বান সমস্যাৰ স্থায়ী সমাধান আৰু বিমান বন্দৰক ৰূপকোঁৱৰৰ নামকৰণৰ দাবীৰে তেজপুৰত সংগীতৰ যাত্ৰা

0 5

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৬জুলাই: আজি দিনৰ ১২.৩০ বজাত তেজপুৰৰ ঐতিহাসিক বান থিয়েটাৰ চৌহদত ৰাজ্যৰ বান সমস্যাৰ স্থায়ী সমাধান তথা তেজপুৰ বিমান বন্দৰ ৰূপ কোঁৱৰ জ্যোতি প্রসাদ আগৰৱালাৰ নামত নামকৰনৰ দাবীত এক সংগীতৰ যাত্রা কার্যসূচী ৰূপায়ন কৰা হয় ।এই অনুষ্ঠানত সংগীতৰ যাত্ৰাৰ আহ্বায়ক সন্দীপ চমৰীয়াই গীতৰ দ্বাৰাই এইক্ষেত্ৰত সজাগতা সৃষ্টিৰ লগতে ৰাজহুৱা আহ্বান জনায় । বছৰি ৰাজ্যখনক বানে কেনেদৰে বিপৰ্যস্ত কৰিছে সেই বিষয়েও গীতৰ জৰিয়তেই প্ৰকাশ কৰি তেওঁ এই বৃহৎ সমস্যাৰ স্থায়ী সমাধানৰ পোষকতা কৰে। একেদৰেই ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনত নিজস্ব চিন্তা চেতনাৰে অৱদান আগবঢ়াই অহা অপৰূপ আগৰৱালায়ো এই কাৰ্যসূচীত অংশ লৈ সংগীতৰ যাত্ৰাৰ আহ্বানক ৰাইজৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰে।IMG 20220706 WA0062 ইয়াৰ পিছতে এটা সজাতি দলে শোণিতপুৰৰ উপায়ুক্তক এই সন্দৰ্ভত এখন স্মাৰক পত্রও প্ৰদান কৰে। উল্লেখযোগ্য যে এই কাৰ্যসূচীত একাধিক দল-সংগঠনেও সহযোগিতা আগবঢ়ায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More