বাক্সাৰ বাগানপাৰাত কেন্দ্ৰীয় বাহ গোসাই উৎসৱৰ সামৰণী

স্থানীয় বন্ধৰ দিন ঘোষণাত সন্তুষ্টি প্ৰকাশ

0 85

শতাব্দ প্ৰতিনিধি, বাক্সা ,২০ এপ্ৰিলঃ শৰণীয়া কছাৰী জনগোষ্ঠীটোৰ অন্যতম বাহ গোসাই উৎসৱ এইবেলি কেন্দ্ৰীয় ভাৱে উদযাপন হয় বাক্সা জিলাৰ বাগানপাৰাত । দুদিনীয়াকৈ অনুষ্ঠিত কৰা বাহ গোসাই উৎসৱৰ আজি সামৰণিৰ দিনা বাঁহ গোসাঁই পৰিভ্ৰমণ কৰে সমগ্ৰ বাগানপাৰা অঞ্চলটোত। দহ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা বাহ গোসাঁই পৰিভ্ৰমণ কাৰ্যসূচীত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকে এই বাঁহ গোসাঁই উৎসৱ প্ৰতিবছৰে চত মাহৰ সংক্ৰান্তিৰ দিনৰ পৰা সাতদিন ধৰি উদযাপন কৰা হয় বুলি মন্তব্য কৰে। বাঁহ গোসাঁইক শৰণীয়া জনগোষ্ঠীৰ লোকে শিৱলিংগ বুলি বিশ্বাস কৰি আহিছে বুলি মন্তব্য কৰি এইবেলি বাহ গোসাঁই পৰিভ্ৰমণত প্ৰায় সত্তৰটা বাঁহ গোসাঁই লৈ ৰাইজে পৰিভ্ৰমণ কৰে বুলি জানিবলৈ দিয়ে।বাহ গোসাই উৎসৱটোৰ দিনটো বি টি আৰ চৰকাৰে স্থানীয় বন্ধৰ দিন ঘোষণা কৰি শৰণীয়া জনগোষ্ঠীটোক সন্মান কৰা বুলি মন্তব্য কৰে শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্বই । আনকি বি টি আৰ চৰকাৰৰ মনোনীত সদস্য এগৰাকীক শৰণীয়া জনগোষ্ঠীৰ পৰা মনোনীত কৰাত ধন্যৱাদ জনায় বি টি আৰ চীফ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল সন্মিলিত চৰকাৰক । শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰবীন ডেকা শৰণীয়াই সভাপতিত্ব কৰা মুকলি সভাত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম ই শৰণীয়া জনগোষ্ঠীটোৰ বাহ গোসাই উৎসৱটো এক পৰম্পৰা বুলি মন্তব্য কৰে । তেঁও লগতে এই পৰম্পৰা সংস্কৃতিটোক সন্মান জনাই বি টি আৰত আজিৰ দিনটো স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে বি টি আৰ চৰকাৰে বুলি মন্তব্য কৰে । মুকলি সভাত উপস্থিত থাকি বি টি আৰৰ অধ্যক্ষ কাতিৰাম বড়োই জনগোষ্ঠীটোৰ বাহ গোসাই উৎসৱৰ তাৎপৰ্য বাখ্যা কৰে । শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক দ্বিপজ্যোতি শৰণীয়াই উদ্দেশ্য বাখ্যা কৰা সভাত ইউ পি পি এলৰ মুছলপুৰ জিলা সমিতিৰ সম্পাদক দয়াল শৰণীয়া, বি টি আৰৰ নৱনিৰ্বাচিত এম চি এল এ চম্পাৱতী ডেকা ,শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্বৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More