ব’লক, ফুৰি আহোঁ মহাকাশ!

ইতিমধ্যে ৮০০ লোকে ক্ৰয় কৰিছে টিকট

0 12
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ জুলাইঃ আজিকালি আমি যেতিয়াই আজৰি সময় আৰু সুযোগ পাওঁ তেতিয়াই ফুৰিবলৈ ওলাই যাওঁ কোনো প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাই অথবা বিখ্যাত স্থানলৈ। কাৰণ এই গন্তব্যস্থানসমূহলৈ এতিয়া অতি সহজে যাব পাৰি। কিন্তু এতিয়া আপুনি এই পৰম্পৰাগত গন্তব্যস্থানসমূহ এৰি পোনে পোনে মহাকাশলৈ (স্পেচ) যাব পাৰিব! হয় অদ্ভুত আৰু অবিশ্বাস্য যেন লাগিলেও ই একেবাৰে সঁচা। কেৱল সেয়াই নহয়, কেইবছৰমানৰ ভিতৰতে পৃথিৱীৰ পৰা মহাকাশলৈ বছৰি ৪০০ খন বিমান অহা-যোৱা কৰিব। ৮০০ৰো অধিক লোকে ইতিমধ্যে মহাকাশ ভ্ৰমণৰ বাবে টিকট বুকিং কৰিছে। জনা গৈছে যে মহাকাশ ভ্ৰমণৰ বাবে তেওঁলোকৰ প্ৰশিক্ষণ চলি আছে। মূলতঃ মহাকাশ পৰ্যটনৰ দৰে এই ব্যয়বহুল প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ আগবাঢ়ি আহিছে বিশ্বৰ তিনিগৰাকী ধনী ব্যক্তিৰ সংগঠন। ইয়াৰ ভিতৰত আছে ৰিচাৰ্ড ব্ৰেনছনৰ কোম্পানী ভাৰ্জিন গেলেক্টিক, জেফ বেজ’ছৰ ব্লু অৰিজিন আৰু এলন মাস্কৰ স্পেচএক্স। কেৱল সেয়াই নহয়, চীনা কোম্পানী এটাও এটা ডাঙৰ পৰিকল্পনা লৈ আগবাঢ়ি আহিছে। ইয়াৰ বাহিৰেও জনা যায় যে এই প্ৰকল্পৰ কাম আন বহু দেশতো চলি আছে। মন কৰিবলগীয়া যে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কৰ কোম্পানী স্পেচএক্সে ২০২১ চনত মুঠ চাৰিজন লোকক মহাকাশলৈ পঠিয়াইছিল। আমেৰিকান ব্যৱসায়ী জেৰেড আইজাকমেনে সেই বহু কোটিৰ ভ্ৰমণৰ খৰচ পৰিচালনা কৰিছিল। ইফালে ভাৰ্জিন গেলেক্টিক আৰু ব্লু অৰিজিনৰ পিছত স্পেচএক্স হৈছে মহাকাশ পৰ্যটনৰ বাবে ভ্ৰমণৰ প্ৰস্তাৱ দিয়া তৃতীয়টো কোম্পানী। মহাকাশ ভ্ৰমণৰ প্ৰস্তুতিৰ বাবে ভাৰ্জিন গেলেক্টিকে মহাকাশলৈ শ শ বিমান উৎক্ষেপণ কৰিব পৰা দুখন বিমানবাহী জাহাজ প্ৰস্তুত কৰি আছে। ইয়াৰ ফলত বৃহৎসংখ্যক পৰ্যটক কঢ়িয়াই নিয়াত সহায়ক হ’ব। ইফালে ভাৰ্জিন গেলেক্টিকৰ এই বিমানৰ বাবে অনুৰাগীসকলে ২,০০,০০ ডলাৰত অৰ্থাৎ ১.৫ৰ পৰা ২ কোটি টকাত নিজৰ আসন বুকিং কৰিছে। যাত্ৰীৰ উৎসাহ আৰু বুকিঙৰ চাহিদা দেখি ২০২৫ চনৰ ভিতৰত নিয়মীয়া বিমানৰ বাবে বছৰি ৪০০খন বিমান প্ৰস্তুত কৰি আছে কোম্পানীটোৱে। ইফালে ব্লু অৰিজিনে যোৱা মাহলৈকে এনে পাঁচটা ভ্ৰমণ সম্পূৰ্ণ কৰিছে। ইয়াৰ উপৰি অনাগত বছৰবোৰত আৰু চাৰিটা এনে ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাইছে স্পেচএক্সে। জাপানৰ উদ্যোগপতি ইউছাকু মায়েজাৱাই ২০২৩ চনৰ বাবে স্পেচএক্সৰ এখন বিমান বুকিং কৰি আন ৮ জনক তেওঁৰ সৈতে যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে বুলি জানিব পৰা গৈছে। ইফালে ভাৰ্জিন গেলেক্টিকে কয় যে ভৱিষ্যতৰ যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। ইতিমধ্যে ৮০০ৰো অধিক লোকে অপেক্ষা কৰি আছে। কাৰণ, স্পেচএক্সে অদূৰ ভৱিষ্যতে মহাকাশৰ লগতে চন্দ্ৰ আৰু মংগল গ্ৰহলৈয়ো বিমান প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে। মন কৰিবলগীয়া যে এই মুহূৰ্তত মহাকাশ ভ্ৰমণৰ বাবে ব্যয় হৈছে ৩.৫ কোটি টকা। কিন্তু কোম্পানীসমূহে অনুভৱ কৰে যে এই খৰচ ১.৫ কোটি টকালৈ হ্ৰাস কৰাটো সম্ভৱ। ২০২৫ চনৰ ভিতৰত ভাৰ্জিন গেলেক্টিকে প্ৰতি বছৰে ৪০০ খন বিমান সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। কোম্পানীটো বিগত ১৫ বছৰ ধৰি এই অভিযানত নিয়োজিত হৈ আছে। ২০২১ চনত কোম্পানীটোৱে প্ৰথমখন বাণিজ্যিক মানৱযুক্ত বিমান মহাকাশলৈ প্ৰেৰণ কৰাত সফল হৈছিল। আমেৰিকাৰ পেনচিলভেনিয়াত মহাকাশ পৰ্যটকৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰে ভাৰ্জিন গেলেক্টিকে। ইয়াৰ নেচনেল এৰোস্পেচ ট্ৰেইনিং এণ্ড ৰিচাৰ্চ চেণ্টাৰত শতাধিক বুকিং কৰা পৰ্যটকৰ প্ৰশিক্ষণ চলি আছে। ই মানুহক মহাকাশ ভ্ৰমণৰ সময়ত সুৰংগ সদৃশ ৰকেট বা কেপচুলত বহি মাধ্যাকৰ্ষণৰ প্ৰভাৱৰ সন্মুখীন হ’ব লাগে সেই বিষয়ে শিকায়। ইয়াৰ উপৰি পৰ্যটকসকলৰ তেজ পৰীক্ষা, শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰণ ক্ষমতা আৰু অন্যান্য শাৰীৰিক পৰীক্ষাও চোৱা-চিতা কৰা হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More