বানাক্ৰান্ত কৃষকৰ বাবে জিলাই জিলাই সামূহিক কঠিয়াৰ নাৰ্চাৰী স্থাপনৰ নিৰ্দেশ উপাচাৰ্যৰ

মুখ্যমন্ত্ৰীৰ সাহায্য পুজিলৈ এদিনৰ দৰমহা

0 37

শতাব্দ প্ৰতিনিধি, যোৰহাট ,২৭ জুন : ৰাজ্যৰ বিভিন্ন জিলাত প্ৰলয়ংকৰী বানপানীয়ে দুৰ্বিষহ পৰিবেশৰ সৃষ্টি কৰাৰ সময়তে অসম কৃষি বিশ্ববিদ্যালয়ে বানাক্ৰান্তক সকাহ দিয়াৰ বাবে বিশেষ জৰুৰী পদক্ষেপ গ্ৰহণ কৰিছে । জৰুৰীভাবে বানাক্ৰান্তৰ কাষত উপস্থিত হৈ অন্ন -বস্ত্ৰৰ সাধ্যানুসৰি ব্যৱস্থা কৰাৰ লগতে কৃষকক সকাহ দিয়াৰ বাবে বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে । আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদত বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক – বিজ্ঞানগুৰু সমন্বিতে উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত জৰুৰী বৈঠকে বিশ্ববিদ্যালয় পৰিয়ালে সামুহিকভাবে ৰাজ্যৰ বানাক্ৰান্তৰ কাষত থিয় হোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে । বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাৰ সিদ্ধান্ত মৰ্মে অসম কৃষি বিশ্ববিদ্যালয়ৰ সমূহ শিক্ষক – বিষয়া আৰু কৰ্মচাৰীৰ এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ আগবঢ়োৱাৰ সিদ্ধান্ত লয় । ৰাজ্যৰ বানাক্ৰান্ত প্ৰতিখন জিলাৰ নিকটবৰ্তী কৃষি বিজ্ঞান কেন্দ্ৰ আৰু আঞ্চলিক গৱেষণা কেন্দ্ৰসমূহে বানাক্ৰান্ত এলেকাৰ কৃষকসকলক বানৰ পৰৱৰ্তী পৰ্যায়ত সকাহ দিব বাবে তাৎক্ষণিকভাবে সামুহিক নাৰ্চাৰীৰ জৰিয়তে কঠিয়া পাৰি বিনামূলীয়া বিতৰণৰ বাবে সাজু কৰিবলৈ উপাচাৰ্যই নিৰ্দেশ দিয়ে ।লগতে ৰাজ্যৰ কৃষি বিভাগে জিলাসমূহত নিৰ্মাণ কৰা সামূহিক নাৰ্চাৰীৰ ক্ষেত্ৰত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলক নিৰ্দেশ দিয়ে । বানাক্ৰান্ত এলেকাত পশুধনৰ ৰোগ নিৰাময়ৰ দিশত পদক্ষেপ হিচাপে বানাক্ৰান্ত এলেকাত ৪০-৫০ টা পশুধন স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় ।তদুপৰি বিশ্ববিদ্যালয় পৰিয়ালৰ সদস্যসকলে বন্যাত্যৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী আৰু কাপোৰ আদি বিতৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া ড° ৰঞ্জিত কুমাৰ সাউদে এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More