বাংগালুৰুৰৰ নাৰায়না গ্ৰুপ অব হাস্পতালছত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

খবৰ ল'লে স্নেহস্পৰ্শ আঁচনিৰ অধীনত চিকিৎসাধীন অসমৰ শিশুৰ

0 15

বাংগালুৰু, ২২ আগষ্ট: অসম চৰকাৰৰ অভিলাষী শিশুস্বাস্থ্য আঁচনি ‘স্নেহস্পৰ্শ’ৰ অধীনত বাংগালুৰুৰ নাৰায়না গ্ৰুপৰ চিকিৎসালয়ত চিকিৎসাধীন অসমৰ শিশুসকলৰ আজি খবৰ লয় ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। ৰাজ্যৰ অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক তথা এনএইচএমৰ ৰাজ্যিক কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী আৰু স্নেহস্পৰ্শ আঁচনিৰ ৰাজ্যিক ন’ডেল বিষয়া তথা জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাৰ সৈতে স্বাস্থ্যমন্ত্ৰী মহন্তই সোমবাৰে বাংগালুৰুৰস্থিত ‘নাৰায়না গ্ৰুপ অব্ হস্পিতালছ’ৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ স্নেহস্পৰ্শ আঁচনিখন ৰূপায়নৰ ক্ষেত্ৰত নাৰায়না হৃদালয়কে ধৰি নাৰায়না গ্ৰুপৰ অধীনৰ ছুপাৰস্পেচিয়েলিটী চিকিৎসালয়কেইখনে আগবঢ়াই অহা সহযোগিতা সন্দৰ্ভত নাৰায়না গ্ৰুপ অব্ হস্পিতালছ কৰ্তৃপক্ষৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। উল্লেখ্য যে, অসম চৰকাৰৰে ৰাজ্যখনৰ দুখীয়া পৰিয়ালসমূহৰ জটিল ৰোগত আক্ৰান্ত শিশুসকলক সুচিকিৎসাৰে নতুন জীৱন প্ৰদানৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা ‘স্নেহস্পৰ্শ’ শীৰ্ষক বিশেষ শিশুস্বাস্থ্য আঁচনিখন ৰূপায়নৰ ক্ষেত্ৰত নাৰায়না গ্ৰুপ অৱ হস্পিতালছ ৰাজ্য চৰকাৰখনৰ অন্যতম সহযোগী। এই সন্দৰ্ভত অসম চৰকাৰ আৰু নাৰায়না গ্ৰুপ অব্ হস্পিতালছৰ মাজত ইতিপূৰ্বে সম্পাদিত বুজাবুজি চুক্তি মৰ্মে লিউকেমিয়া, থেলাছেমিয়া, স্নায়বিক বিসংগতি, ৰেড টিউমাৰ, জন্মগত হৃদৰোগ আদিৰ দৰে জটিল ৰোগত আক্ৰান্ত অসমৰ ১৪ বছৰৰ তলৰ শিশুসকলক নাৰায়না গ্ৰুপে বাংগালোৰত থকা ইয়াৰ অধীনৰ ছুপাৰস্পেচিয়েলিটী চিকিৎসালয়ত অত্যাধুনিক চিকিৎসা সেৱা আগবঢ়াই আহিছে। স্নেহস্পৰ্শ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে চলিত বৰ্ষত অস্থি-মজ্জা সংৰোপণ, যকৃৎ সংৰোপন, স্নায়ুবিক ৰোগৰ চিকিৎসা, জন্মগত হৃদৰোগত আক্ৰান্ত শিশুৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ আদিৰ বাবে নাৰায়না গ্ৰুপৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা শিশুসকলৰ মাজৰে ৫৫গৰাকী শিশুৱে বৰ্তমান বাংগালুৰুত চিকিৎসা গ্ৰহণ কৰি আছে। আজি অসমৰ স্বাস্থ্যমন্ত্ৰী মহন্তই চিকিৎসাধীন এই শিশুসকলক দেখা কৰি তেওঁলোকলৈ নাৰায়না গ্ৰুপে আগবঢ়োৱা চিকিৎসাৰ সবিশেষ পৰ্যবেক্ষণ কৰে। চিকিৎসাধীন শিশুসকলৰ লগতে তেওঁলোকৰ আত্মীয়ৰ সৈতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে মত বিনিময়ো কৰি বাংগালুৰুত চিকিৎসাৰ ক্ষেত্ৰত কোনোধৰণৰ অসুবিধা আদিৰ সন্মুখীন হৈছে নেকি, সেই বিষয়ে বুজ লয়। পিছত স্বাস্থ্যমন্ত্ৰী মহন্তই এনএইচএমৰ ৰাজ্যিক কাৰ্যবাহী সঞ্চালক ডাং চৌধুৰী আৰু স্নেহস্পৰ্শ আঁচনিৰ ৰাজ্যিক ন’ডেল বিষয়া ডাঃ শৰ্মাৰ সৈতে নাৰায়নি গ্ৰুপ অব হস্পিতালছৰ অধ্যক্ষ তথা কাৰ্যবাহী সঞ্চালক ডাঃ দেৱী প্ৰসাদ শেট্টী আৰু পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া ডাঃ ইমানুৱেল ৰূপাৰ্টৰ সৈতে স্নেহস্পৰ্শ আঁচনিৰ অধীনত অসম চৰকাৰে প্ৰেৰণ কৰা জটিল ৰোগাক্ৰান্ত শিশুসকলৰ সু-চিকিৎসাৰ বিষয়ত আলোচনাতো মিলিত হয়। এই আঁচনিৰ অধীনত প্ৰতি বছৰ অধিক সংখ্যক শিশুক ক্ষিপ্ৰ চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ লগতে বাংগালোৰত চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰত শিশু ৰোগীসকল আৰু তেওঁলোকৰ লগত যোৱা আত্মীয়ই অলপো যাতে অসুবিধা নাপায়, সেয়া সুনিশ্চিত কৰিবলৈ নাৰায়না গ্ৰুপ অব হস্পিতালৰ ফালৰ পৰা বিশেষ মনোযোগ দিব বুলি আলোচনাকালত স্বাস্থ্যমন্ত্ৰীগৰাকীক আশ্বস্ত কৰে গ্ৰুপৰ অধ্যক্ষ ডাঃ শেট্টী আৰু পৰিচালন সঞ্চালক ডাঃ ৰূপাৰ্টে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More