বিশ্বৰ সৰ্ববৃহৎ বল পেনৰ গৰাকী আচাৰ্য মাকুনুৰীঃ গিনিজ বুকত লিখালে নাম

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ মে’ : হায়দৰাবাদ নিবাসী আচাৰ্য মাকুনুৰী শ্ৰীনিবাসে বিশ্বৰ সৰ্ববৃহৎ বল পেন নিৰ্মাণ কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছে। ২০১১ চনত নিৰ্মিত এই বিশাল কলমটোৰ ওজন ৩৭.২৩ কিলোগ্ৰাম আৰু ইয়াৰ দৈৰ্ঘ্য ৫.৫ মিটাৰ। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ৰিল অনুসৰি এই কলমটোৱে পূৰ্বৰ বিশ্ব অভিলেখ (১.৪৫ মিটাৰ) ভংগ কৰিছে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডে শ্বেয়াৰ কৰা ভিডিঅ’টোত শ্ৰীনিবাসৰ দলটোৱে এখন শ্বেতপত্ৰত ভাৰতীয় পৌৰাণিক কাহিনীৰ দৃশ্য খোদিত কৰা দেখা যায়। উক্ত ৰিল ৬৭,৫০০ ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে লাইক কৰাৰ বিপৰীতে ২৬৬ জন লোকে মন্তব্য কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে— ”এইটোৱেই বুজাব বিচাৰিছোঁ যেতিয়া মই কওঁ যে, কলমটো তৰোৱালতকৈ শক্তিশালী।”

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More