“বিশেষ শিক্ষক” নিযুক্তি দিয়া নাই অসমৰ শিক্ষা বিভাগে

দিব্যাংগ শিশুৰ বাবে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ অমান্য

0 113

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ মেঃ ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ে দিব্যাংগ শিশু সকলৰ শৈক্ষিক অধিকাৰ সুনিশ্চিত কৰিবলৈ ২৮ অক্টোৱৰ’২০২১ তাৰিখে WP(c) – 132/2016 আৰু WP(c) 876/2017 নং আবেদনৰ শুনানিত এক নিৰ্দেশাৱলী জাৰি কৰিছিল।এই শুনানিত ন্যায়ালয়ে বিশেষভাৱে সক্ষম শিশু (Children with special needs – CWSN) বা দিব্যাংগ শিশুসকলক শিক্ষা প্ৰদানৰ বাবে প্ৰতিখন চৰকাৰী বিদ্যালয়ত RCI (Rehabilitation council of India) norms মতে দুজনকৈ বিশেষ শিক্ষক (Special Educator ) ৰ স্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ সমুহক নিৰ্দেশ দিয়ে।নিৰ্দেশাৱলী জাৰি কৰা তাৰিখৰ পৰা তিনি (৩) মাহৰ ভিতৰত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে নিযুক্তি সম্পৰ্কত গ্ৰহণ কৰা পদক্ষেপৰ ওপৰত “Affidavit” দাখিল কৰিবলৈও নিৰ্দেশ দিছিল  আদালতে।কিন্তু দুখৰ বিষয় যে চলিত বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত এই বিষয়ত অসম চৰকাৰৰ হৈ Disability commissioner-এ “শপতনামা” দাখিল নকৰিলে বুলি জানিব পৰা গৈছে। “বিশেষ শিক্ষক” নিযুক্তিৰ ক্ষেত্ৰত সম্প্ৰতি অসমৰ শিক্ষা বিভাগৰ তৰফৰ পৰা কোনো পদক্ষেপ লোৱা দেখা পোৱা নাই।
সমগ্ৰ ভাৰততে “National Education Policy – 2020” প্ৰৱৰ্তন কৰিবলৈ গৈ আছে।এই নীতিৰ আধাৰতে সাধাৰণ শিশুৰ লগতে “দিব্যাংগ” শিশু সকলৰ শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ইয়াৰ clause – 6 ত প্ৰতিখন চৰকাৰী বিদ্যালয়ত বিশেষ ভাবে প্ৰশিক্ষণ প্ৰাপ্ত ” বিশেষ শিক্ষক”(Special Educator) ৰ স্থায়ী নিযুক্তিৰ কথা কৈছে।অসমৰ ক্ষেত্ৰত দিব্যাংগ শিশুৰ শিক্ষাৰ বাবে কোনো বিশেষ শিক্ষকৰ স্থায়ী নিযুক্তিৰ ব্যৱস্থা লোৱা দেখা নাই।দুই এখন “বিশেষ বিদ্যালয়ত “ত বিশেষ শিক্ষক নিযুক্ত হৈছে যদিও  উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনা অনুযায়ী ৮:১ অনুপাতে ছাত্ৰ:শিক্ষকৰ নিযুক্তি হোৱা নাই। বিশেষ শিশুক শিক্ষা প্ৰদানৰ বাবে সৰ্বশিক্ষা মিছনেও খণ্ড পৰ্যায়ত দুজনকৈ “ঠিকাভিত্তিক” “সমল ব্যক্তি” নিয়োগ কৰি এপাচি শাকত এটা জালুক দিয়াৰ দৰে দায় সাৰিছে। এনেবোৰ কাৰণতে দিব্যাংগ শিশু সকল সম্পূৰ্ণ শিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে।
উল্লেখযোগ্য যে,মাননীয় উচ্চতম ন্যায়ালয়ে কোৱাৰ দৰে দিব্যাংগ শিশু সকলক শিক্ষা প্ৰদান কৰিব পৰা উপযুক্ত প্ৰশিক্ষণ প্ৰাপ্ত বা বিশেষ পাঠ্যক্ৰম(Special Education) গ্ৰহণ কৰা বহুতো প্ৰশিক্ষাৰ্থী আছে অসমত। বিশেষ শিক্ষাৰে শিক্ষিত প্ৰশিক্ষক সকলক ন্যায়ালয়ৰ নিৰ্দেশাৱলীৰ আলমত অসমৰ সকলো চৰকাৰী শিক্ষানুস্থানত “বিশেষ শিক্ষক” হিচাপে নিয়োগ কৰাটো অতি প্ৰয়োজনীয়। ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্য যেনে দিল্লী, হাৰিয়ানা, মণিপুৰ,উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, পশ্চিম বংগ আদিয়ে ন্যায়ালয়ৰ উক্ত আদেশৰ পালন কৰি বিশেষ শিক্ষক নিযুক্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু অসমৰ ক্ষেত্ৰত তেনে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More