বাৰেকুৰিত দুদিনীয়াকৈ বিশ্ব হলৌ দিৱস উদযাপনৰ প্ৰস্তুতি

0 20

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ ছেপ্টেম্বৰ : দুষ্প্ৰাপ্য হলৌ বান্দৰক কেন্দ্ৰ কৰি গ্ৰাম্য পৰ্যটনৰ ভেটি গঢ় লৈ উঠা তিনিচুকীয়া জিলাৰ বাৰেকুৰিত এইবাৰো বিশ্ব হলৌ দিৱস উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে ৷ সেই উপলক্ষে তৰাজান-ডেংকা সন্মিলিত যুৱক সংঘৰ খেলপথাৰত দেওবাৰে অসম মৰাণ সভাৰ তৰাজান-ডেংকা শাখা আৰু বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতিৰ উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ বিভিন্ন দল-সংগঠন, স্থানীয় ভালেসংখ্যক সচেতন ৰাইজৰ উপস্থিতিত সভাত সৰ্বসন্মতিক্ৰমে ২৮ আৰু ২৯ অক্টোবৰত দুদিনীয়া কাৰ্য্যসূচীৰে বিশ্ব হলৌ দিৱস-২০২২ উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সেই উদ্দেশ্যেৰে সভাপতি অৰুণজ্যোতি মৰাণ, কাৰ্য্যকৰী সভাপতি প্ৰবাল চেতিয়া, যুটীয়া সম্পাদক অশ্বিনী বড়া আৰু অচ্যুত চেতিয়াক দায়িত্ব দি এখন আয়োজক সমিতি গঠন কৰা হয় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More