বাণ থিয়েটাৰত সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতাৰ আয়োজন

0 3

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৬ এপ্ৰিল: তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰে বিগত বছৰৰ দৰে এইবাৰো অহা ২০ জুনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰিছে সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতাৰ । স্মৃতিসভা আৰু বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে অনুষ্ঠিত হ’ব লগা এই সদৌ অসম একাংক নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ দললৈ আগবঢ়োৱা হ’ব অৰিন্দম কৌশিক সোঁৱৰণী নগদ ধনৰ বঁটা । আনহাতে, দ্বিতীয় শ্ৰেষ্ঠ আৰু তৃতীয় শ্ৰেষ্ঠ দললৈ হেদায়তউল্লাহ সোঁৱৰণী নগদ ধনৰ বঁটা আৰু কৰুণাময়ী দাস সোঁৱৰণী নগদ ধনৰ বঁটা আগবঢ়োৱা হ’ব । একেদৰে ব্যক্তিগত শিতানত প্ৰায় ১১টাকৈ সোঁৱৰণী বঁটাৰ লগতে নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দি প্ৰতিযোগী দলসমূহৰ বাবে নিয়মাৱলীসমূহো উল্লেখ কৰিছে। সেই অনুসৰি দলসমূহে কেৱল মৌলিক নাটকহে মঞ্চস্থ কৰিব লাগিব । অধিক সংখ্যক শিশু চৰিত্ৰ থকা নাটক প্ৰতিযোগিতাৰ বাবে বিবেচিত নহ’ব । ৪৫ মিনিটৰ ভিতৰত নাটক সমাপ্ত হ’ব লাগিব । ইচ্চুক প্ৰতিযোগী দলসমূহে বাণ থিয়েটাৰৰ কাৰ্যালয় আৰু উল্লেখ কৰা ফোন নম্বৰত বিতং তথ্যৰ বাবে যোগাযোগ কৰিব পাৰিব । প্ৰতিযোগিতাৰ যোগদানৰ অন্তিম তাৰিখ অহা ১৫ মে’ ধাৰ্য কৰা হৈছে । ইচ্চুক নাট্যদলসমূহে বাণ থিয়েটাৰ, বাণ পাঁচআলি, তেজপুৰ, ৭৮৪০০১ আৰু ফোন নম্বৰ ৮৬৩৮০৯১৬৯৪, ৯৪৩৫১৮৩৬২১ আৰু ৯৪৩৫৪৯০৪১৪ ত যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিছে

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More