“বন অধিকাৰ আইন ২০০৬”ৰ অধীনত ঢেকিয়াজুলিৰ ৬৩২ টা হিতাধিকাৰী পৰিয়াললৈ ভূমি আবণ্টনৰ প্ৰমাণপত্ৰ বিতৰণ

0 112
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৯ এপ্ৰিলঃ অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ বেলশিৰিস্থিত বালাবাৰী প্ৰাথমিক বিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বনভূমিত বাস কৰা ৬৩২ টা হিতাধিকাৰী পৰিয়ালক “বন অধিকাৰ আইন ২০০৬”ৰ অধীনত ভূমি আবণ্টনৰ প্ৰমাণপত্ৰ বিতৰণ কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ ৰাজ্য চৰকাৰে জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সদায়েই দায়বদ্ধ হৈ আহিছে। থলুৱাৰ অধিকাৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এয়া আন এক বলিষ্ঠ খোজ বুলি তেওঁ মন্তব্য কৰে।
অনুষ্ঠানত বড়োলেণ্ড আঞ্চলিক পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, কাৰ্যবাহী সদস্য নিলোৎ স্বৰ্গীয়াৰী, শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, নিখিল বড়ো ছাত্ৰ সন্থাৰ উপদেষ্টা খুংখ্ৰা স্বৰ্গীয়াৰী, সম্পাদক আনন্দ দৈমাৰী আৰু অধ্যক্ষ আবিল নাৰ্জাৰীও উপস্থিত থাকে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More