনত স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি মাইকী পাইথনটোক প্ৰায় ২০ মিনিট ধৰি গৱেষকৰ দলটোৱে যুঁজি বশ কৰিছিল। চিবিএছ নিউজৰ মতে, দলটোৱে মতা ‘স্কাউট’ সাপত সংস্থাপন কৰা ৰেডিঅ’ ট্ৰেন্সমিটাৰৰ সহায়ত পাইথনৰ গতিবিধি, সংগমৰ অভ্যাস আৰু বাসস্থানৰ ব্যৱহাৰ অনুসৰণ কৰিছিল বুলি বন্যপ্ৰাণী জীৱবিজ্ঞানী আৰু কাৰ্যসূচীটোৰ পৰিৱেশ বিজ্ঞান প্ৰকল্প পৰিচালক ইয়ান বাৰ্ট’জেকে কয়। পশ্চিম এভাৰগ্লেডছৰ এটা অঞ্চলত দলটোৱে ডাইঅ’নিছাছ বা চমুকৈ ডাইন নামৰ এটা স্কাউট সাপ ব্যৱহাৰ কৰিছিল আৰু এই সাপটোৰ সহায়ত ফ্ল’ৰিডাৰ এভাৰগ্লেডছৰ অৰণ্যত লুকাই থকাৰ সময়তে গৱেষকসকলে স্ত্ৰী সাপটো বিচাৰি পায়। বিবিচিৰ বাতৰি অনুসৰি তাত এতিয়ালৈকে পোৱা আটাইতকৈ ডাঙৰ মতা পাইথনটোৰ আছিল ১৬ ফুট দীঘল আৰু ১৪০পাউণ্ড ওজনৰ। মাইকী পাইথনটো ধৰা পৰাৰ সময়ত বয়স ২০ বছৰমান আছিল বুলি অনুমান কৰা হৈছে। উল্লেখ্য যে, ফ্ল’ৰিডা ৰাজ্যৰ পৰিৱেশ তন্ত্ৰত স্থানীয় প্ৰজাতি ৰক্ষাৰ প্ৰয়াসত গৱেষকসকলে দহ বছৰতকৈও অধিক সময় ধৰি পাইথন চিকাৰ কৰি আহিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More