বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত শ্ৰমিকক বিনামূলীয়া চিকিৎসা সেৱা

0 23
শতাব্দ প্ৰতিনিধি, বিশ্বনাথ ২৫ এপ্ৰিলঃ বিশ্বনাথৰ সাকোমঠা চাহ বাগিছাৰ প্ৰয়াত স্বত্বাধিকাৰ তথা অধ্যক্ষ নিৰ্মলা ৰাণীৰ সোঁ‌ৱৰণত  ২৩ এপ্ৰিলত  চাহ বাগিচাখনত  এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।এই স্বাস্থ্য শিবিৰৰ উদ্বোধক ৰূপে অংশ গ্ৰহণ কৰি অৱসৰী স্বাস্থ্য বিষয়া ডাঃ নাৰায়ন উপাধ্যায়ে বহুমুত্ৰ আৰু ৰক্তচাপ ৰোগ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে। জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ ৰঞ্জিত দাসে অংশ গ্ৰহণ কৰা এই বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি কৰাৰ পূৰ্বেই প্ৰয়াত স্বতাধিকাৰ নিৰ্মলা ৰাণীৰ প্ৰতিচ্ছৱিত পুষ্পাঞ্জলি  আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জনোৱা হয়। এই বিনামূলীয়া চিকিৎসা শিৱিৰত চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু বিশিষ্ট ব্যক্তিক একোখনকৈ বিহুৱানেৰে সম্বৰ্ধনা জনোৱা হয়। সাকোমঠা চাহ বাগিচাৰ মুখ্য পৰিচালক ৰবীন্দ্ৰ সিঙে উদ্দেশ্য বাখ্যা কৰি বাগিচাখনৰ প্ৰয়াত স্বতাধিকাৰ নিৰ্মলা ৰাণীৰ শ্ৰমিক দৰদী গুণৰ বিষয়ে আলোকপাত কৰে। তদুপৰি বাগিচাখনে প্ৰায় সহস্ৰাধিক ৰোগীৰ বিনামূলীয়া চকু চিকিৎসা কৰাৰ তথ্য দাঙি ধৰে।এই বিনামূলীয়া স্বাস্থ্য শিবিৰত চাহ বাগিচাখনৰ শতাধিক শ্ৰমিকক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে শ্ৰমিকসকলক বিনামূলীয়াকৈ ঔষধো যোগান ধৰা হয়। তপন দেৱে আঁ‌ত ধৰা স্বাস্থ্য শিবিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে চাহ বাগিচাখনৰ জেষ্ঠ পৰিচালক ৰবীন্দ্ৰ সিং, পৰিচালক হেমন্ত বৰুৱা, সহকাৰী পৰিচালক চম্পক শৰ্মা প্ৰীতম চৌধুৰী, চিকিৎসা বিষয়া মিনা বৰা, বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক বসন্ত বৰা, নিৰঞ্জন হাজৰিকা সহ চাহগিছাখনৰ বিভিন্ন বিষয়াৰ লগতে সাংবাদিক পুলক হাজৰিকা, জাগতাৰ সিঙ, আমিৰ খান আদি উপস্থিত থাকে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More