বিশ্বশ্ৰেষ্ঠ তথ্য প্ৰযুক্তিৰ চহৰৰ তালিকাত ভাৰতৰ ৬খন

0 34
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ আগষ্ট : এটা ব্যক্তিগত সংস্থাই তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত দেশ আৰু বিদেশৰ ১১৫খন শ্ৰেষ্ঠ চহৰৰ তালিকা প্ৰস্তুত কৰিছে। সেই তালিকাত ভাৰতৰ ৬খন চহৰে স্থান পাইছে। ভাৰতৰ চহৰসমূহৰ ভিতৰত বাংগালুৰু এক নম্বৰ স্থানত আছে। এই তালিকাত আছে চেন্নাই, হায়দৰাবাদ, দিল্লী, মুম্বাই আৰু পুনে। ‘কুছমেন এণ্ড ৱেকফিল্ড’ নামৰ কোম্পানীটোৱে কৰা সমীক্ষাত এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মুঠ ১৪খন চহৰ আছে। এই ১৪খন চহৰৰ ভিতৰত বেইজিং শীৰ্ষত আছে। বেইজিঙৰ পিছতে দ্বিতীয় স্থানত আছে বেংগালুৰু। পৰিসংখ্যা অনুসৰি ২০১৭ চনৰ পৰা ২০২১ চনৰ ভিতৰত বেংগালুৰুত লিজত লোৱা গড় স্থানৰ ৩৮ৰ পৰা ৪০ শতাংশই আই টি কোম্পানীয়ে লৈছিল। কেৱল চাকৰি নহয়, জীৱনৰ মান আৰু কৰ্ম পৰিৱেশৰ বিষয়েও এই সমীক্ষাত চোৱা হৈছে। বাংগালুৰুৰ পৰা বেছি দূৰত নহয় আন এখন ‘টেক-হাব’ হায়দৰাবাদ। নিজামৰ চহৰখনত ৪.৪ কোটি বৰ্গফুটতকৈও অধিক এলেকাত বিস্তৃত বিভিন্ন আই টি কোম্পানীৰ কাৰ্যালয় আছে। ইয়াৰ উপৰি মাইক্ৰ’ছফ্ট আৰু ফেচবুকৰ কাৰ্যালয় আছে। সমীক্ষা অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষত দেশত তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত প্ৰায় পাঁচ লাখ নতুন চাকৰিৰ সৃষ্টি হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More