বিলাতী সুৰাৰ অবৈধ বেহাৰ বিৰুেদ্ধ ব্যৱস্থা গ্ৰহণৰ সকীয়নি আটাছুৰ

তিনিচুকীয়াত আবকাৰী বিভাগৰ ছত্ৰছায়াত সুৰাৰ অবাধ প্ৰচলন

0 21

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ জানুৱাৰী : তিনিচুকীয়া চহৰৰ লগতে ইয়াৰ আশেপাশে থকা বিভিন্ন হোটেল আৰু দোকানত একপ্ৰকাৰে মুকলিকৈ চলি থকা বিলাতী সুৰাৰ অবৈধ বেহাৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ তাই আহোম ছাত্র সন্থাৰ (আটাছু) তিনিচুকীয়া আঞ্চলিক সমিতি ৷ আজি এক বিবৃতিত আটাছুৰ তিনিচুকীয়া আঞ্চলিক সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক বিশ্বজিত গগৈয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে বিগত সময়ত এনে অবৈধ বিলাতী সুৰা বিক্ৰী কৰা দোকান আৰু হোটেলত তিনিচুকীয়াৰ আবকাৰী বিভাগে সঘনাই তালাচী চলাই দোষীৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে আবকাৰী পৰিদৰ্শকৰূপে তিনিচুকীয়াত জয়ন্ত ৰাজখোৱাই দায়িত্ব লোৱাৰ পাছৰ পৰা এই অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলোৱা পৰিলক্ষিত হোৱা নাই বুলি বিবৃতিটোত উল্লেখ। অভিযোগ অনুসৰি ইয়াৰ সমান্তৰালভাৱে গুইজান অঞ্চলৰ বিভিন্ন ঠাইতো অবৈধ বিলাতী সুৰাৰ ব্যৱসায়ে দোকানপোহাৰ ছানি ধৰিছে । পৰিতাপৰ বিষয় যে এই অঞ্চলত অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে আজিলৈকে কাৰ্য্যকৰী অভিযান চলোৱা হোৱা নাই বুলি ৰাইজৰ মাজত চৰ্চা হৈছে । আটাছুৰ তিনিচুকীয়া আঞ্চলিক সমিতিয়ে বিবৃতিটোত আৰু কয় যে ইতিমধ্যে বিভিন্ন মহলত প্ৰায়েই আলোচনা হৈ থকা পৰিলক্ষিত হৈছে যে তিনিচুকীয়াৰ আবকাৰী পৰিদৰ্শক জয়ন্ত ৰাজখোৱাৰ লগতে তেওঁৰ নেতৃত্বত থকা সহকাৰী পৰিদৰ্শকে ধৰি অন্যান্য বিষয়া, কৰ্মচাৰীৰ দলটোৱে বিভিন্ন অবৈধ বিলাতী সুৰা বিক্ৰী কৰা দোকানপোহাৰৰ পৰা মাহেকে এক বুজন পৰিমাণৰ ধন লৈ এই অবৈধ ব্যৱসায় চলাবলৈ ভিতৰুৱাকৈ অনুমতি দিছে । এই সন্দৰ্ভত ইতিমধ্যে সদৌ তাই আহোম ছাত্র সন্থাৰ তিনিচুকীয়া আঞ্চলিকৰ হাতত তথ্য আহি পৰা বুলি উল্লেখ কৰি আৰু অধিক তথ্য আহৰণ কৰিবলৈ চেষ্টা কৰি থকা হৈছে বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে । সম্পূৰ্ণ তথ্য লাভ কৰাৰ পাছত আটাছুৰ তিনিচুকীয়া আঞ্চলিক সমিতিয়ে এই তথ্য জিলা প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগৰ ওচৰত দাখিল কৰিব বুলি সদৰি কৰিছে । বিবৃতিটোত তিনিচুকীয়া জিলা প্ৰশাসনক এই সন্দৰ্ভত এক উচিত তদন্ত কৰি বিহিত ব্যৱস্থা লবলৈ দাবী জনোৱা হয় । ইয়াৰ অন্যথা ছাত্র আৰু যুৱ প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আবকাৰী বিষয়াসকলে সুৰক্ষা দি থকা এই অবৈধ ব্যৱসায়ীসকলৰ বিৰুদ্ধে তিনিচুকীয়া আঞ্চলিক তাই আহোম ছাত্র সন্থাই নিজাববীয়াকৈ পদক্ষেপ লবলৈ বাধ্য হ’ব বুলিও সকীয়াই দিয়া হৈছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More