বায়ু প্ৰদূষণৰ পৰিণতি : প্ৰতি বছৰে প্ৰায় এক কোটি লোকৰ মৃত্যু

0 447

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ জুলাই : লেন্সেট কমিছনৰ অনলাইন আলোচনী দ্য লেন্সেট প্লেনেটেৰী হেল্থত প্ৰদূষণ আৰু স্বাস্থ্যৰ ওপৰত গৱেষণা পত্ৰ প্ৰকাশ কৰা হৈছে। এক নতুন গৱেষণাৰ পৰা দেখা গৈছে যে, ২০১৫ চনৰ পৰা বৃদ্ধি পোৱা বায়ু প্ৰদূষণ আৰু সীহৰ বিষক্ৰিয়াৰ ফলত বিশ্বজুৰি প্ৰতি বছৰে প্ৰায় ৯০ লাখ লোকৰ মৃত্যু হৈছে! ইয়াৰে প্ৰায় তিনি চতুৰ্থাংশ লোকৰ মৃত্যু হৈছে কেৱল বায়ু প্ৰদূষণত। এই অধ্যয়নত লগতে প্ৰকাশ পাইছে যে ২০১৯ চনত বিশ্বজুৰি প্ৰতি ৮ জন লোকৰ ভিতৰত এজনৰ মৃত্যু হৈছিল প্ৰদূষণৰ ফলত। সেই হাৰ যুদ্ধ, মেলেৰিয়া, এইচ আই ভি, যক্ষ্মা বা ড্ৰাগছৰ ফলত হোৱা বাৰ্ষিক মৃত্যুৰ হাৰতকৈ বেছি। এই অধ্যয়ন অনুসৰি যোৱা দুটা দশকত প্ৰদূষণৰ ফলত হোৱা মৃত্যুৰ হাৰ ৬ শতাংশ বৃদ্ধি পাইছে। অপৰিকল্পিত নগৰ পৰিকল্পনা, জনসংখ্যা বৃদ্ধি, জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা আদি ইয়াৰ আঁৰৰ কাৰণ বুলি জনা যায়। অধ্যয়নৰ মুৰব্বীগৰাকীয়ে কয় যে, স্বাস্থ্যৰ ওপৰত প্ৰদূষণৰ প্ৰভাৱ বিপুল। ইয়াৰ প্ৰভাৱ কম আৰু মধ্যম আয়ৰ দেশসমূহত পৰে। আন্তঃৰাষ্ট্ৰীয় উন্নয়ন কাৰ্যসূচীত প্ৰদূষণ প্ৰতিৰোধক অৱহেলা কৰা হৈছে। লেন্সেট কমিছনৰ মতে ২০১৯ চনত বায়ু প্ৰদূষণৰ আটাইতকৈ ভয়াৱহ কাৰণ আছিল পানী প্ৰদূষণ। পানী প্ৰদূষণৰ ফলত ২০১৯ চনত চাৰে তেৰ লাখ লোকৰ অকাল মৃত্যু হৈছিল। তাৰ পিছত মৃত্যুৰ কাৰণ হিচাপে শীৰ্ষত সীহৰ বিষক্ৰিয়া আছিল। প্ৰদূষণৰ ফলত মৃত্যু হোৱা ১০খন দেশৰ ভিতৰত অধিকাংশই হৈছে আফ্ৰিকাত। ২০১৯ চনত বায়ু প্ৰদূষণৰ ফলত মৃত্যু হোৱা লোকৰ তালিকাত শীৰ্ষত আছিল ভাৰত। বিশ্বৰ মৃত্যুৰ হাৰ আৰু প্ৰদূষণৰ মাত্ৰা সম্পৰ্কে বিজ্ঞানীসকলৰ তথ্য বিশ্লেষণ অনুসৰি ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন প্ৰক্ৰিয়াকে ধৰি নগৰায়নৰ ফলত ২০১৫-২০১৯ চনৰ পৰা বায়ু প্ৰদূষণৰ ফলত হোৱা মৃত্যুৰ হাৰ ৮ শতাংশ বৃদ্ধি পাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More