বিশ্ব মেধাস্বত্ব সম্পদ দিৱস ( ২৬ এপ্ৰিল)

0 19

মুক্তামণি ভূমিফুকন

বিশ্ব মেধাস্বত্ব সম্পদ দিৱস World Intellectual Property Day (আই পি) প্ৰতিবছৰে ২৬ এপ্ৰিল’ত বৌদ্ধিক সম্পদৰ মহত্ব আৰূ উদ্দেশ্যক জাগ্ৰত কৰিবৰ বাবে উদযাপন কৰা হয়। বিশ্ব মেধাস্বত্ব সম্পদ দিৱস নতুন উদ্ভাৱন আৰু সৃজনশীলতাক উৎসাহিত কৰাৰ বাবে তথা বৌদ্ধিক সম্পদৰ অধিকাৰী পেটেণ্ট,ট্ৰেডমাৰ্ট, ঔদ্যোগিক ডিজাইন, কপিৰাইট আদিৰ ভূমিকাৰ বিষয়ে সচেতনতাৰ বাবে উদযাপন কৰা হয়।

উদ্দেশ্য আৰু পটভূমি

World Intellectual Property day বিশ্ব মেধাস্বত্ব সম্পদ দিৱস উদযাপনৰ বাবে প্ৰথম চীনৰ উদ্যোগত প্ৰস্তাৱ লোৱা হৈছিল।এই লৈ বিশ্ব মেধাস্বত্ব সম্পদ দিৱস সংস্থা WIPO ২০০০ চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু বছৰৰ ২৬ এপ্ৰিলত ইয়াক উদযাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ২৬ এপ্ৰিলত উদযাপন কৰাৰ অন্যতম কাৰণ আছিল যে
এই দিনটোতে ১৯৭০ চনত বিশ্ব মেধাস্বত্ব দিৱস প্ৰতিষ্ঠা কৰাৰ বাবে সন্মিলনৰ কথা বিবেচনা কৰা হৈছিল।
মেধাস্বত্ব দিৱসৰ মূল উদ্দেশ্য আছিল পেন্টেট, ডিজাইন, কপিৰাইট আৰু ট্ৰেডমাৰ্কৰ দৈনন্দিন জীৱনত পৰা প্ৰভাৱৰ ওপৰত সজাগতা বৃদ্ধি কৰা। WIPO সংযুক্ত ইউ এন’ৰ পোন্ধৰটা বিশেষ এজেনন্সিৰ ভিতৰত অন্যতম এটা এজেন্সি।ভাৰতবৰ্ষৰো WIPOৰ সদস্য পদ আছে। WIPO স্থাপিত হৈছিল ১৯৬৭ চনৰ১৪ জুলাই’ত। ইয়াৰ মুখ্য কাৰ্যালয় জেনেভা আৰু চুইজাৰলেণ্ডত।১৯৭০ চনৰ ২৬ এপ্ৰিলত প্ৰথমখন সন্মিলন অনুষ্ঠিত হোৱাৰেপৰা প্ৰতিবছৰে ২৬ এপ্ৰিল’ত এই দিৱস অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। এই দিৱসে ভৱিষ্যত পৰিৱৰ্তনৰ সমৰ্থনত নতুন আৰু ভাল সমাধান বিচাৰি উলিওৱাত তৰুণসকলৰ বিশাল সম্ভাৱনাক স্বীকৃতি দিয়ে।

মেধাস্বত্ব সম্পদ (আই পি) অধিকাৰ হ’ল ব্যক্তিবিশেষৰ মনৰ সৃষ্টিৰ ওপৰত দিয়া অধিকাৰ। ই সাধাৰণতে এটি নির্দিষ্ট সময়ৰ বাবে সৃষ্টিকর্তাক তেওঁৰ সৃষ্টি ব্যবহাৰৰ ওপৰত একচেটীয়া অধিকাৰ প্ৰদান কৰে । মেধাস্বত্ব সম্পদৰ অধিকাৰ দুটা প্রধান ক্ষেত্রত বিভক্ত – কপিৰাইট আৰু শিল্প সম্পদ।

সমগ্ৰ বিশ্বত তৰুণসকলে তেওঁলোকৰ শক্তি আৰু মেধা,কৌতূহল আৰু সৃজনশীলতা ব্যৱহাৰ কৰি এটা উন্নত ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱাৰ বাবে উদ্ভাৱনৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বান নেউচি আগবাঢ়ি গৈছে। উদ্ভাৱনী, উদ্যমী আৰু সৃজনশীল মনে আমাক আৰু উন্নত ভবিষ্যতৰ দিশলৈ লৈ যোৱাৰ প্রয়োজনীয় পৰিৱর্তনবোৰ চলাবলৈ সহায় কৰিছে। প্ৰতিবছৰে বিশ্ব মেধাস্বত্ব দিৱস উদযাপিত হয় এটা বাৰ্তা বা থিমক লৈ। কিদৰে মেধাস্বত্ব অধিকাৰবোৰে তৰুণসকলৰ লক্ষ্যবোৰ সমৰ্থন কৰিব পাৰে, তেওঁলোকৰ ধাৰণাবোৰ বাস্তৱত ৰূপায়িত কৰিব পাৰে,নিয়োগ সৃষ্টি কৰিব পাৰে আৰু বিশ্বৰ চাৰিওফালে ইতিবাচক প্ৰভাৱ পেলাব পাৰে সেই লৈ এইটো তৰুণসকলৰ বাবে আগবঢ়াই দিয়া ই এটা সুযোগ মাত্ৰ।

বিশ্ব মেধাস্বত্ব দিৱস ২০২২ৰ বাৰ্তা বা থিম :

এইবছৰ বিশ্ব মেধাস্বত্ব দিৱসৰ থিম হ’ল — এটি উন্নত ভৱিষ্যতৰ বাবে উদ্ভাৱন”, যুৱ-নেতৃত্বাধীন উদ্ভাৱন আৰু সৃজনশীলতা উদযাপন ।

‘মেধাস্বত্ব”বা ‘কপিৰাইট’ কি?

বিভিন্ন ৰাষ্ট্ৰত মেধাস্বত্ব বা কপিৰাইট এটি আইনী অধিকাৰ।যাতে কোনো মৌলিক সৃষ্টিকৰ্ম মূল সৃষ্টিকৰ্তাৰ বাহিৰে আন কোনো পক্ষই সেই সৃষ্টিকৰ্ম ব্যৱহাৰ কৰিব পাৰিব বা নোৱাৰে অথবা কি কি চৰ্তত ব্যৱহাৰ কৰিব পাৰিব সেই বিষয়ে সিদ্ধান্ত দিয়াৰ ক্ষেত্ৰত মূল সৃষ্টিকৰ্তাক একক আৰু অনন্ত অধিকাৰ দিয়া হয়। মেধাস্বত্ব এটা সীমিত সময়ৰ বাবে প্ৰদান কৰা হয়। সেই সময়সীমা পাৰ হোৱাৰ পিছত সৃষ্টি কৰ্ম জনসম্পদলৈ (পাব্লিক ডমেইন) ৰূপান্তৰ হয়।
বৌদ্ধিক বা মেধাভিত্তিক সৃষ্টিকর্ম যদি কোনো গ্রন্থ হয়, তেন্তে সেই মেধাস্বত্বক বিশেষ এটি পৰিভাষাৰ “গ্রন্থস্বত্ব” দ্বাৰা নির্দেশ কৰা হয়। গ্রন্থৰ বাহিৰে অন্যান্য ৰচনাৰ ক্ষেত্ৰত সাধাৰণভাৱে “লেখস্বত্ব”, “ৰচনাস্বত্ব”, ইত্যাদি পৰিভাষাও প্রচলিত আছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More