বালিচৰত কৃষি সম্ভাৱনীয়তা

কৃষিত অভিজ্ঞতা প্ৰধান

0 481

মুক্তাৰ আলী

সমগ্ৰ বিশ্বৰ লগতে অসমৰ কৃষি-ক্ষেত্ৰতো বৈপ্লৱিক পৰিৱৰ্তন সাধিত হৈছে। তথ্য-প্ৰযুক্তিৰ নিত্য নতুন আবিষ্কাৰে অজ্ঞতা আঁতৰাই আধুনিক কৃষি-কৌশলবোৰো সৰ্বব্যাপী কৰি তুলিছে। কৃষি প্ৰধান অসমৰ নৈপৰীয়া কৃষক ৰাইজেও সংগ্ৰামী জীৱন যুদ্ধৰ বিকল্পৰ সন্ধানত নতুন চিন্তাধাৰাৰে আগবাঢ়ি গৈছে।
দীৰ্ঘ সময়ৰ পৰাই মহাবাহু ব্ৰহ্মপুত্ৰৰ ইচ্ছা অনিচ্ছাত চলা নৈপৰীয়া চহা জনতাৰ মুখলৈ লুইতৰ বালিচৰেও কঢ়িয়াই আনিছে প্ৰাপ্তি আৰু প্ৰাচুৰ্যৰ বতৰা। বালিচৰত পদ্ধতিগতভাৱে কৃষি কৰ্মৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখি আত্মসংস্থাপনৰ বাট মুকলি কৰিছে লখিমপুৰ জিলাৰ একাংশ কৃষকে। যোৱা শতিকাৰ অষ্টম দশকৰ পৰা ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ বহু শস্য-শ্যামলা ভূমি নদীৰ প্ৰৱল খহনীয়াত জাহ গৈ বালিচৰত পৰিণত হৈছে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে আদি কৰি অৰুণাচল প্ৰদেশত নিৰ্মীয়মান ৫৪০টা সৰু বৰ জলবিদ্যুৎ প্ৰকল্পৰ খননৰ ফলত ৰঙানদী,সোৱণশিৰি,দ্ৰোপাং,ডিক্ৰং আদিকৈ নদীবোৰৰ গৰ্ভ বালিৰে পুতি পেলাইছে। নদীপৃষ্ঠৰ গভীৰতা তীব্ৰৰূপত হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত বাৰিষা খহনীয়াৰ প্ৰকোপ বৃদ্ধি হৈ প্ৰতি বছৰেই কৃষকৰ হাতৰ পৰা হেৰাই গৈছে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি। এফালে জনসংখ্যাৰ বিস্ফোৰণ আনফালে কৃষিভূমি হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত মানুহৰ মাজত বৃদ্ধি পাইছে বিকল্পৰ সন্ধান। বহুতেই অন্ন বস্ত্ৰৰ তাড়নাত মাটিৰ মোহ এৰি ঢাপলি মেলিছে দেশৰ বিভিন্ন প্ৰান্তলৈ। বালি বাঢ়িছে মাটি কমিছে।

      নদীদ্বীপখ্যাত মাজুলীকে মুখ্য কৰি অন্যান্য নদী কাষৰীয়া অঞ্চলবোৰত হেজাৰ হেজাৰ হেক্টৰ বালিচৰ বছৰৰ পাছত বছৰ ধৰি এনেয়ে পৰি থাকে। যিহেতু বালিত সাধাৰণতে খেতি কৰি লাভাম্বিত হোৱাৰ আশা শূন্য বুলিয়েই সকলোৱে মানি আহিছে। অৱশ্যে ইয়াৰ বিপৰীতে বালিচৰতো খেতি কৰি সফলতা অৰ্জন কৰিব পৰা নিশ্চয়তা এতিয়া তেনেই সহজ হৈ পৰিছে একাংশ লোকৰ অক্লান্ত প্ৰচেষ্টাৰ পিছত।এইখিনিতে ক’ব পাৰি যে বালিচৰত খেতি কৰাৰ দুটা বিশেষ সুবিধা হ’ল -হাল বোৱাৰ খৰচৰ প্ৰয়োজন নাই আৰু অপতৃণৰ পৰাও ৰেহাই পোৱা যায় ।
বালিচৰত কৰিব পৰা বহুবোৰ খেতি আছে যদিও  হ্ৰস্বম্যাদী আৰু কম খৰছত কৰিব পৰা এবিধ খেতি হ’ল ৰঙালাও। বালিচৰত সাধাৰণতে কাতি মাহৰপৰা এইবিধ খেতিৰ কাম আৰম্ভ কৰিব পৰা যায়। যিহেতু কাতি মাহৰ পৰা বহাগলৈকে বান অহাৰ সম্ভাৱনা নাথাকে। সাধাৰণতে দেশী প্ৰজাতিৰ ৰঙালাও’ৰ উপৰি বৰ্ণসংকৰ বীজ ৰোপন কৰি লাভাম্বিত হ’ব পাৰি। মনত ৰখা ভাল যে বৰ্ণসংকৰ বীজ কৃষি বিভাগৰ অনুমোদিত হোৱাটো বাঞ্ছনীয়। লগতে বীজতলীৰ প্ৰস্তুতিও হ’ব লাগে সঠিক।

 বালিচৰত কৰা ৰঙালাওৰ কৃষি-পদ্ধতি :

ৰঙালাও বীজতলীৰ বাবে প্ৰথমতে তিনিফুট দীঘল দুফুট বহল আৰু ডেৰ ফুট গভীৰ (৩×২”×১ ১/২”)জোখৰ গাঁত প্ৰতি ছফুটৰ আঁতৰে আঁতৰে খান্দি সেইবোৰ এভাগ মাটি আৰু এভাগ গোবৰ আৰু কিছু জৈৱ সাৰেৰে পুৰ কৰি ৰাখিব লাগে।এনেকৈ ১০/১২দিন ৰখাৰ পাছত প্ৰতিটো গাঁতত দুই তিনিটাকৈ বীজ ৰোপন কৰিব লাগে। অৱশ্যে আগতীয়াকৈ পলিবেগত পুলি প্ৰস্তুত কৰিও ৰোপন কৰিব পৰা যায়। শাৰীৰ পৰা শাৰীলৈ দহ ফুট আৰু পুলিৰ পৰা পুলিলৈ ছফুট ব্যৱধান ৰাখিব লাগে। বীজ অংকুৰিত হোৱাৰ দহ,বাৰ দিনৰ পিছত পুলিবোৰ সামান্যৰূপে খুচৰি পাতলীয়াকৈ জলসিঞ্চন কৰিব পাৰিলে ভাল। ৰঙালাউ খেতিত প্ৰতিজোপা গছৰ বিপৰীতে এশগ্ৰাম ডিএপি সাৰ প্ৰয়োগ কৰিব পাৰি।
ৰঙালাও খেতিত সাধাৰণতে পাত খোৱা পোকৰ আক্ৰমণ লক্ষ্য কৰা যায়। কেতিয়াবা পাতবোৰ হালধীয়া পৰা আৰু ভাইৰাছজনিত কিছু ৰোগে দেখা দিয়ে।ইয়াৰ বাবে উপযুক্ত প্ৰতিকাৰী ঔষধ ব্যৱহাৰ কৰা জৰুৰী।এনেবোৰ ৰোগৰ পৰা হাত সাৰিবলৈ হ’লে বীজ নিৰ্বাচন সঠিক কৰাৰ লগতে ৰোপনৰ আগত বীজবোৰ বেভিষ্টিন বা অন্য ভেকুৰনাশক ঔষধত তিয়াই শোধন কৰি লোৱাটো অত্যন্ত প্ৰয়োজন।
ৰঙালাও খেতিৰ উৎপাদন অধিক পাবলৈ হ’লে দুটা বিশেষ কথাত গুৰুত্ব দিয়া উচিত।প্ৰথমতে কাটিং প্ৰদ্ধতি আৰু দ্বিতীয়টো কৃটিম পৰাগায়ন।
কাটিং পদ্ধতিত পুলিটো ৬ৰ পৰা ৮ পতীয়া হ’লে তাৰ আগৰ কুঁহটো চিঙি দিয়া হয়।ইয়াৰ পাছত যিটো মূল আগ বগাই যাই তাৰ আগটো তলৰ পাতখিলাৰ সমান্তৰালকৈ কাটি দিব লাগে।এনে কৰাৰ পাছত গা-গছডালৰ প্ৰতিখিলা পাতৰ গুৰিৰ পৰা আগ ওলাই গছজোপা জোপোহা হৈ পৰে আৰু পিছত ওলোৱা আগবোৰত স্ত্ৰী ফুলৰ আগমন ঘটে।
দ্বিতীয়তে ৰঙালাউ খেতিৰ স্ত্ৰী ফুল আৰু পুৰুষ ফুলৰ সংযোগ স্থাপন কৰিলে ফল সুষ্ঠ হয় যাক কৃত্ৰিম পৰাগায়ন বা পৰাগৰেণুৰ সংযোগ বুলি অভিহিত কৰা হয়।ইয়াৰ বাবে পুৰুষ ফুলৰ পাপৰিবোৰ খুলি মাজৰ দণ্ডডাল উলিয়াই স্ত্ৰী ফুলপাঁহত লগাব লাগে। এডাল দণ্ডৰে পাঁচ-ছপাহ ফুলত পৰাগায়ন কৰিব পাৰি ।পৰাগায়ন প্ৰায় পুৱা আৰু ভাটি বেলা কৰা ভাল।এপা‍হ ফুলত এবাৰ পৰাগায়ন কৰিলেই যথেষ্ঠ ।মাখি আৰু অন্যান্য অপকাৰী কীট-পতংগৰ পৰা সুৰক্ষা দিবলৈ প্লাষ্টিকৰ বৈয়ামত চাবোন পানী ভৰাই মাখি সোমাব পৰাকৈ ফুটা কৰি শাৰীৰ মাজে মাজে উলমাই ৰাখিব লাগে।মাখি পোকে ফুলৰ ভিতৰত কণী পাৰে আৰু কণীৰ পৰা পোক হৈ ফল নষ্ট কৰে। এই মাখিৰ আক্ৰমণৰ ফলত পঞ্চাছৰ পৰা সত্তৰ শতাংশ ফল নষ্ট হয়।চাবোন পানী নাইবা নিমপাতৰ ৰস স্প্ৰে কৰি এইবিধ পোকৰ পৰা গছজোপা বচাব পাৰি ।
মাজে সময়ে বন-বাত পৰিষ্কাৰ কৰি খেতিডৰা চিকুনাই ৰাখিব লাগে। প্ৰথমবাৰৰ পাছত পুলিবোৰ বগোৱাৰ সময়ত দ্বিতীয়বাৰ যদিহে বৰষুণ নহয় তেন্তে জলসিঞ্চন কৰিব লাগে।
বীজ অংকুৰিত হোৱাৰ দুমাহৰ ভিতৰত ৰঙালাও লাগিবলৈ আৰম্ভ কৰে আৰু বেমাৰৰ আক্ৰমণ নহ’লে আঢ়ৈ মাহলৈকে ফল পোৱা যায়। পৰাগৰেণু সংযোগৰ ১০-১৫ দিনৰ ভিতৰত ফল খোৱাৰ উপযোগী হয়। ফল পূৰঠ হলে পাতল হালধীয়া বৰণৰ হয়। পাচলি হিচাপে ব্যৱহাৰ কৰিবলৈ ফল লগাৰ ২০ দিন মানৰ পৰা চিঙিব পাৰি। খেতিত ফলন বৃদ্ধিৰ বাবে যথোপযুক্ত হ’ৰমন ব্যৱহাৰ কৰিব লাগে। হ’ৰমন প্ৰয়োগৰ ফলত পুৰুষ ফুলৰ পৰিমাণ কমি স্ত্ৰী ফুলৰ সংখ্যা বৃদ্ধি হয়।
ৰঙালাউ খেতি কৰি প্ৰতিবিঘা মাটিত খৰছ কাটিও ২০/৩০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰি।যিহেতু ৰঙলাও এবিধ অতি উপকাৰী ফল ও পাচলি গতিকে ইয়াৰ চাহিদাও অধিক। ৰঙলাওৰ মঙহাল অংশৰ উপৰি গুটিবোৰো ঔষধি গুণসম্পন্ন বুলি কোৱা হয়।
আজিকালি কৃষি বিভাগৰ তৰফৰ পৰা বীজ ,সাৰ আদি যোগান ধৰে।স্থানীয় কৃষি কেন্দ্ৰৰ লগত যোগাযোগ কৰি এইবিধ খেতি কৰিলে নিশ্চিতভাৱে অধিক সফল হ’ব পাৰিব।

উপৰোক্ত কৃষি-পদ্ধতিৰে এই লেখকে ব্যক্তিগতভাৱে প্ৰথমতে পৰীক্ষামূলকভাৱে আৰু পিছলৈ ব্যৱসায়িকভাৱে খেতি কৰি লাভাম্বিত হৈছো। এসময়ত আমি হেয় দৃষ্টিৰে চোৱা বাংলাদেশী কৃষকে এনেবোৰ পদ্ধতি বহুবছৰ আগৰেপৰাই প্ৰয়োগ কৰি সফলতা অৰ্জন কৰিছে। ইউটিউবত প্ৰকাশিত তেনে বাতৰিৰ পৰা অনুপ্ৰাণিত হৈয়েই আমিও পৰীক্ষামূলকভাৱে এই পদ্ধতিত খেতি কৰি সুফল লাভ কৰিছো।

লেখকৰ ঠিকনা
তিনতিয়া,মেৰমুখ, লখিমপুৰ
ম’বাইল ৯৬৭৮২৯৬৯১০

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More