বিশিষ্ট শিক্ষাবিদ অধ্যাপক কিশোৰী মোহন পাঠক আৰু সংস্কৃতিবিদ অধ্যাপক বীৰেন্দ্ৰনাথ দত্তলৈ বিশেষ সম্বৰ্ধনা

তেজপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগ

0 155

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৫ নৱেম্বৰ : তেজপুৰ বিশ্ববিদ্যালয়ে অসমৰ সাহিত্য-সংস্কৃতি-শৈক্ষিক জগতলৈ অসামান্য অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকললৈ তেওঁলোকৰ জীৱনজোৰা অৱদানৰ স্বীকৃতি স্বৰূপে সম্বৰ্ধনা জ্ঞাপনৰ এলানি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ যি কাৰ্যসূচীৰ অংশ হিচাপে বিগত সময়ছোৱাত জ্ঞানপীঠ প্ৰাপক বিশিষ্ট কবি নীলমণি ফুকন আৰু প্ৰথিতযশা চিন্তাবিদ অধ্যাপক নগেন শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সৃষ্টিৰাজিৰ সংৰক্ষণ, প্ৰচাৰ আৰু অনুবাদৰ হেতু কেইবাটাও প্ৰকল্প গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে৷ এই কাৰ্যসূচীৰ অংশ হিচাপে আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য আৰু পঞ্জীয়ক বীৰেন দাস সমন্বিতে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰে গঠিত এটা সঁজাতী দল অসমৰ বিশিষ্ট শিক্ষাবিদ, গৱেষক অধ্যাপক কিশোৰী মোহন পাঠক আৰু অধ্যাপক বীৰেন্দ্ৰনাথ দত্তৰ গুৱাহাটীস্থিত গৃহত উপস্থিত হয়৷ ‘‘তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য হিচাপে প্ৰতিষ্ঠা-পৰ্বৰ পৰা একনিষ্ঠ ত্যাগ আৰু বলিষ্ঠ নেতৃত্বৰে বিশ্ববিদ্যালয়খনক এক বিশ্বমানৰ অনুষ্ঠান হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আপুনি লোৱা ভূমিকা সৰ্বজনবিদিত৷ আপোনাৰ নেতৃত্বত স্থাপিত হোৱা আধাৰকে ভিত্তি কৰি বিশ্ববিদ্যালয়খনে সম্প্ৰতি বিশ্বৰ শৈক্ষিক মানচিত্ৰত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি অসমৰ বিজ্ঞান-চৰ্চাৰ ক্ষেত্ৰখনক আপুনি আপোনাৰ গৱেষণা আৰু প্ৰাতিষ্ঠানিক নেতৃত্বৰে সমৃদ্ধ কৰিছে৷ অসমৰ শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্ৰখনত আপুনি আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে আজি আপোনাক সম্বৰ্ধনা জনাবলৈ পাই তেজপুৰ বিশ্ববিদ্যালয় পৰিয়াল নিজেই বাধিত আৰু অনুগৃহীত হৈছে৷ ’’–বিশিষ্ট শিক্ষাবিদ অধ্যাপক কিশোৰী মোহন পাঠকৰ গুৱাহাটীস্থিত বাসগৃহত আয়োজিত বিশেষ সম্বৰ্ধনা অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই এই মন্তব্য কৰে৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক বীৰেন দাসে কিশোৰী মোহন পাঠকদেৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথমগৰাকী পি.এইচ.ডি হিচাপে ইতিহাস সৃষ্টি কৰাৰ পৰা লণ্ডনৰ ডাৰহাম বিশ্ববিদ্যালয়ত অধ্যাপনা আৰু গৱেষণা কৰা, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পৰা ‘অসম বিজ্ঞান সমিতি’ৰ দৰে অনুষ্ঠানৰ নেতৃত্ব বহন কৰাৰ বৰ্ণিল শৈক্ষিক -বৌদ্ধিক যাত্ৰা সন্দৰ্ভত মন্তব্য আগবঢ়াই তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰে৷ শিক্ষাবিদগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে এখন সম্বৰ্ধনা-পত্ৰ, এটি ৰূপৰ স্মাৰক আৰু কেইবাটাও উপহাৰেৰে বৰেণ্য সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ একেদৰে অসমৰ বিদ্যায়তিক আৰু সাংস্কৃতিক জগতলৈ বিশিষ্ট বৰঙনি আগবঢ়োৱা তেজপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগৰ প্ৰতিষ্ঠা-কালৰ অধ্যাপক, অসমৰ বৰেণ্য সংগীতজ্ঞ, প্ৰথিতযশা সংস্কৃতিবিদ বীৰেন্দ্ৰনাথ দত্তকো তেখেতৰ বাসগৃহত সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ উপাচাৰ্য অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই কেনেদৰে বীৰেন্দ্ৰ নাথ দত্তদেৱৰ নেতৃত্ব আৰু নিৰ্দেশনাত উত্তৰ-পূব ভাৰতৰ সংস্কৃতিৰ গৱেষণামূলক অধ্যয়নৰ এক বিশেষ যাত্ৰাৰ সূচনা হৈছিল তাৰ আলোকপাত কৰে৷ পঞ্জীয়ক বীৰেন দাসে বীৰেন্দ্ৰনাথ দত্তদেৱৰ শৈক্ষিক অৱদানৰ লগতে অসমৰ সংগীতৰ ইতিহাসক তেখেতে প্ৰদান কৰা সমৃদ্ধিৰ বিষয়ে আলোকপাত কৰি তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰে৷ তেখেতকো এখন সম্বৰ্ধনা-পত্ৰ, এটি ৰূপৰ স্মাৰক আৰু কেইবাটাও উপহাৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ এই সম্বৰ্ধনা কাৰ্যসূচীত তেজপুৰ বিশ্ববিদ্যালয় পৰিয়ালৰ হৈ উপাচাৰ্য আৰু পঞ্জীয়কৰ লগতে অধ্যাপক স্মৃতি কুমাৰ সিংহা, অধ্যাপক শংকৰ চন্দ্ৰ ডেকা, অধ্যাপক চন্দন গোস্বামী, সহকাৰী অধ্যাপক জ্যোতিষ্মান দাস অনুষ্ঠান দুটাত উপস্থিত থাকে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More