বিদ্যুতৰ মাছুল বৃদ্ধিকলৈ প্ৰতিক্ৰিয়া

0 21
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৩০ জানুৱাৰীঃ প্ৰাকৃতিক গেছৰ মূল্য বৃদ্ধিৰ অজুহাত দেখুৱাই ফেব্ৰুৱাৰীৰ পৰা বিদ্যুতৰ মাছুল প্ৰতি ইউনিটত ৫০ পইচাকৈ বৃদ্ধি কৰাৰ তীব্ৰ প্ৰতিবাদ কৰি অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্চ এছচিয়েছনৰ ৰাজ্যিক কমিটিয়ে। এক প্ৰেছ বিবৃতিত কয় যে, বয়-বস্তুৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে যেতিয়া ৰাজ্যখনৰ জনসাধাৰণক জৰুলা কৰি পেলাইছে তেতিয়া চৰকাৰে ৰাইজক অৰ্থনৈতিক সকাহ দিয়াৰ পৰিবৰ্তে বছৰত তিনি চাৰিবাৰকৈ বিদ্যুতৰ মাছুল বৃদ্ধি কৰি  সাধাৰণ ৰাইজক  মাধমাৰহে সোধাইছে। ইন্ধনৰ মূল্য বৃদ্ধিৰ কথা কৈ এটা বছৰত তিনি চাৰিবাৰকৈ মাছুল বৃদ্ধি কৰা সম্পূৰ্ণ অন্যায়, অযুক্তিকৰ আৰু ই এটা নজিৰবিহীন ঘটনা বুলিও বিবৃতিটোত উল্লেখ কৰি লগতে কোৱা হয় যে যোৱা ডিচেম্বৰত প্ৰতি ইউনিটত ৩০ পইচা মাছুল বৃদ্ধিৰ বিৰুদ্ধে জনসাধাৰণৰ প্ৰতিবাদক আওকাণ কৰি ফেব্ৰুৱাৰীৰ পৰা আকৌ প্ৰতি ইউনিটত ২০ পইচা বৃদ্ধি কৰাটো কাৰ্যতঃ ৰাইজক লুন্ঠন কৰাহে হৈছে। বিবৃতিটোত আৰু কোৱা হয় যে, অন্যান্য বহু ৰাজ্যত যেতিয়া দুশ ইউনিট পৰ্যন্ত বিদ্যুৎ বিনামূলীয়াকৈ দিবলৈ সক্ষম হৈছে তেতিয়া অসমত সঘনাই মাছুল বৃদ্ধি কৰি, এনেকি এফ পি পি পি এ  প্ৰৱৰ্তিত নথকা সময়তো বৰ্দ্ধিত মাছুল আদায় কৰি বিদ্যুৎ বিভাগৰ ব্যৰ্থতাৰ দায় সাধাৰণ ৰাইজৰ ওপৰত জাপি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে চৰকাৰ। এছচিয়েছনে চৰকাৰৰ বিদ্যুৎ মাছুল বৃদ্ধি কৰাৰ এই অন্যায় সিদ্ধান্ত বাতিল কৰাৰ দাবী জনোৱাৰ লগতে ৰাইজক ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ আহ্বান জনায়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More