বিদেশত পুনৰ ভাঙিলে গান্ধীৰ প্ৰতিমূৰ্তি

কানাডাস্থিত ভাৰতীয় দূতাবাসৰ ক্ষোভ প্ৰকাশ

0 8
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ জুলাই : আকৌ এবাৰ বিদেশত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তৰ দলে। অষ্ট্ৰেলিয়াৰ পিছত এইবাৰ কানাডা। কানাডাৰ ৰিচমণ্ড হিলত সংঘটিত হৈছে এই ঘটনা। কানাডাত থকা ভাৰতীয় দূতাবাসে এই খবৰটো টুইট কৰে। এই জঘন্য কাণ্ডক লৈ অসন্তুষ্টি প্ৰকাশ কৰি ভাৰতীয় দূতাবাসে টুইট কৰি কয় যে গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ ফলত কানাডাত থকা প্ৰবাসী ভাৰতীয়সকলৰ অনুভৱত আঘাত হানিছে। এই ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰিছে ভাৰতে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ৰিচমণ্ড পাহাৰত এটা বিষ্ণু মন্দিৰ আছে। সেই মন্দিৰৰ কাষতে আছিল গান্ধীৰ প্ৰতিমূৰ্তি। দুষ্কৃতিকাৰীয়ে আচম্বিত আক্ৰমণ চলাই মূৰ্তিটো ভাঙি পেলায়। তদুপৰি স্থাপত্যৰ ওপৰত কেইবাটাও আপত্তিজনক শব্দ লিখা হৈছে। আক্ৰমণৰ খবৰ পাই আৰক্ষী উপস্থিত হয় যদিও তেতিয়ালৈ দুষ্কৃতিকাৰী পলাই গৈছিল। ইতিমধ্যে কানাডাৰ আৰক্ষীয়ে দুৰ্বৃত্তক আটক কৰিবলৈ তালাচী আৰম্ভ কৰিছে। চচিয়েল মিডিয়াত ভাৰতীয় দূতাবাসে কানাডাৰ গান্ধীৰ প্ৰতিমূৰ্তিৰ এখন ছবি পোষ্ট কৰি লিখিছে— “ৰিচমণ্ড পাহাৰত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভঙাত আমি স্তম্ভিত হৈছোঁ। এয়া অপৰাধমূলক কাণ্ড। এই জঘন্য কাৰ্যই কানাডাৰ ভাৰতীয় জনগোষ্ঠীৰ আৱেগক গভীৰভাৱে আঘাত কৰিছে।” দূতাবাসে কানাডা চৰকাৰক অভিযুক্তসকলক উপযুক্ত শাস্তি দিবলৈ দাবী জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More