বিপুল চেতিয়া ফুকনলৈ “তৰুণ চন্দ্ৰ বৰা স্মাৰক বঁটা”

তেজপুৰত প্ৰখ্যাত ঢোলৰ ওজা তৰুণ চন্দ্ৰ বৰাৰ সোঁৱৰণত "সংকল্প অসম" ৰ বিশেষ অনুষ্ঠান

0 21

শতাব্দ ষ্টাফৰিপৰ্টাৰ তেজপুৰ , ২২ এপ্ৰিল : লোক সংস্কৃতিৰ সেৱক বুলিলে আমি তৰুণ ওজাৰ দৰে অতি সৰল সহজ শিল্পীৰ কথাই কব লাগিব। প্ৰবল জাতীয়তবাদী এই গৰাকী লোক কৃষ্টিৰ সাধক অসমৰ প্ৰতিটো জাতীয় আন্দোলনৰ সৈতে নিজৰ ঢোলটো লৈয়েই অতি ঘনিষ্ঠ ভাবে জৰিত হৈ পৰিছিল। কৃষ্টি হৈছে মানুহ জীয়াই থকাৰ, জীৱন পদ্ধতিৰ এক গতি। আমাৰ সংস্কৃতিক, আমাৰ ঐতিহ্য আমি সংৰক্ষণ কৰিব লাগিব, সমৃদ্ধ কৰিব লাগিব বুলি আজি বিয়লি তেজপুৰত মন্তব্য কৰে প্ৰাক্তন শিক্ষামন্ত্ৰী তথা তেজপুৰৰ ত্ৰিমূৰ্তি উদ্যান সমিতিৰ সভাপতি বৃন্দাবন গোস্বামীয়ে। উল্লেখ্য যে তেজপুৰৰ লোকশিল্পী, ঢোলৰ ওজা তৰুণ বৰাৰ স্মৃতি যুগমীয়া কৰাৰ মানসেৰে তেজপুৰৰ স্বেচ্ছাসেৱী সংগঠন “সংকল্প অসম” এ প্ৰতিবছৰে সাত ব’হাগৰ ভিতৰত অসমৰ নিষ্ঠাবান লোকশিল্পীলৈ “তৰুণ চন্দ্ৰ বৰা স্মাৰক বঁটা প্ৰদান” ৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে লোকশিল্পী তথা বিহু সম্ৰাট বিপুল চেতিয়া ফুকনক প্ৰদানৰ ঠিৰাং কৰাৰ পিছত আজি সেই অনুষ্ঠান অনুষ্ঠিত হয়। তেজপুৰৰ ত্ৰিমূৰ্তি উদ্যানত আজি বিয়লিৰ পৰা “সংকল্প অসম” ৰ উদ্যোগত অনুষ্ঠিত” তৰুণ চন্দ্ৰ বৰা স্মাৰক বঁটা প্ৰদান অনুষ্ঠান”  বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি তেজপুৰৰ প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামীয়ে তৰুণ চন্দ্ৰ বৰাৰ জীৱন – কৃতী আলোকপাত কৰি বিপুল চেতিয়া ফুকনৰ দৰে এগৰাকী লোক শিল্পীক তৰুণ ওজাৰ স্মাৰক বঁটা প্ৰদানৰ জৰিয়তে তেখেতৰ স্মৃতি ৰক্ষাৰ লগতে বিপুল চেতিয়া ফুকনৰ দৰে শিল্পীক সন্মান জনাবলৈ গ্ৰহণ কৰা সংকল্প অসমৰ এনে প্ৰচেষ্টা সঁচাকৈয়ে অতি আদৰণীয় বুলি মন্তব্য কৰে। সংকল্প অসমৰ সম্পাদক জয় বৰাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে ৰূপকোঁৱৰ, কলাগুৰু আৰু নটসূৰ্য্যৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ত্ৰিমূৰ্তি উদ্যান সমিতিৰ সভাপতি বৃন্দাবন গোস্বামীয়ে। ইয়াৰ পিছতেই প্ৰখ্যাত ঢোলৰ ওজা, লোকশিল্পী তৰুণ চন্দ্ৰ বৰাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বাণ থিয়েটাৰৰ সভাপতি, বিশিষ্ট গীতিকাৰ – সুৰকাৰ বংকিম শৰ্মাই শুভাৰম্ভ কৰাৰ পিছত বৃন্দাবন গোস্বামী, চিত্ৰ – ভাস্কৰ্য্য শিল্পী মোহিনী হাজৰিকা, সংকল্প অসমৰ সভাপতি হিমাংশু ডেকা, বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, উত্তৰ অসম দিব্যাংগ সন্হাৰ প্ৰধান সম্পাদক মৃদুল কুমাৰ বৰা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা, সংগীত শিল্পী সীমান্ত কাকতি, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথ, সম্পাদক অৰূপ তালুকদাৰ আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সংকল্প অসমৰ সকলো বিষয়ববীয়া আৰু তেজপুৰৰ বিশিষ্ট ব্যক্তি সকলে অংশ গ্ৰহন কৰা অনুষ্ঠানটিত এই স্মাৰক বঁটা প্ৰদানৰ জুৰি সদস্য পংকজ বৰুৱা, পুলক কুমাৰ ডেকাৰ লগতে মহেন্দ্ৰ কুমাৰ নাথে তৰুণ চন্দ্ৰ বৰা আৰু বিপুল চেতিয়া ফুকনৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰি চমু ভাষণ দাঙি ধৰে।ইয়াৰ পিছতেই ঝংকাৰ দলৰ আকৰ্ষণীয় লোকবাদ্য পৰিবেশন, তৰুণ ওজা‌ দেৱৰ পুত্ৰ গোলাপ বৰাৰ দ্বাৰা ঢোল বাদন অদিতি দাস আৰু ইন্দিৰা দাস একক নৃত্য, দৃষ্টিনন্দন এক দলীয় নৃত্য আৰু জয় আই অসম দলৰ নৃত্য প্ৰদৰ্শনে উপস্থিতি ৰাইজক আকৃষ্ট কৰে। উল্লেখ্য যে বঁটা প্ৰাপক বিপুল চেতিয়া ফুকন কালি ধেমাজিত এক অনুষ্ঠান পৰিবেশন কৰিবলৈ যোৱাৰ পিছত এক কাৰণত অনুষ্ঠানটিত উপস্থিত থাকিব নোৱৰাত জুৰি সদস্য মহেন্দ্ৰ কুমাৰ নাথে তেওঁৰ বাবে প্ৰস্তুত কৰা প্ৰশস্তিখন পাঠ কৰাৰ পিছত সংকল্প অসমৰ বিষয়ববীয়াই এই বঁটা পৰৱৰ্তী সময়ত শিল্পী গৰাকীৰ হাতত অৰ্পণ কৰা হ’ব বুলি ঘোষণা কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More