পংকজ হাজৰিকা
অসম চৰকাৰৰ শিক্ষা বিভাগে বিভিন্ন সময়ত বিভিন্ন আঁচনি ৰূপায়ন কৰি আহিছে। সমান্তৰালকৈ চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ পৰিমাণ দ্ৰুত গতিত কমিব লাগিছে।কিছু বিদ্যালয় এনে পৰ্যায় পাইছেগৈ যে কাৰোবাৰ এজনো ছাত্ৰ-ছাত্ৰী নাই,কাৰোবাৰ আকৌ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাতকৈ শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা সৰহ, কিন্তু শিক্ষাৰ মানদণ্ড একেবাৰে তলৰ।আনহাতে আন কিছু সংখ্যক বিদ্যালয় দেখা যায় ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নাই বা শতাধিক ছাত্ৰ-ছাত্ৰীক এজন শিক্ষকেই বিনামূলীয়া বাধ্যতামূলক প্ৰাথমিক শিক্ষা প্ৰদান কাৰ্যত ব্ৰতী হৈছে।এইবোৰ নিশ্চয় চৰকাৰৰ দৃষ্টিগোচৰ হৈছে আৰু এদিন সমাধান হ’ব। কিন্তু তেতিয়ালৈ ভালে কেইটা প্ৰজন্ম বঞ্চিত হৈছে আৰু হৈ থাকিব।জন্ম নিয়ন্ত্ৰণ,চৰকাৰৰ অমনোযোগিতা-অপৰিপক্বতা আৰু ব্যৱহাৰিক জ্ঞানৰ অভাৱ,এচাম অভিভাৱকৰ শিশুক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়োৱাৰ হাবিয়াস, একাংশ শিক্ষক-শিক্ষয়িত্ৰীৰ দায়বদ্ধহীনতা,শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক চৰকাৰী বিদ্যালয়ত নপঢ়োৱা আদি বোৰ কাৰণতে চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি আহিছে।যাৰ ফলত ২০১৬-১৭ বৰ্ষৰ পৰা দেখা গৈছে যে এক কিলোমিটাৰ ব্যাসাৰ্ধৰ প্ৰাথমিক বিদ্যালয়,৩কিলোমিটাৰ ব্যাসাৰ্ধৰ মধ্য ইংৰাজী বিদ্যালয়,৫কিলোমিটাৰ দূৰত্বৰ ভিতৰৰ উচ্চ মাধ্যমিক বিদ্যালয় সমূহ একত্ৰিকৰণ কাম আৰম্ভ হৈছে।এই ক্ষেত্ৰত বহু একত্ৰিকৰণ হ’ব লগা বিদ্যালয় একত্ৰিকৰণ নহ’ল, কিন্তু নহ’ব লগা বহু বিদ্যালয় কাৰোবাৰ ভুলৰ বাবে একত্ৰিকৰণ হ’ল। যাৰ ফলত বিভাগ বা চৰকাৰ আৰু জনসাধাৰণৰ মাজত বিৰোধ হোৱা পৰিলক্ষিত হয়।এই সকলোবোৰ চৰকাৰৰ লীলা। আমি হাজাৰ বাৰ ক’লেও সৰ্বজ্ঞানী চৰকাৰখনে নুশুনিব।সেয়েহে এইবোৰত মতামত দিব নিবিছাৰো। এটা কথা ঠিক যে চৰকাৰী বিদ্যালয় সমূহত বৰ্তমান যি সকল ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰি আছে তেওঁলোকৰ প্ৰায় ৯০%ই আৰ্থিক ভাবে পিছপৰা পৰিয়ালৰ।ইয়াৰ বহুতৰে ইচ্ছা থাকিলেও ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়াবলৈ অসুবিধা।অৱশ্যে আন কিছু সংখ্যকে এতিয়াও চৰকাৰী বিদ্যালয়ৰ ওপৰত আস্থা ৰাখিছে।কিছুদিনৰ আগতে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীজনে কৈ দিলে ৩০জনৰ কম ছাত্ৰ-ছাত্ৰী থকা সকলো বিদ্যালয় বন্ধ কৰা হ’ব।এইয়া চৰকাৰৰ ইচ্ছা, তাত ক’ব লগা নাই।হয়তু শিক্ষা ব্যৱস্থাৰ পৰিকল্পনা। এতিয়া আহোঁ সংস্থাপনৰ কথালৈ।শিক্ষা বিভাগৰ এই ব্যৱস্থাই কিন্তু আমাৰ ভৱিষ্যৎ প্ৰজন্মক নিবনুৱা সজোৱাত অৰিহনা যোগাব।ভাল দৰে লক্ষ্য কৰিলে দেখা যায় যে চৰকাৰী বিদ্যালয় সমূহত দক্ষতাৰেই হওঁক বা অনুকম্পা মূলক ভাবেই হওঁক, চৰকাৰী নেতা-পালিনেতাৰ আৰ্শীবাদতেই হওঁক বা TET উত্তীৰ্ণই হওঁক অসমত হাজাৰ -হাজাৰ শিক্ষক-কৰ্মচাৰী নিয়োজিত হৈ আহিছে।কিন্তু প্ৰত্যক্ষ ভাবেই হওঁক বা একত্ৰিকৰণ প্ৰক্ৰিয়াৰে বিদ্যালয় সমূহ বন্ধ হোৱাৰ সমসাময়িক ভাবে তেওঁলোকৰ পোষ্ট সমূহো নাইকিয়া হৈ আহিব।যাৰ ফলত বহু মেধা নিবনুৱা হৈ পৰিব অনাগত দিনত।অসম এনে এখন ৰাজ্য নহয় যে সংস্থাপন উভৈনদী।এই কথাবোৰ সমাজখনে ভাবিবৰ হ’ল।ইতিমধ্যে বহু পলম হ’ল যদিও এতিয়াও কৰিব লগা কিছু আছে।আজি আপোনাৰ সংস্থাপন আছে কিন্তু কালিলৈ আপোনাৰ সন্তানৰ কি হ’ব এবাৰ ভাবক।চৰকাৰ পৰিকল্পনা সমালোচনা কৰা বা বিৰোধ কৰাৰ মানসিকতা মোৰ নাই, কিন্তু ভৱিষ্যৎ প্ৰজন্মৰ কথা ভাবি ভয় লাগিছে।যদি এই বছৰত অসমত ১০০০০বিদ্যালয় বন্ধ হয় তেন্তে গড় হিচাপে তিনিজনকৈ ধৰিলে ৩০০০০জনে ভবিষ্যতে সংস্থাপনৰ পৰা বঞ্চিত হ’ব।সেয়েহে সময় থাকোতেই সাধাৰণ নাগৰিক সকলেই হওক ,শিক্ষক-শিক্ষয়িত্ৰী সকলে ,বিভাগৰ বিষয়া কৰ্মচাৰী সকলে নিজা পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰক। নহ’লে অনাগত দিনত নিবনুৱা সমস্যাই আৰু জটিল ৰূপ ধাৰণ কৰাই নহয় বহু দৰিদ্ৰ পৰিয়ালৰ শিশু শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব।তেতিয়া কেৱল অনুতপ্তহে হ’ব পাৰিব কিন্তু কৰিবলৈ একো নাথাকিব।