বিপদ সীমাৰ ওপৰেৰে বৈছে বৰাকসহ উপনৈ সমুহ

বানৰ কৱলত ভাৰত বাংলাদেশ সীমান্তৰ সীমান্ত চকী

0 47
শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ ১৫ মে: ধাৰাষাৰ বৰষুণৰ ফলত বৰাকসহ তাৰ উপনৈ সমুহ ওফন্দি উঠাত উপত্যকাৰ তিনিও খন জিলাত ঠায়ে ঠায়ে প্লাৱিত হৈছে। বিশেষকৈ কাছাৰ জিলাৰ বহু অঞ্চল বানৰ কবলত পৰি ৰাইজৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলাখনৰ কাঠিগড়া বিধানসভা সমষ্টিৰ বিস্তৃৰণ এলেকাত বানপানীয়ে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। সমষ্টিটোৰ ভাৰত বাংলাদেশ সীমান্তৰ বিভিন্ন এলেকা পানীত বুৰ গৈছে। বানত বুৰ গৈছে সীমান্ত সুৰক্ষা বাহিনীৰ কেইবাখনো চকী।পীননগৰ,বাটাৰচক,মহাদেবপুৰ,সীমান্ত চকী সুৰমা নৈৰ বাঢ়নী পানীৰ কবলত পৰি বুৰ গৈছে। ফলত এই চকীসমুহ ওচৰৰ নিৰাপদ স্থান আৰু বিদ্যালয়লৈ স্থানান্তৰ কৰিছে সীমান্ত সুৰক্ষাৰ বাহিনীয়ে। লগতে কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ কুশিয়াৰা আৰু সুৰমা নৈৰ সীমান্তত সতৰ্কতা জাৰি কৰাৰ লগতে নৈশ পহৰা আৰু যন্ত্ৰ চালিত নাওৰে টহল আৰম্ভ কৰিছে। কৰিমগঞ্জ জিলাৰ কুশিয়াৰা নৈৰ পানী  বিপদ সীমাৰ ওপৰেৰে বোৱাৰ বাবে জবাইনপুৰ, ষ্টিমাৰঘাট, সীমান্ত চকী পানীয়ে বুৰাই পেলায়। ইতিমধ্যে চানছিকোনা আৰু জগন্নাথী সীমান্ত চকী দুটা স্থানান্তৰ কৰা হৈছে। বৰ্তমান সীমান্ত সুৰক্ষাৰ বাহিনীয়ে সমগ্ৰ সীমান্ত এলাকাত সতৰ্কতা জাৰি কৰাৰ লগতে নৈশ পহৰা কঠোৰ কৰি তুলিছে। নিশা ফ্লাড লাইট জ্বলাই পোহৰাই ৰাখিছে সীমান্ত এলেকা। যাতে সীমান্তৰ সীপাৰৰ পৰা বাংলাদেশী অনুপ্ৰবেশ ঘটিব নোৱাৰে, চোৰাং বেপাৰীয়ে ও সুযোগ গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ আছে বি এছ এফে জোৱানসকল।ইপিনে ডিমাহাচাও জিলা আৰু মেঘালয়ৰ বিভিন্ন স্থানত ভূমিস্খলন হৈ বৰাক উপত্যকাৰ সৈতে যোগাযোগ বন্ধ হৈ আছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More