বিধায়ক মেৱানীক মুক্তিৰ দাৱীত তেজপুৰত কংগ্ৰেছৰ ধৰ্ণা

0 11

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৮ এপ্ৰিলঃ গুজৰাটৰ এগৰাকী বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত আজি অসম প্ৰদেশ কংগ্ৰেছে ৰাজ্যজুৰি ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচী তেজপুৰতো পালন কৰা হয়। আজি দিনৰ প্ৰায় ১২-৩০বজাত তেজপুৰস্থিত শোণিতপুৰ জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সামাজিক মাধ্যমত কৰা মন্তব্যৰ বাবে ৰাজ্যৰ বৰপেটা আদালতৰ নিৰ্দেশ মৰ্মে গুজৰাটৰ বিধায়কজনক গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে। জিগনেশ মেৱানীক মুক্তি দিয়ক, অসম চৰকাৰ হায় হায়, সংবিধান অৱমনা নকৰিব, মোদী চৰকাৰ হায় হায়, কংগ্ৰেছ জিন্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্লোগান দি আজি পৰিৱেশ উত্তাল কৰে শোণিতপুৰ জিলা কংগ্ৰেছৰ নেতা কৰ্মীসকলে । প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলে বেনাৰ ফেষ্টুন লৈ এই কাৰ্যসূচী ৰূপায়ণ কৰে। শোণিতপুৰ জিলা কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি তথা তেজপুৰৰ প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মাই নেতৃত্ব দিয়া প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক কাৰ্তিক কুৰ্মী, ৰাণা বৰা প্ৰমুখ্যে মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ বিষয়ববীয়া সহ ব্লক আৰু মণ্ডল সমিতিৰ বিষয়ববীয়া সকলেও ধৰ্ণা কাৰ্যসূচীত অংশ কৰে। জিলা কংগ্ৰেছৰ সভাপতি শৰ্মাই অভিযোগ কৰে যে- একেটা গোচৰতে জিগনেশ মেৱানীক কোকৰাঝাৰ আদালতৰ পৰা জামিন দিয়াৰ পাছত পুনৰ গ্ৰেপ্তাৰ কৰাটো চৰকাৰী আক্ৰোশৰ প্ৰমাণ। এনেদৰে সকলোৰে কন্ঠ ৰোধ কৰিব বিচৰা হৈছে বুলি অভিযোগ তুলি শৰ্মাই গুজৰাটৰ নিৰ্বাচনৰ বাবে মেৱানীক বন্দী কৰি নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰাই ৰাখিব বিচৰা হৈছে বুলিও দাবী কৰে। মেৱানীক বিজেপি নেতৃত্বাধীন চৰকাৰে জিৰ’ কৰিব বিচাৰি হিৰ’ সজাইছে বুলিও শৰ্মাই প্ৰতিবাদ স্থলীত মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More