বাতৰি বিলাই ফুৰা ল’ৰাজন নিজে এটা শোকৰ বাতৰি হ’ল 

সাংবাদিক সুব্ৰত কাকতিৰ দেহাৱসান

0 69

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৩ জুনঃ সংবাদৰ পিছে পিছে ঘূৰি ফুৰি, ৰদ-বৰষুণ নেওচি ডাঁৰৰ খবৰ ডাঁৰে বিলাই ফুৰা তজবজীয়া যুৱকজন আজি নিজে এটা শোকৰ বাতৰি বিলাই অনন্তধামলৈ গতি কৰিলে।শোকস্তব্ধ হৈ পৰিল পৰিয়াল, সতীৰ্থ তথা লখিমপুৰৰ সাংবাদিক জগত।নাৰায়ণপুৰ পথালিপাহাৰৰ মটীয়াৰ কাৰ্তিক কাকতিৰ পুত্ৰ সাংবাদিক, লেখক  সুব্ৰত কাকতিৰ আজি পুৱা গুৱাহাটীৰ ৰেল’ৱে ষ্টেচনত অসুস্থ হৈ অৱশেষত নিশ্বাস ত্যাগ কৰে।IMG 6706 যোৱা বৰ্ষৰ নবেম্বৰ মাহতে কাকতি হ্নদৰোগত আক্ৰান্ত হৈছিল।পিছত এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল । ক্ৰমশঃ স্বাস্থ্যৰ উন্নতি হৈছিল আৰু কালি ৰেলযোগে চেক আপৰ বাবে গুৱাহাটীলৈ গৈছিল। পুৱা পল্টন বজাৰ ষ্টেচনত নমাৰ পিছতে কাকতি ঢলি পৰে আৰু ততাতৈয়াকৈ তেঁওক নেমকেযাৰ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।  মৃত্যুৰ সয়য়ত কাকতিৰ বয়স আছিল  ৩৯ বছৰ।মাত্ৰ দুবছৰীয়া সাংসাৰিক জীৱনত কাকতিয়ে পত্নীক অকালতে এৰি যোৱা ঘটনাই সকলোকে শোকস্তব্ধ কৰি তোলে।কাকতিয়ে অসমীয়া প্ৰতিদিন কাকতত প্ৰথমে সংবাদ সেৱা আৰম্ভ কৰে। পিছলৈ প্ৰাগ নিউজ চেনেলত স্থানীয় সাংবাদিক হিচাপে মৃত্যু পৰ্যন্ত কৰ্মৰত হৈ আছিল । বান্দৰদেৱা প্ৰেছ ক্লাৱৰপৰা ধৰি জিলাখনৰ বহুতো অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত সমাজপ্ৰিয় যুৱ সাংবাদিকজনৰ মৃত্যুত জিলাখনৰ নাৰায়ণপুৰ প্ৰেছ ক্লাব, নৰ্থ লখিমপুৰ প্ৰেছ ক্লাব, বান্দৰদৱাৰ প্ৰেছ ক্লাব, লালুক-নাওবৈচা প্ৰেছ ক্লাব, শিমলুগুৰি আৰু ধলপুৰ প্ৰেছ ক্লাব, লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ লগতে বহুতো অনুষ্ঠান-প্ৰতিষ্ঠান-ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে । বিহপুৰীয়াৰ সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাই কাকতিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কাকতিৰ দৰে নিৰপেক্ষ,  সৰবৰহী আৰু সাহিত্যানুৰাগী যুৱকৰ মৃত্যুয়ে সমগ্ৰ জিলাখনৰ সাহিত্য আৰু সংবাদ জগতৰ  বাবে অপূৰণীয় ক্ষতি সাধিলে বুলি মন্তব্য কৰে।সাংবাদিকতাৰ উপৰি কাকতিয়ে লেখা-মেলা কৰি অসমীয়া সাহিত্য জগতলৈ অৰিহণা যোগাইছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More