বিমানকো চেৰ পেলাব চীনা ৰেলেঃ ঘণ্টাত হ’ব ৬০০ কিলোমিটাৰ গতি

0 30

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ মে’ : বিশ্বৰ সকলোতকৈ দ্রুতগামী ট্রেইন নিৰ্মাণত অগ্ৰসৰ হৈছে চীন। আগন্তুক দিনত এইখন হ’ব বিশ্বৰ দ্রুততম স্থলযান। প্রায় ৬০০ কিলোমিটাৰ গতিবেগত চলিব ট্ৰেইনখন। চলিব নহয়, দৌৰিব বুলি ক’লেও কমকৈহে কোৱা হ’ব। বেইজিঙৰ পৰা ছাংহাই পাবলৈ সময় লাগিব মাত্র ২ ঘণ্টা ৫ মিনিট। এই দুই এলেকাৰ দূৰত্ব ১ হাজাৰ কিলোমিটাৰ বা ৬২০ মাইলৰো বেছি। বিমানেৰে বেইজিঙৰ পৰা ছাংহাইলৈ যাবলৈ সময় লাগে ৩ ঘণ্টা। যাৰ অর্থ ট্রেইনখন বিমানৰ তুলনাত প্রায় ৫৫ মিনিট আগতেই গন্তব্যত পোৱাই দিব পাৰিব যাত্রীসকলক। চীনত বৰ্তমান যিবোৰ হাইস্পীড ট্রেইন চলে সেইবোৰেৰে ছাংহাইৰ পৰা বেইজিং যাবলৈ সময় লাগে চাৰে পাঁচ ঘণ্টামান। যাৰ অর্থ বিমানৰ সময়কো হাৰ মনাব চীনৰ নতুন ট্রেইনে। ট্রেইনখনত ইলেক্ট্র’ মেগনেটিক ফ’ৰ্চ ব্যৱহাৰ কৰা হ’ব। যাৰ অর্থ ট্রেইনৰ বডি আৰু ৰে’লৰ মাজত কোনো যোগাযোগ নোহোৱাকৈয়েই দ্রুতগতিত চলিব। চীনা ৰাষ্ট্রীয় মিডিয়াই এই খবৰ দিছে। দেশীয় প্রযুক্তি ব্যৱহাৰ কৰিয়েই এই ট্রেইনখন নিৰ্মাণ কৰা হৈছে। ট্রেইনখন নিৰ্মাণ কৰা হৈছে উপকূলীয় চহৰ কিংদাওত। এইখনে আগন্তুক দিনত বিশ্বৰ দ্রুততম স্থলযানৰ মর্যাদা পাব বুলিও দাবী কৰা হৈছে চীনা মিডিয়াৰ পক্ষৰ পৰা। ইলেক্ট্র’ মেগনেটিক ফ’ৰ্চৰ ব্যৱহাৰ চীনত কোনো নতুন ঘটনা নহয়। প্রায় দুবছৰ ধৰি এইজাতীয় প্রযুক্তিৰ ব্যৱহাৰ বহুবেছি ক্ষেত্রত কৰিছে চীনে। ছাংহাইৰ এটা বিমানবন্দৰৰ পৰা চহৰপর্যন্ত সৰু এটা মেগলেভ লাইনো আছে। চীনৰ প্রতিবেশী জাপানেও এই প্রযুক্তি ব্যৱহাৰ কৰে। কিন্তু চীনৰ দৰে ইমান বেছি পৰিমাণে নহয়। এইজাতীয় প্রযুক্তি ব্যৱহাৰৰ বাবে মেগলেভ নেটৱর্কৰ প্রয়োজন হয়। যাৰ ব্যায়ভাৰ বহু বেছি। সম্পূৰ্ণ নেটৱর্ক যদি তৈয়াৰ কৰা নহয় তেতিয়া বর্তমানৰ ট্রেক আৰু অবকাঠামোৰ লগত অসামঞ্জস্যতা দ্রুত উন্নয়নৰ পথত বাধা হৈ থিয় দিবও পাৰে। যদিও চীনত এইপর্যন্ত আন্তঃপ্রদেশীয় মেগলেভ লাইন। কিন্তু ছাংহাইৰ পৰা চেংড়ুপর্যন্ত বহুকেইখন চহৰত এই বিষয়ক জৰীপৰ কাম শেষ হৈছে। আৰম্ভ হৈছে গৱেষণা।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More