বাক্সা আৰক্ষীৰ জালত গোৰেশ্বৰ উন্নয়ন খণ্ডৰ প্ৰাক্তন বিডিঅ’ ভূপেন দাস

পেঞ্চনৰ ৬০ লাখ টকা আত্মসাত কৰাৰ অভিযোগ

0 18
শতাব্দ প্ৰতিনিধি,বাক্সা ,১৪ মেঃ পেঞ্চনৰ ধন জালিয়াতিৰে আত্মসাত কৰাৰ অভিযোগত আজি বাক্সা জিলাৰ মুছলপুৰ আৰক্ষীয়ে ধুবুৰী হাতীঘুৰা খণ্ড উন্নয়ন বিষয়া ভূপেন দাসক গ্ৰেপ্তাৰ কৰে। বাক্সা জিলাৰ গোৰেশ্বৰ উন্নয়ণ খণ্ডৰ কাৰ্যলয়ত বিডিঅ’ হিচাপে কৰ্মৰত অৱস্থাত থকা সময়তে ভূপেন দাসে জালিয়াতিৰে পেঞ্চনৰ ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছিল । উন্নয়ন খণ্ডটোৰ অধীনৰ  পেঞ্চনৰ প্ৰায় ৬০ লাখ টকা  অতিৰিক্ত ভাবে উলিয়াই আত্মসাৎ অভিযুক্ত ভূপেন দাসে। গোৰেশ্বৰ উন্নয়ণ খণ্ডৰ কৰ্মচাৰী ইউনিচ আলিৰ সৈতে মিলি পেঞ্চনৰ ধন আত্মসাত কৰাৰ অভিযোগত আজি মুছলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিডিঅ’ ভূপেন দাসক। বাক্সা জিলাৰ কোষাগাৰ বিষয়া তৰনী কলিতাই দিয়া এজাহাৰ ভিত্তিত মুছলপুৰ আৰক্ষীয়ে ৭৭/২০২১ নম্বৰত গোচৰ ৰুজু কৰি আজি বিডিঅ’গৰাকীক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে ২০২১ চনৰ মাৰ্চ মাহত গোৰেশ্বৰৰ পৰা হাতীঘুৰালৈ বদলি হৈছিল ভূপেন দাস । ইফালে ইউনিচ আলিয়ে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিচত আৰু গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যলয়ত কাম কৰি থকা অৱস্থাতে বিডিও ভূপেন দাসৰ সৈতে মিলি অতিৰিক্ত কৈ ইলিয়াচ আলিৰ পেঞ্চনৰ ধন কৌশলপূৰ্ন ভাৱে উলিইছিল । সম্প্ৰতি ইউনিচ আলি পলাতক অৱস্থাত আছে । এই ঘটনাৰ লগত জৰিত গোৰেশ্বৰ খণ্ড উন্নয়ন খণ্ডৰ গাণনিক বিষয়া প্ৰচুন চক্ৰৱৰ্তীক সোধপোচৰ বাবে আটক কৰে মুছলপুৰ আৰক্ষীয়ে । আটকাধীন দুয়োগৰাকী বিষয়াৰ ওপৰত মাৰাথান জেৰা অব্যাহত ৰাখিছে মুছলপুৰ আৰক্ষীয়ে ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More