বাক্সা গৰেশ্বৰৰ ব্লকৰ চৰকাৰী ধন জালিয়াতি কাণ্ডৰ মাষ্টাৰমাইণ্ড ইউনিচ আলী গ্ৰেপ্তাৰ

0 43
শতাব্দ প্রতিনিধি, বাক্সা ,২৭ মেঃ দুৰ্নীতিৰ বিৰুদ্ধে বি জে পি চৰকাৰে জেহাদ ঘোষণা কৰা সময়তে চৰকাৰী ধন জালিয়াতিৰে খণ্ড উন্নয়ন বিষয়া আৰু গ্ৰামসেৱক এগৰাকী গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বাক্সাত । বাক্সা জিলাৰ গোৰেশ্বৰৰ খণ্ড উন্নয়ন খণ্ডৰ প্ৰাক্তন বিষয়া ভুপেন দাস পেঞ্চনৰ ধন জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পাচত ঘটনাৰ মাষ্টাৰ মাইণ্ড গ্ৰামসেৱক ইউনিচ আলী পলাতক হৈ আছিল । বাক্সা আৰক্ষীয়ে শুক্ৰবাৰে পুৱতি নিশা ইউনিচ আলীৰ নিজা বাসগৃহ কামৰূপ জিলাৰ বাইহাটাৰ বেজেৰাৰ পৰা গ্ৰেপ্তাৰ কৰে । 2019 চনত ইউনিচ আলী অৱসৰ গ্ৰহণৰ পাচল তেওঁৰ পেঞ্চনৰ অতিৰীক্ত ধন 60 লাখ জালিয়াতিৰে আত্মসাৎ কৰে । বাক্সা মুছলপুৰৰ কোষাগাৰ বিষয়া তৰনী কলিতাই দিয়া এজাহাৰৰ ভিত্তিত তদন্ত কৰে বাক্সা আৰক্ষীয়ে । ঘটনাৰ লগত জৰিত সেই সময়ৰ প্ৰাক্তন বি ডিঅ ভুপেন দাসক কেইদিনমান পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল যদিও ধন জালিয়াতিৰ মাষ্টাৰমাইণ্ড ইউনিচ আলী পলাতক হৈ আছিল । কিন্তু শুক্ৰৱাৰে পুৱতি নিশা গোপন তথ্যৰ ভিত্তিত কামৰূপ জিলাৰ বেজেৰাৰ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ইউনিচ আলীক। সম্প্ৰতি বাক্সা আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ 420 / 409 নং ধাৰাৰ 77 / 21 নম্বৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা ইউনিচ আলীক   অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More