বিজেপিয়ে বাকী আৰু ফাঁকিৰে চৰকাৰ চলাইছে

শোণিতপুৰ জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিৰ দায়িত্ব গ্ৰহণ

0 22

 শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫ জানুৱাৰী :বিগত বিধান সভা নিৰ্বাচন আৰু পৌৰ নিৰ্বাচনত শোচনীয় অৱস্থাৰ সন্মুখীন হোৱাৰ পাছতেই প্ৰায় নিৰ্জীৱ হৈ পৰা তেজপুৰ স্হিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আজি দেখা গ’ল এক ভিন্ন পৰিৱেশ৷শোভাযাত্ৰা আৰু বিহু তথা খোলতাল আৰু ফটকাৰ শব্দৰ মাজৰে আজি এই কাৰ্যালয়ত শোণিতপুৰ জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি দাদুল বৰকাকতিয়ে গ্ৰহণ কৰে দায়িত্বভাৰ৷তেজপুৰৰ ৰাজীৱ ভৱনত প্ৰৱেশ কৰি দায়িত্ব ভাৰ গ্ৰহণ কৰাৰ পূৰ্বে তেজপুৰৰ গণেশঘাটত থকা গণেশ মন্দিৰত পূজা অৰ্চনা কৰা জিলা সভাপতিজনক খোল তাল বজাই জিলাৰ কংগ্ৰেছ কৰ্মী সকলে ৰাজীৱ ভৱনলৈ আদৰি আনে৷ তাকে লৈ উৎফুল্লিত হৈ পৰে কংগ্ৰেছ কৰ্মী সকল।আনহাতে দায়িত্ব লৈয়েই বৰকাকতিয়ে কংগ্ৰেছ কৰ্মী সকলক প্ৰতিশ্ৰুতি দিয়ে যে আগন্তুক দিনত কংগ্ৰেছ দলৰ হৈ নিস্বাৰ্থ ভাবে কাম কৰা লগতে বাকী আৰু ফাঁকিৰে চলি থকা বিজেপি চৰকাৰ খনৰ বিৰুদ্ধে আগন্তুক লোক সভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বাবে যুঁজি দলীয় প্ৰাৰ্থীক জয় কৰাৰ চেষ্টা চলোৱা হ’ব। দায়িত্ব ভাৰ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি বৰকাতিয়ে কয় যে ,অনাগত লোক সভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শোণিতপুৰ জিলা কংগ্ৰেছে । ২০২৪ ত হবলগীয়া লোক সভা নিৰ্বাচনক শোণিতপুৰ জিলা কংগ্ৰেছৰ নিযুক্ত জিলা সভাপতি দাদুল বৰকাকতিয়ে কয় যে বিজেপি দলৰ চৰকাৰে অসমত বাকী আৰু ফাঁকিৰে শাসন চলাই আহিছে আৰু এই বিষয়ে ৰাইজ অৱগত৷ গতিকে জিলাখনত এইবাৰ মুঠ ১১ খন বুঠ কমিটি লৈ কংগ্ৰেছ দলটোক এক নতুন ৰূপ দিয়াৰ পৰিকল্পনা হাতত লৈছে বুলি তেওঁ কয়৷উল্লেখযোগ্য যে,শোণিতপুৰ জিলাত বিগত সময়চোৱাত দলটোৱে কোনো ধৰণৰ ভাল ফল দেখুৱাব পৰা নাছিল৷আজি বৰকাতিৰ স’তে প্ৰাক্তন বিধায়ক অভিজিত হাজৰিকা আৰু কাৰ্তিক কুৰ্মী,নয়ন গোস্বামী আদিও উপস্থিত আছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More