বজাৰলৈ ছাৰ্ভাইকেল কেন্সাৰৰ ভেকচিন

কোভিশ্বিল্ডৰ পিছত ছেৰামৰ আন এক কৃতিত্ব

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ জুলাই : পুনেৰ ছিৰাম ইনষ্টিটিউটে কৰ’না ভেকচিন প্ৰস্তুত কৰি সমগ্ৰ বিশ্বত কভিড সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছিল। এইবাৰ সেই আদৰ পুনাৱালাৰ কোম্পানী ছেৰামে বজাৰলৈ আনিছে মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ ভেকচিন। এই কথা প্ৰকাশ কৰিছে ছেৰামৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ পুনাৱালাই। সকলো ঠিকে থাকিলে চলিত বৰ্ষৰ শেষৰফালে এই ভেকচিন বজাৰত প্ৰৱেশ কৰিব। ছাৰ্ভাইকেল কেন্সাৰৰ আঁৰত আছে হিউমেন পেপিলোমা ভাইৰাছ (qHPV)। ছিৰামৰ ভেকচিনে সেই ভাইৰাছ বন্ধ কৰিব। ডিজিচিআইয়ে ১২ জুলাইত এই ভেকচিন প্ৰস্তুতৰ বাবে অনুমতি প্ৰদান কৰে। ভেকচিন বনোৱাৰ অনুমতি লাভ কৰাৰ পিছত পুনাৱালাই টুইট কৰি কয় যে, ভাৰতত নিৰ্মিত এইটোৱেই হৈছে প্ৰথমটো ছাৰ্ভাইকেল কেন্সাৰ ভেকচিন। প্ৰতিষেধকৰ মূল্য হাতৰ মুঠিত থাকিব। আশাকৰোঁ চলিত বৰ্ষৰ শেষৰ ফালে এই ভেকচিন বজাৰলৈ আহিব। হিউমেন পেপিলোমা ভাইৰাছ (qHPV) হৈছে যৌন সংক্ৰমিত ভাইৰাছসমূহৰ ভিতৰত অন্যতম। প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰি এই ভাইৰাছে শৰীৰৰ বিভিন্ন অংগত প্ৰভাৱ পেলায়। মন কৰিবলগীয়া যে ইমান দিনে গাৰ্ডাচিল আৰু ছাৰ্ভাৰিক্স ছাৰ্ভাইকেল কেন্সাৰৰ ভেকচিন হিচাপে উপলব্ধ হৈ আহিছে। সেই দুটা ভেকচিন বহিঃৰাষ্ট্ৰৰ পৰা আনিব লগা হয়। এই ভেকচিনে দুটা প্ৰজাতিৰ হিউমেন পেপিলোমা ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে। কিন্তু ছেৰাম ইনষ্টিটিউটৰ ভেকচিন ৪টা প্ৰজাতিৰ ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম। বিশ্বৰ সকলো কৰ্কট ৰোগত মৃত্যু হোৱা লোকৰ ভিতৰত এক বৃহৎ অংশ জৰায়ুৰ মুখৰ কৰ্কট ৰোগী। ভাৰতৰ মহিলাসকলৰ ভিতৰত ছাৰ্ভাইকেল কেন্সাৰ ৰোগীয়েই দ্বিতীয় স্থানত আছে কৰ্কট ৰোগৰ ক্ষেত্ৰত। উল্লেখ্য যে বিশ্বৰ প্ৰায়বোৰ কম আৰু মধ্যম আয়ৰ দেশতে ছাৰ্ভাইকেল কেন্সাৰ ৰোগীৰ সংখ্যা বেছি।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More