বাৰ্মিংহাম সময়ৰ মূল্য বুজি পালে হিমা দাসে

সংবাদমেলত অভিজ্ঞতা বৰ্ণনা ধিং এক্সপ্ৰেছ হিমাৰ

0 12

 সময়ৰ মূল্যটো বুজি পাইছো। চেকেণ্ডৰ কিমান মূল্য সেয়া উপলব্ধি কৰিছো। খালী চকুৰে এই চেকেণ্ড মনিব নোৱাৰি। আমাক যিসকলে সমালোচনা কৰে তেওঁলোকে আমাৰ কিমান কষ্ট হয় দেখিলেহে গম পাব। কেতিয়াবা আমাৰ মুখৰে নাকেৰে তেজ ওলাই যায়।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১১ ‍আগষ্টঃ খেলুৱৈ জীৱনৰ ক্ৰমাগত দ্বিতীয়খন কমনৱেলথ গেমছত অংশগ্ৰহণৰ পিছত বৃহস্পতিবাৰে গুৱাহাটীত আহি উপস্থিত হয় হিমা দাস। পদক নাপালেও বাৰ্মিংহামত মহিলাৰ ২০০ মিটাৰ ইভেন্টত ছেমি ফাইনেলত সুন্দৰ প্ৰদৰ্শনেৰে ইতিহাস সৃষ্টি কৰিছিল হিমা দাসে। মাইক্ৰ’ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও হিমা দাসে গ্ৰেট ব্ৰিটেইনৰ ভূমিত দেখুৱাই দিছিল অসমীয়াৰ শক্তি। বৃহস্পতিবাৰে ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসে গুৱাহাটীৰ হোটেল ভিভান্তাত এখন সংবাদমেল সম্বোধন কৰে। অসম এথলেটিকছ সন্থাই আয়োজন কৰা সংবাদ মেলখনত হিমা দাসে বাৰ্মিংহামৰ অভিজ্ঞতা ব্যক্ত কৰে। তেওঁ কয় যে সময়ৰ মূল্যটো বুজি পাইছো। চেকেণ্ডৰ কিমান মূল্য সেয়া উপলব্ধি কৰিছো। খালী চকুৰে এই চেকেণ্ড মনিব নোৱাৰি। আঘাতটো খেলৰ ক্ষেত্ৰত থাকেই বুলি উল্লেখ কৰি তেওঁ কয় যে আঘাত হ’লেও খেলুৱৈয়ে যিকোনো ঔষধ খাব নোৱাৰে। ব্যায়াম কৰি ভাল কৰিব লগা হয়। য‍াৰবাবে ধৈৰ্য শক্তি বেছি লাগে। নিজকে নিজে শক্তিশালী কৰিব লাগে। তেওঁ লগতে কয় যে সকলোৱে সমালোচনা কৰিবই। সকলোতে পজিটিভ নিগেটিভ থাকে। ট্ৰ’ল নতুনকৈ উলাইছে অসমত। সেইবোৰ বাদ দি কাম কৰি যাব লাগে বুলি তেওঁ কয়। তেওঁ লগতে কয় যে আমাক যিসকলে সমালোচনা কৰে তেওঁলোকে আমাৰ কিমান কষ্ট হয় দেখিলেহে গম পাব। কেতিয়াবা আমাৰ মুখৰে নাকেৰে তেজ ওলাই যায়। প্ৰথমে সকলোৱে বোকা পানী দৌৰি আহিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে তাৰ পিছতহে সফলতা আহে। বাহিৰৰ খেলুৱৈ লগত আমাৰ একো পাৰ্থক্য নাই বুলি তেওঁ সদৰি কৰে। তেওঁ কয় যে তেওঁৰ পৰৱৰ্তী লক্ষ্য হ’ল ২০২৪ চনৰ পেৰিছ অলিম্পিক। উল্লেখ যে হিমা দাসে মহিলাৰ ২০০ মিটাৰত দশম স্থান লাভ কৰিছিল। হিমা দাসৰ এইবাৰৰ কমনৱেল্থ গেমছখন হ’ল ক্ৰমাগত দ্বিতীয়বাৰৰ কমনৱে্থ গেমছ। ইয়াৰ পূৰ্বে ২০১৮ চনৰ অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত অনুষ্ঠিত একবিংশতিতম কমনৱেল্থ গেমছত অংশ লৈ ষষ্ঠ স্থান লাভ কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More