বিশিষ্ট নাট্যশিল্পী, সত্ৰীয়া শিল্পী গুণাকৰ দেৱগোস্বামীলৈ হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা

বৰ্ণাঢ্য অনুষ্ঠানত বঁটা প্ৰদান কৰিব বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী ড° সূৰ্য্য হাজৰিকাই

0 16

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৩ ছেপ্টেম্বৰঃ নিজৰ বহুমুখী প্ৰতিভাৰে তেজপুৰ তথা ৰাজ্যবাসীৰে অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হোৱা তেজপুৰৰ লগতে জিলাখনৰ সাহিত্য-সংস্কৃতি জগতৰ সব্যসাচী ব্যক্তি হেমন্ত কুমাৰ বৰুৱাৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ তেজপুৰবাসীয়ে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। হেমন্ত কুমাৰ বৰুৱা প্ৰত্যক্ষ ভাবে জড়িত থকা তেজপুৰৰ অনুষ্ঠান সমূহৰ প্ৰতিনিধিৰে গঠিত “হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতি”য়ে গ্ৰহণ কৰা বৰ্ষজোৰা কাৰ্যসূচীৰ অংশ হিচাপে অহা ২৯ অক্টোবৰত হেমন্ত কুমাৰ বৰুৱাৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি আয়োজন কৰা এক বৰ্ণাঢ্য অনুষ্ঠানত প্ৰথমবাৰৰ কাৰণে “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা” প্ৰদান কৰা হ’ব ৰাজ্যখনৰ নাটশিল্প ক্ষেত্ৰখনৰ এগৰাকী চিন্তাশীল যোদ্ধা তথা খ্যাতিসম্পন্ন সত্ৰীয়া নৃত্য শিল্পী গুণাকৰ দেৱগোস্বামীক। উল্লেখ্য যে, “হেমন্ত কুমাৰ স্মৃতিৰক্ষা সমিতি”ৰ উদ্যোগত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি আনুষ্ঠানিক ভাবে এই বঁটা প্ৰদান কৰিব বিশিষ্ট সাহিত্যিক, চলচ্চিত্ৰ পৰিচালক পদ্মশ্ৰী ড° সূৰ্য্য হাজৰিকাই। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰয়াত হেমন্ত কুমাৰ বৰুৱাৰ শুভানুধ্যায়ী বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে স্মৃতিচাৰণ কৰিব লগা এই অনুষ্ঠানতে দ্বীজেন নাথ আৰু পংকজ বৰুৱা সম্পাদিত এখন বৃহৎ কলেবৰৰ সোঁৱৰণী গ্ৰন্থও উন্মোচিত হ’ব । সেয়েহে শিল্পী-সাহিত্যিক, শিক্ষাবিদগৰাকীৰ জীৱন আৰু কৰ্মৰ সামগ্ৰিকতাক স্পৰ্শ কৰিব পৰাকৈ প্ৰকাশ পাব লগা সোঁৱৰণী গ্ৰন্থখনৰ বাবে হেমন্ত কুমাৰ বৰুৱাৰ সৈতে একাত্মতা অনুভব কৰা সহৃদয় ব্যক্তি বিশেষক অহা ১ অক্টোবৰৰ ২০২২ তাৰিখৰ ভিতৰত লেখা তলৰ ঠিকনাত পঠিয়াবলৈ অনুৰোধ জনাই “হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতি”ৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা আৰু যুটীয়া সম্পাদক পল্লৱ ভট্টাচাৰ্য্য, ভূপেন বৰুৱাই অনুষ্ঠানটিত সহৃদয় ৰাইজৰ সকলো প্ৰকাৰৰ সহযোগিতা কামনা কৰিছে এক বিবৃতিৰ জৰিয়তে। উল্লেখ্য যে, ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ জ্যেষ্ঠ অধ্যাপক তথা বাণ থিয়েটাৰৰ প্ৰাক্তন সম্পাদক, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, জ্যোতি কলাকন্দ্ৰ সংগীত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, শোণিতপুৰ শিল্পী সমাজৰ প্ৰতিষ্ঠাপক সম্পাদক, দৰং মহাবিদ্যালয় এলুমনি সন্থাৰ সভাপতিকে ধৰি বহু সামাজিক-সংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠানৰ নেতৃত্ব বহন কৰি থকা অৱস্থাতে যোৱা বছৰ ২৯ অক্টোবৰ তাৰিখে ক’ভিড ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লৈছিল বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱাই। সোঁৱৰণী গ্ৰন্থৰ বাবে ৱাটচ এপ নম্বৰ – 9435563104 বা E mail ID হ’ল [email protected] ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More