বছৰৰ অন্তিম দিনটোত তেজপুৰত সাহিত্যৰ মনোজ্ঞ অনুষ্ঠানঃ

ড° বীণাপাণি মহন্তৰ গল্প সংকলন "অস্তবেলিৰ ৰং" উন্মোচন

0 22

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৩১ ডিচেম্বৰ : প্ৰায় একুৰি কবিৰ কবিতা পাঠ আৰু বিশিষ্ট ব্যক্তিৰ সাহিত্য সম্পৰ্কীয় মননশীল অনুষ্ঠানৰ মাজতে আজি ইংৰাজী বৰ্ষৰ অন্তিম দিনটোত তেজপুৰ সাহিত্য সভা ভৱনত উন্মোচিত হ’ল শিক্ষয়িত্ৰী, লেখিকা ড° বীণাপাণি মহন্তৰ ১৯ টাকৈ চুটি গল্পৰ সংকলন “অস্ত্ৰবেলিৰ ৰং”। উল্লেখ্য যে, শোণিতপুৰ কবিচক্ৰৰ উদ্যোগত আৰু তেজপুৰ সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত কাব্য – সাহিত্যৰ সুকুমল অনুভূতিৰে সিক্ত অনুষ্ঠানটিত বিভিন্ন বঁটা -সন্মানেৰে বিভূষিত ড° বীণাপাণি মহন্তৰ গল্প সংকলনখন বিশিষ্ট অতিথি দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট পুৰাতত্ত্ব বিদ ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্য আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড° চাৰু চহৰীয়া নাথৰ উপস্থিতিত উন্মোচন কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি তথা শোণিতপুৰ জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড° ভূপেন শইকীয়াই। অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাৰ সঞ্চালনাত নিজুমণি ভূঞাৰ বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত উন্মোচনী ভাষণ প্ৰদান কৰি ড° ভূপেন শইকীয়াই চুটি গল্প ১৯ শতিকাৰ মাজভাগৰ সৃষ্টি বুলি কৈ অসমত জোনাকী যুগৰ পৰা চুটি গল্পৰ যাত্ৰা অব্যাহত আছে বুলি কয়। চুটি গল্প একে বহাতে পঢ়ি শেষ কৰিব পৰা হ’ব লাগে বুলি কৈ চুটি গল্পৰ বিভিন্ন বৈশিষ্ট্য সন্দৰ্ভত আলোকপাত কৰি ড° শইকীয়াই গল্প লেখকে কম কথাতে পৰিৱেশ সৃষ্টি কৰিব পাৰিব লাগিব বুলি কৈ চুটি গল্পত সততে সমাজৰ বাস্তৱ চিত্ৰণ পৰিলক্ষিত হয় বুলি কয়। শোণিতপুৰ জিলা কবি চক্ৰৰ সম্পাদিকা বাণী বৰঠাকুৰে আদৰণী ভাষণ দিয়া অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা বিশিষ্ট পুৰাতত্ত্ববিদ ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্যই ভাষণ প্ৰসংগত কবিতা, প্ৰবন্ধ, উপন্যাস আৰু জীৱনী সাহিত্যৰে ইতিমধ্যে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা ড° বীণাপাণি মহন্তই কঠিন সাহিত্য চুটি গল্প ৰচনা কৰাতো আশাৰ বতৰা বুলি কৈ চুটি গল্পত ভাষাৰ চমৎকাৰীতা থাকিব লাগে বুলি কয়। ড° ভট্টাচাৰ্য্যই যিকোনো এটা কাহিনীক বৰ্ণনা কৰি গ’লেই চুটি গল্প নহয় বুলি মন্তব্য কৰি সাহিত্যত আধুনিকতাবাদৰ পিছত এতিয়া উত্তৰ আধুনিকতাবাদ পৰিলক্ষিত হোৱাত সাধাৰণ পাঠকৰ বাবে দুৰ্বোধ্য হৈ পৰিছে বুলিও মন্তব্য কৰে। শোণিতপুৰ কবিচক্ৰৰ সভানেত্ৰী তথা গল্প সংকলনখনৰ স্ৰষ্টা ড° বীণাপাণি মহন্তৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড° চাৰু চহৰীয়া নাথেও ভাষণ দাঙি ধৰি বছৰৰ শেষৰ দিনটোত শিক্ষয়িত্ৰী ড° বীণাপাণি মহন্তই এখন গল্প সংকলন উপহাৰ দিয়াতো আশাব্যঞ্জক খবৰ বুলি কৈ সাহিত্যই মানুহৰ জীৱন আৰু জগতৰ অভিব্যক্তি প্ৰকাশ কৰি আহিছে বুলি কয়। গল্প এক সংহত কলা বুলি মন্তব্য কৰি যিকোনো সাহিত্যৰ ৰস পান কৰি মানুহে আনন্দ পায় বুলি মন্তব্য কৰে। ইয়াৰ মাজতেই পংকজ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠানটিত স্বৰচিত কবিতা পাঠ কৰে ক্ৰমে – নৰহৰি চুতীয়া, দিলীপ কুমাৰ কাকতি, দিপিকা শইকীয়া বৰুৱা, কিৰণ বৰুৱা, নিৰা কলিতা, নিৰূপমা লহকৰ, চম্পামণি দিহিঙ্গীয়া, পাপৰি বৰুৱা ভাগৱতী, ৰাণী দাস, কনকলতা পাঠক, জোনমণি মহন্ত, আল্পনা শৰ্মা, অঞ্জু দত্ত বৰা, তাপসী বৰ্মণ, কাঞ্চন মহন্ত, ৰণজিৎ কুমাৰ কলিতা, নিৰূপমা দেৱাল আদিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More