বিশ্ব গ্ৰন্থ দিৱস ( ২৩ এপ্ৰিল)

বিশ্ব গ্ৰন্থৰ ৰাজধানী হিচাপে ২০২২চনৰ বাবে মেস্কিকোৰ গোৱাদালাজাৰ

0 339

মুক্তাৰ আলী

আজি বিশ্ব গ্ৰন্থ দিৱস। বিশ্ব গ্ৰন্থ দিৱসৰ ধাৰণাটো পোনতে স্পেইন লেখক ভিচেন্ত ক্লাভেল আন্দ্ৰেছ’ৰ মনলৈ আহিছিল। ১৬১৬ চনৰ ২৩ এপ্ৰিলত মৃত্যু হৈছিল স্পেইনৰ এজন বিখ্যাত লেখক মিগেল দে থের্ভান্তেচ। আন্দ্রেছ আছিল তেওঁৰ অন্ধ ভক্ত। নিজৰ প্ৰিয় লেখকজনক স্মৰণীয় কৰি তুলিবলৈকে তেওঁ ১৯২৩,চনৰ ২৩ এপ্ৰিলৰ পৰা আৰম্ভ কৰিছিল বিশ্ব গ্ৰন্থ দিৱসৰ। ইয়াৰ পিছত প্ৰতিবছৰে ই এই দিৱসটো পালন কৰাৰ দাবী জনাই আহিলেও ইয়াক স্বীকৃতি দিয়া হয় ১৯৯৫ চনৰ ২৩ এপ্ৰিলৰ পৰাহে।

২৩ এপ্ৰিল,গ্ৰন্থৰ বাবে এটা বিশেষ দিন । গ্ৰন্থ অধ্যয়নৰ আগ্ৰহ কম বেছি পৰিমাণে সকলো লোকেৰে থাকে। পাঠকৰ বাবে কিতাপেই হ’ল আটাইতকৈ ভাল বন্ধু, কিতাপ শ্ৰেষ্ঠ পথ প্ৰদৰ্শক। অধ্যয়নৰ কোনো নিৰ্দিষ্ট মাপকাঠি নাথাকে। অধ্যয়ন আগ্ৰহী ব্যক্তিসকলৰ বাবেই লেখকসকল জীয়াই আছে আৰু সৃষ্টি হৈ আছে প্ৰতিনিয়ত ন ন গ্ৰন্থ। কোৱা হয় যে আমাৰ চুটি জীৱনটো পৃথিৱীত মাত্ৰ এদিনত প্ৰকাশ হোৱা গ্ৰন্থসমূহ পঢ়াৰ জোখাৰে পৰ্যাপ্ত নহয়। তেনে ক্ষেত্ৰত সমগ্ৰ জীৱনকালটোত প্ৰকাশ হোৱা সমুদায় গ্ৰন্থ পঢ়াৰ কথা চিন্তা কৰাটো বাতুলামিৰ বাহিৰে আন একোৱেই নহয়।

বিশ্ব গ্ৰন্থ দিৱস,(World Book Day) তথা গ্রন্থস্বত্ব সংৰক্ষণ দিৱস ( Copyright Day) দিনটোৰ মূল উদ্দেশ্য হ’ল, কিতাপ পঢ়া, কিতাপ ছপা কৰা আৰু কিতাপৰ গ্ৰন্থস্বত্বসমূহ সংৰক্ষণ কৰা আদি বিষয়সমূহৰ ওপৰত জনসচেতনতা বৃদ্ধি কৰা। তদুপৰি বিশ্ব গ্ৰন্থ দিৱস বিশ্ব সাহিত্যৰ এটা অতি গুৰুত্বপূৰ্ণ তথা সাংকেতিক দিন এইবাবেই যে এই বিশেষ দিনটোতেই বিশ্ব সাহিত্যৰ পুৰোধা ব্যক্তি ক্ৰমে মিগেল দে থের্ভান্তেচ (Miguel de Cervantes), উইলিয়াম চেক্সপিয়েৰ (William Shakespeare) আৰু ইনকা গাৰ্চিলাচো ডে লা ভেগা (Inca Garcilaso de la Vega) এই তিনিওজনৰে মৃত্যু হৈছিল। হয়তো সেইবাবেই এই সাহিত্যিকসকলৰ স্মৃতি যুগমীয়া কৰি তেওঁলোকক শ্ৰদ্ধা নিবেদন কৰিবলৈ এই ২৩ এপ্ৰিল তাৰিখটো ইউনেস্কোৰ দ্বাৰা বিবেচিত হৈছিল গ্ৰন্থ অধ্যয়নৰ বাবে।
ৰাষ্ট্ৰসংঘ তথা আন্তৰ্জাতিক সংস্থাসমূহৰ এই প্ৰচেষ্টাত সাঙুৰ খাই আছে গ্ৰন্থশিল্পৰ ক্ৰমে পুথিভঁৰাল, গ্ৰন্থ প্ৰকাশক আৰু গ্ৰন্থ বিক্ৰেতাসকল । ৰাষ্ট্ৰসংঘৰ ৱেবছাইটত নিৰ্ধাৰণ কৰা ২০২১ৰ বুকফ্ৰেচ চেলেঞ্জ আছিল — Share A Story ( গল্পটো ভাগ বতৰা কৰক )।যাৰ সাংকেতিক লক্ষ্য হ’ল -আন্তৰিকতাৰে কিতাপ পঢ়ি জীৱন পৰিৱৰ্তন কৰাৰ লগতে ভাগ বতৰা কৰি অধ্যয়নমুখিতা বিস্তাৰিত কৰা । বিশ্ব গ্ৰন্থ দিৱসৰ প্ৰাৰম্ভিক সময়ত গতানুগতিক চিন্তা ভাৱনাৰ গতিৰ বিপৰীতে নৱ্য চেতনাৰে গ্ৰন্থ অধ্যয়নৰ উৎসাহ বৃদ্ধি কৰা তথা গ্ৰন্থ অধ্যয়নৰ আনন্দ প্ৰদান কৰাৰ মহান উদ্দেশ্য আগত ৰখা হৈছিল। ২০২১ চনত ৰাষ্ট্ৰসংঘৰ দ্বাৰা জৰ্জীয়াৰ তিবিলিচি চহৰখনক বিশ্ব গ্ৰন্থৰ ৰাজধানী হিচাপে নিৰ্বাচিত কৰিছিল আৰু ২০২২চনৰ বাবে মেস্কিকানৰ গোৱাদালাজাৰ চহৰখনক নিৰ্বাচিত কৰা হৈছে। ১৯৯৫ চনৰ ২৩ এপ্ৰিল তাৰিখটোতে ৰাষ্ট্ৰসংঘই বিশ্ব গ্ৰন্থ তথা গ্ৰন্থস্বত্ব দিৱস হিচাপে পালনৰ সিদ্ধান্ত লৈছিল আৰু তেতিয়াৰপৰাই এই তাৰিখটোৱে সাহিত্যৰ ইতিহাসত বিশিষ্টতা অৰ্জন কৰি আহিছে। বিশ্ব গ্ৰন্থ আৰু গ্ৰন্থস্বত্ব দিৱসত বিশেষকৈ আমাৰ আশা আৰু সংকল্পৰ প্রতীক হিচাপে গ্ৰন্থক লালন তথা ৰক্ষা কৰিব লাগিব প্ৰত্যেকেই। আপুনি মই বা আমি সকলোৱে এনে এটা সুন্দৰ পদক্ষেপক সন্মান জনাব পাৰো, উদযাপন কৰিব পাৰো গ্ৰন্থ অধ্যয়নৰ যোগেদি নিজৰ ঘৰ বা প্ৰতিষ্ঠানৰ পৰাই।
২০২২ চনৰ বাবে, মেক্সিকান চহৰৰ গোৱাদালাজাৰা’ই বিশ্ব গ্ৰন্থৰ ৰাজধানীৰ দায়িত্ব গ্রহণ কৰিছে। গ্ৰন্থ অধ্যয়নৰ মাধ্যমেৰে বৰ্ষব্যাপী কাৰ্যক্ৰমেৰে সামাজিক পৰিৱর্তন, অহিংসাৰ প্ৰচেষ্টা তথা শান্তি সংহতি গঢ়ি তোলাৰ ক্ষেত্রত ভূমিকা লোৱাৰো সংকল্প লোৱা হৈছে।

বিশ্ব গ্ৰন্থ আৰু গ্ৰন্থস্বত্ব সংৰক্ষণ দিৱসৰ জৰিয়তে UNESCOএ ইয়াৰ অংশীদাৰসকললৈ আগবঢ়াই দিয়া এইবাৰৰ বাৰ্তাটো হ’ল–
” কিতাপ সমসাময়িক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা আৰু ৰাজনৈতিক, অৰ্থনৈতিক বিষয়ৰ বাস্তৱতা বুজা আৰু অসমতা বা ভুল তথ্যৰ বিৰুদ্ধে যুদ্ধ কৰাৰ এক শক্তি।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More