বন্যাক্ৰান্ত পাঁচখন গাঁৱৰ তিনিশ ঘৰ লোকক সাহায্য় প্ৰদান তেজপুৰৰ মিলিজুলি মহিলা সমিতিৰ

0 9

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ জুন : বান আক্ৰান্ত ৰাইজৰ দুখ – দুৰ্দশাৰ অৱসানৰ বাবে চৰকাৰ – প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰি যিকোনো বান আক্ৰান্তৰ মাজত খাদ্য সামগ্ৰীকে ধৰি সাহায্য় সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা কৰাৰ মাজতে যিকোনো স্বেচ্ছাসেৱী সংগঠন আৰু সামাজিক অনুষ্ঠানেও বান আক্ৰান্ত সকলৰ কাষ চাপি কিঞ্চিৎ সাহায্য় সামগ্ৰী প্ৰদানেৰে সকাহ দিয়াৰ ব্যৱস্থা কৰাৰ মাজতে কালি তেজপুৰৰ মিলিজুলি মহিলা সমিতিৰ তৰফৰ পৰা খোলাকুটি কছাৰী গাওঁ অঞ্চলৰ ডেৰ শতাধিক আৰু পুঠিমাৰী বাবুভেটি অঞ্চলৰ শতাধিক বানপীড়িত পৰিয়ালক বিভিন্ন খাদ্য বস্তু যেনে চিৰা, চেনি, গাখীৰ, খোৱা পানী বিস্কুট আদি প্ৰদান কৰে । মিলিজুলি মহিলা সমিতিৰ সভানেত্ৰী বিনু শইকীয়া আৰু সম্পাদিকা ইনু দাসৰ লগতে মিলিজুলি মহিলা সমিতিৰ সদস্যা সকলে সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে পাঁচখনকৈ গাঁৱৰ তিনিশ ঘৰ লোকক সাহায্য প্ৰদান কৰি অঞ্চলটোৰ বানাক্ৰান্ত লোকসকলক কিঞ্চিৎ সকাহ প্ৰদান কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More