বাংলাদেশৰ ছিলেটত আৰম্ভ BSF-BGB সীমা সমন্বয় সন্মিলন

0 26

কৰিমগঞ্জৰ পৰা ছৈয়দ মুজিব আহমেদ, ৩১মে: Inspectors General, মহা-পৰিদৰ্শক বি এছ এফৰ BSF – Region Commanders BGB পর্যায়ৰ সীমা সমন্বয় সন্মিলন ৩০ মেৰ পৰা ২ জুনলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে বাংলাদেশৰ ছিলেটত অনুষ্ঠিত হৈছে।  ত্ৰিপুৰাৰ বি এছ এফ মহাপৰিদৰ্শক সুমিত শৰণৰ নেতৃত্বত ভাৰতীয় প্ৰতিনিধি দলে ৩০ মে’ত মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰৰ আই চি পি ডাউকী হৈ বাংলাদেশলৈ যায়, য’ত তেওঁলোকক সীমান্তৰক্ষী বাংলাদেশে উষ্ম আদৰণি জনায়।IMG 20220531 WA0022উক্ত সন্মিলন অবৈধ ভাৱে সীমা অতিক্ৰম কৰা অপৰাধৰ সৈতে জড়িত সাধাৰণ উদ্বেগজনক বিষয়সমূহৰ ওপৰত আলোচনা হয়।লগতে আন্তঃৰাষ্ট্ৰীয় সীমান্তত চোৰাং ব্যৱসায়ৰ ওপৰত আলোচনা কৰা হৈছে। সীমান্তৰ দুয়োকাষে আন্তঃগাঁথনি আৰু উন্নয়নমূলক কামৰ অগ্ৰগতিৰ ক্ষেত্ৰত থকা বেটেলিয়নবোৰক আলোচনাৰ জৰিয়তে সমস্যা সমুহ সমাধান কৰাৰ সন্মতি প্ৰদান কৰা হৈছে। সীমান্তৰ দুয়োকাষে সৃষ্টি হোৱা বিবাদ আৰু বিদ্ৰোহৰ সৈতে জড়িত বিষয়সমূহো দীঘলীয়াকৈ আলোচনা কৰা হ’ব। এনে সন্মিলনে সীমান্ত ব্যৱস্থাপনাৰ বিষয়ে ভালদৰে বুজা আৰু উন্নতি কৰাত সহায় কৰে। ই দুয়োটা সীমান্ত ৰক্ষাকাৰী বাহিনীৰ মাজত আস্থা গঢ়ি তোলা ব্যৱস্থা হিচাপেও কাম কৰে। প্ৰতি বছৰে ভাৰত-বাংলাদেশ সীমান্তৰ সীমান্ত ৰক্ষীৰ মাজত বিভিন্ন পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়।যোৱা বছৰো এনে সীমান্ত সমন্বয় সন্মিলন ২০২১ চনৰ নৱেম্বৰ মাহত মেঘালয়ৰ শ্বিলংত অনুষ্ঠিত হৈছিল।উক্ত সন্মিলনত মিজোৰাম কাছাৰ ফ্ৰণ্টিয়াৰ মহা-পৰিদৰ্শক মৃদুল সোণোৱাল,গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহা-পৰিদৰ্শক এছ,এছ,গেহলট, শ্বিলং আৰু ত্ৰিপুৰা ফ্ৰণ্টিয়াৰৰ মহা-পৰিদৰ্শকদ্বয়,উপ-পৰিদৰ্শক ২৫/৩০ জনীয়া এটি প্রতিনিধিদলে অংশ গ্ৰহণ কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More