বিশিষ্ট সত্ৰীয়া নৃত্যৰ শিল্পী-অভিনেতা গুণাকৰ দেৱগোস্বামীক প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হ’ব “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা”

হেমন্ত কুমাৰ বৰুৱাৰ প্ৰথম মৃত্যু বাৰ্ষিকীঃ ২৯ অক্টোবৰত তেজপুৰৰ বাণ থিয়েটাৰত বৰ্ণাঢ্য কাৰ্যসূচী

0 21

উন্মোচন হ’ব বৃহৎ কলেবৰৰ সোঁৱৰণী গ্ৰন্থ – “সব্যসাচী”
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪ অক্টোবৰ :তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব, লেখক, অভিনেতা, সুবক্তা, অধ্যাপক হেমন্ত কুমাৰ বৰুৱাৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ অহা ২৯ অক্টোবৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰীয়া তথা জিলাখনৰ ৰাইজে স্মৰণ কৰিবলৈ সাজু হৈছে। উল্লেখ্য যে বিগত বৰ্ষৰ ২৯ অক্টোবৰৰ দিনটোত কৰনাত আক্ৰান্ত হৈ তেজপুৰ তথা ৰাজ্যখনৰ জনসাধাৰণক শোকাহত কৰি কায়িক ভাবে আঁতৰি যোৱা তেজপুৰৰ সমাজ – সাংস্কৃতিক আৰু ৰাজহুৱা জীৱনৰ জনপ্ৰিয় তথা বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱাক প্ৰতি বছৰেই স্মৰণ কৰিবৰ অৰ্থে গঢ়ি উঠা “হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতি” ৰ উদ্যোগত ২৯ অনুষ্ঠিত হ’ব দিনজোৰা কাৰ্যসূচী ।তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত পুৱা ১১ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আৰম্ভ হ’ব লগা এই অনুষ্ঠানতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা শোণিতপুৰৰ তদানীন্তন উপায়ুক্ত ললিত গগৈ মুখ্য অতিথি হিচাবে উপস্থিত থাকি ৰাজ্যখনৰ বিশিষ্ট সত্ৰীয়া নৃত্যৰ শিল্পী তথা দক্ষ অভিনেতা গুণাকৰ দেৱগোস্বামীক প্ৰথমবাৰৰ বাবে “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা” প্ৰদান কৰিব। আনহাতে হেমন্ত কুমাৰ বৰুৱা জড়িত হৈ থকা বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধি আৰু ৰাজ্যখনৰ একাংশ হেমন্ত কুমাৰ বৰুৱাৰ শুভাকাংক্ষীয়ে স্মৃতিচাৰণ কৰিব লগা এই অনুষ্ঠানতে দ্বীজেন নাথ আৰু পংকজ বৰুৱা সম্পাদিত প্ৰায় আঢ়ৈশ পৃষ্ঠাৰ হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী গ্ৰন্থ “সব্যসাচী” আনুষ্ঠানিক ভাবে উন্মোচন কৰিব শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে স্মৃতি ৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক সত্যদেৱ শৰ্মা আৰু যুটীয়া সম্পাদক পল্লৱ ভট্টাচাৰ্য্য আৰু ভূপেন বৰুৱাই। উল্লেখ্য যে, ইয়াৰ পূৰ্বে “হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতি” এ হেমন্ত কুমাৰ বৰুৱাৰ সোঁৱৰণত অসমত প্ৰথমবাৰৰ বাবে ১০ দিনীয়াকৈ “আঁতধৰা (এংকৰ)” কৰ্মশালাৰ আয়োজন কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More