বাছত অগ্নিকাণ্ড : তদন্তৰ বাবে তিনিচুকীয়াত ফৰেনছিক বিশেষজ্ঞ

0 13

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩ জুন : তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ (এ এছ টি চি) বাচ আস্থানত ১ জুনৰ পুৱা সংঘটিত এক ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনাৰ তদন্তৰ বাবে আজি ঘটনাস্থলীত উপস্থিত হয় ফৰেনছিক বিশেষজ্ঞৰ দল ৷ উল্লেখ্য যে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগত পৰিবহণ নিগমৰ ৭৭১ জন বিষয়া, কৰ্মচাৰীক চৰকাৰে বৰ্খাস্ত কৰা আৰু চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি পৰিবহণ নিগমৰ কৰ্মচাৰীয়ে ১ জুনৰ পৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তে উক্ত দিনা পুৱা তিনিচুকীয়াৰ এ এছ টি চি বাচ আস্থানত সংঘটিত এক ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনাত ভস্মীভূত হৈছিল এখন বাচ ৷ ঘটনাৰ তদন্তৰ বাবে শুকুৰবাৰে গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ আগমন ঘটে দুজন ফৰেনছিক বিশেষজ্ঞ আৰ এজন চি আই ডিৰ বিষয়াসহ এটা তিনিজনীয়া তদন্তকাৰী দলৰ ৷ দলটোৱে আজি ঘটনাস্থলীত উপস্থিত হৈ ভস্মীভূত বাচখন তন্নতন্নকৈ নিৰীক্ষণ কৰাৰ উপৰি কেতবোৰ নমুনা সংগ্ৰহ কৰে ৷ অৱশ্যে অনুসন্ধানকাৰী দলটোৱে প্ৰাথমিক তদন্তত অগ্নিকাণ্ডৰ ঘটনাত কোনো দুষ্কৃতিকাৰীৰ হাত থকাৰ সম্ভাৱনা অস্বীকাৰ কৰি দুৰ্ঘটনাবশত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনাহে ব্যক্ত কৰিছে ৷ উল্লেখ্য, উক্ত দিনা পুৱা ৭:৪৫ বজাত তিনিচুকীয়াৰ পৰা তেজপুৰলৈ যাত্ৰা কৰিবলগীয়া এ এছ ১২ বি চি ৯৪৪৭ নম্বৰৰ মুন ট্ৰেভেলছৰ ডে’ ছুপাৰখন যাত্ৰাৰ কিছুসময়ৰ পূৰ্বে দপ দপকৈ জ্বলি উঠে ৷ সেই সময়ত বাচখন এ এছ টি চি বাচ আস্থানৰ পাছফালৰ পাৰ্কিঙত ৰখাই থোৱা আছিল ৷ বাচখনৰ পাছফালৰ অংশৰ পৰাই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি প্ৰকাশ পাইছিল ৷ পাছত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিয়ন্ত্ৰণলৈ আনে যদিও ইয়াৰ পূৰ্বেই সম্পূৰ্ণ বাচখন জুইত জাহ যায় ৷ সৌভাগ্যক্ৰমে সেই সময়ত বাচখনত কোনো লোক নাছিল ৷ উল্লেখ্য যে পৰিবহণ নিগমৰ ৭৭১ বিষয়া, কৰ্মচাৰীক বৰ্খাস্তকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে সেইদিনা তিনিচুকীয়াতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ কথা আছিল ৷ কিন্তু প্ৰতিবাদী কাৰ্যসূচীৰ পূৰ্বেই তিনিচুকীয়াৰ পৰিবহণ নিগমৰ বাচ আস্থানত সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ড ৷ এই ঘটনাৰ পাছতে তাত উচ্চপদস্থ আৰক্ষী বিষয়াৰ উপৰি জিলা পৰিবহণ বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হোৱা তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে সাংবাদিকৰ আগত ব্যক্ত কৰিছিল যে বাচখনত কিদৰে অগ্নিকাণ্ড সংঘটিত হ’ল তাৰ উচিত তদন্ত কৰা হ’ব ৷ অৱশ্যে যান্ত্ৰিক বিজুতিৰ বাবেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছিল ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More