বাক স্বাধীনতাৰ স্বাৰ্থৰ বাবেই টুইটাৰক ব্যক্তিগতকৰণঃ এল’ন মাস্ক

0 19

শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ এপ্ৰিলঃ বহু প্ৰতীক্ষিত জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিশ্বৰ শীৰ্ষস্থানীয় ধনী ব্যক্তি এল’ন মাস্কে টুইটাৰ ক্ৰয় কৰিলে। সামাজিক মাধ্যমৰ জনপ্ৰিয় মাইক্ৰ’ব্লগিং চাইট ‘টুইটাৰ’ৰ এশ শতাংশ অংশীদাৰিত্ব ক্ৰয়ৰ প্ৰস্তাৱ কেইদিনমানৰ পূৰ্বে মাস্কে প্ৰেৰণ কৰাৰ পাছৰে পৰাই বিষয়টোক লৈ সমগ্ৰ বিশ্বতে ব্যাপক চৰ্চা অব্যাহত আছিল। এই প্ৰস্তাৱত কালি টুইটাৰৰ সঞ্চালক মণ্ডলীয়ে সন্মতি প্ৰদান কৰাৰ পাছতে জনপ্ৰিয় সামাজিক মাধ্যমটোৰ স্বত্বাধিকাৰী হিচাপে এতিয়াৰে পৰা এল’ন মাস্ক হোৱাটো নিশ্চিত হ’ল। চলিত বছৰতেই হস্তান্তৰকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব। টেছলা আৰু স্পেচএক্সৰ স্বত্বাধিকাৰী এল’ন মাস্কে ৪,৪০০ কোটি ডলাৰ অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত ৩,৩৬,৯৪১ কোটি ২২ লক্ষ টকাত ‘টুইটাৰ’ ক্ৰয় কৰিছে। ইয়াৰ পূৰ্বে মাস্কে ২২ হাজাৰ কোটি টকাৰ বিনিময়ত ৯.২ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰি টুইটাৰৰ সৰ্ববৃহৎ অংশীদাৰ হিচাপে পৰিগণিত হৈছিল। ইয়াৰ সুবাদতে তেওঁক টুইটাৰৰ সঞ্চালক মণ্ডলীলৈ আমন্ত্ৰণ জনোৱা হৈছিল যদিও তেওঁ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। টুইটাৰ ক্ৰয়ৰ সিদ্ধান্ত লোৱাৰ আগেয়ে মাস্কে নিজেই এনে এটা মাইক্ৰ’ব্লগিং চাইট মুকলি কৰাৰ গুণাগথা চলাইছিল। তেওঁ নিজেই প্ৰায়ে টুইটাৰ ব্যৱহাৰ কৰিছিল যদিও টুইটাৰৰ কিছু কাম-কাজত বিশেষকৈ বাক স্বাধীনতাৰ ক্ষেত্ৰত থকা প্ৰতিষ্ঠানটোৰ নীতিৰ ক্ষেত্ৰত অসন্তুষ্টি ব্যক্ত কৰিছিল। ৯.২ শতাংশ শ্বেয়াৰ ক্ৰয়ৰ পাছতে মাস্কে মন্তব্য কৰিছিল যে, বাক স্বাধীনতাৰ স্বাৰ্থৰ বাবেই টুইটাৰক ব্যক্তিগতকৰণ কৰা প্ৰয়োজন। আৰু সম্ভৱতঃ ইয়াৰ বাবেই তেওঁ টুইটাৰক ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More